ETV Bharat / state

ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব মহানগৰ আৰক্ষী

author img

By

Published : Jun 26, 2020, 5:44 PM IST

আইন অমান্যকাৰী জেললৈ যাব লাগিব বুলি জানিবলৈ দিয়ে আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই ৷

Lockdown will be very strict in Guwahati: DGP of Guwahati
পূৰ্বতকৈ অধিক কঠোৰ হ'ব লক ডাউন

গুৱাহাটী, 26 জুন : আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে গুৱাহাটীত মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাৰ বিশেষ সংবাদমেল ৷ সংবাদমেলত আৰক্ষীয়ে শেহতীয়াকৈ গ্ৰহণ কৰা কিছু পদক্ষেপৰ কথা উল্লেখ কৰে আৰক্ষী আয়ুক্ত গৰাকীয়ে ৷ লগতে নিচাযুক্ত দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে মহানগৰ আৰক্ষী পূৰ্বতকৈ অধিক কঠোৰ হোৱা বুলি প্ৰকাশ কৰে আৰক্ষী আয়ুক্ত গৰাকীয়ে ৷ ইয়াৰ ওপৰিও কেৱল চলিত মাহতে মহানগৰীৰ আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ আৰু আটক কৰা সৰৱৰাহকাৰীৰ বিষয়েও ভয়ংকৰ তথ্য দাঙি ধৰে আৰক্ষী আয়ুক্ত গৰাকীয়ে ৷

পূৰ্বতকৈ অধিক কঠোৰ হ'ব লক ডাউনঃ মহানগৰ আৰক্ষী আয়ুক্ত

উল্লেখ্য যে, কেৱল চলিত মাহতে মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 19 গৰাকী ড্ৰাগছ সৰবৰাহকাৰীক ৷ লগতে জব্দ কৰিছে প্ৰায় 21 লাখ টকাৰ 215 গ্ৰাম ব্ৰাউন চুগাৰ ৷ লগতে জব্দ কৰা হৈছে 8 লাখ টকা মূল্যৰ 4800 টা কোৰিয়ান চিৰাপ, নগদ 2 লাখ 76 হাজাৰ 220 টকা সহ 6 খন বাহন আৰু 176 টা নিচাযুক্ত টেবলেট ৷ আনহাতে গুৱাহাটীত দেওবাৰে নিশাৰ পৰা বলবৎ হ'বলগীয়া লক ডাউন সন্দৰ্ভতো মন্তব্য কৰে আৰক্ষী আয়ুক্তগৰাকীয়ে ৷ এই লক ডাউন পূৰ্বতকৈ অধিক কঠোৰ হ'ব বুলি উল্লেখ কৰি আইন অমান্যকাৰী জেললৈ যাব লাগিব বুলি জানিবলৈ দিয়ে আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই ৷

লগতে পঢ়কঃ গালৱান উপত্যকাত শ্বহীদ হোৱা সৈনিকলৈ কংগ্ৰেছৰ শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.