ETV Bharat / state

লক ডাউনে অশনি সংকেত আনিছে ৰাজ্যৰ থলুৱা বস্ত্ৰ ব্যৱসায়ীলৈ

author img

By

Published : Aug 14, 2020, 10:50 PM IST

Updated : Aug 15, 2020, 12:01 AM IST

লক ডাউনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ৰাজ্য়ৰ থলুৱা কাপোৰৰ ব্যৱসায়ী সকল ৷ থলুৱাভাবে উৎপাদিত কাপোৰৰে বিশ্বৰ বজাৰ দখল কৰিবলৈ সক্ষম হোৱা এই সকল ব্যৱসায়ী বৰ্তমান তীব্ৰ আৰ্থিক সংকটত ভুগিব লগা হৈছে ৷

Lockdown, Assam hit fashion retailer
লক ডাউনৰ বাবে অশনি সংকেত ৰাজ্যৰ থলুৱা বস্ত্ৰ ব্যৱসায়ীলৈ

গুৱাহাটী, 14 আগষ্ট : মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে মাৰ্চৰ পৰা সমগ্ৰ দেশত লক ডাউন ঘোষণা কৰা হৈছিল ৷ লক ডাউনৰ বাবে ৰাজ্য়ৰ ব্যৱসায়ী সকলে তীব্ৰ আৰ্থিক সংকটত ভুগিব লগা হৈছে ৷

লক ডাউনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ৰাজ্য়ৰ থলুৱা কাপোৰৰ ব্যৱসায়ী সকল ৷ থলুৱাভাবে উৎপাদিত কাপোৰৰে বিশ্বৰ বজাৰ দখল কৰিবলৈ সক্ষম হোৱা এই সকল ব্যৱসায়ী বৰ্তমান তীব্ৰ আৰ্থিক সংকটত ভুগিব লগা হৈছে ৷

লক ডাউনৰ বাবে অশনি সংকেত ৰাজ্যৰ থলুৱা বস্ত্ৰ ব্যৱসায়ীলৈ

গুৱাহাটী মহানগৰীৰ যুতিমালা শইকীয়া নামৰ ফেশ্বন ডিজাইনাৰ গৰাকীয়ে দীৰ্ঘসময়ৰ পৰা চলাই আহিছে থলুৱা কাপোৰৰে উৎপাদিত এটা প্ৰতিষ্ঠান ৷ য'ত বহু কেইগৰাকী কৰ্মচাৰী নিয়োগ হৈ জীৱিকা নিৰ্বাহ কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু হঠাৎ অহা লক ডাউনৰ ফলত বৰ্তমান অশনি সংকেত নামি আহিছে প্ৰতিষ্ঠানটোলৈ ৷ আনকি, কৰ্মচাৰীক দৰমহা দিব নোৱাৰি প্ৰতিষ্ঠানটোৰ পৰা কৰ্মচাৰীক অব্যাহতি দিব লগা হোৱা বুলিও স্বত্বাধিকাৰী গৰাকীয়ে উল্লেখ কৰে ৷

বৰ্তমান লক ডাউন কিছু পৰিমানে শিথিল হৈছে যদিও প্ৰতিষ্ঠানত নাই গ্ৰাহকৰ ভিৰ ৷ প্ৰশাসনৰ নতুন নিয়ম অনুসৰি, সৌ আৰু বাওঁফালে দোকান খোলাৰ নিয়মৰ বাবেও অনাকাংক্ষিত বিপদৰ সন্মুখীন হ'ব লগা হৈছে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী গৰাকীয়ে ৷

লগতে পঢ়ক : ধুবুৰীত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং গৰু

Last Updated : Aug 15, 2020, 12:01 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.