ETV Bharat / state

কি হ'ব বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত? - কি হ'ব বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত?

12 তাৰিখৰ পৰা চলিব ব্যক্তিগত খণ্ডৰ স্কুল,কলেজ সমূহত অনুসন্ধান। অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ অনুমতি বিহীন হাই ছেকেণ্ডাৰী স্কুল সমূহক লগোৱা হ'ব নাকী। মহানগৰীত আৰু মহানগৰীৰ আশে পাশে থকা স্থানৰ স্কুল সমূহত অতিশীঘ্ৰেই চলিব অভিযান। প্ৰতিখন জিলাৰ হাই ছেকেণ্ডাৰী স্কুল সমূহত অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে চলাব অভিযান ।

ব্যক্তিগত খণ্ডৰ স্কুল,কলেজ সমূহত চলিব অভিযান
author img

By

Published : Sep 10, 2019, 11:45 PM IST

গুৱাহাটী,10 চেপ্তেম্বৰঃ 2012 চনৰ পৰা অসম উচ্চতৰ শিক্ষা পৰিষদত বিসংগতি পূৰ্ণ ভাৱে চলি আছিল বুলি স্বীকাৰ কৰিলে পৰিষদৰ অধ্যক্ষ দয়ানন্দ বৰগোঁহাইয়ে । প্ৰশ্ন কাকত ফাদিলৰ দৰে ঘটনা ঘটাৰ লগতে বিভিন্ন খেলি মেলি চলিছিল শিক্ষা বিভাগত । শিক্ষা বিভাগটোৱে বহু দিনৰ পৰা অসম উচ্চতৰ শিক্ষা পৰিষদৰ অনুমতি নোহোৱাকৈ ব্যক্তিগত খণ্ডই বহু হাই ছেকেণ্ডাৰী স্কুল খোলাৰ তথ্য আগতীয়াকৈ লাভ কৰিছিল । কিন্তু সংবাদ মাধ্যমে ব্যক্তিগত খণ্ডৰ সেই বিদ্যালয় সমূহৰ বাতৰি কৰাৰ পিছতে তৎপৰ হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ । 50বা তাতোকৈ অধিক বেচৰকাৰী খণ্ডই কোনোধৰণৰ অনুমতি গ্ৰহণ নকৰাকৈ খুলিছে উচ্চতৰ মাধ্যমিকৰ বিদ্যালয় । অনুমতি বিহীন শিক্ষা খণ্ডৰ ছাত্ৰ ছাত্ৰী সকলক ক'ত কেনেকৈ পঢ়াৰ ব্যৱস্থা কৰিব আৰু কেনেকৈ পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰিব এই সকলো ব্যৱস্থা গ্ৰহণ কৰিছে শিক্ষা বিভাগে । লগতে তেওঁ উল্লেখ কৰে চৰকাৰী শিক্ষা খণ্ডত বঢ়োৱা হ'ব ছাত্ৰ ছাত্ৰী সকলৰ বাবে আসন ।

কি হ'ব বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত?

Intro:কি হব বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত?
12 তাৰিখৰ পৰা চলিব ব্যক্তিগত খণ্ডৰ স্কুল, কলেজ সমূহত অনুসন্ধান।অসম উচ্চতৰ শিক্ষা পৰিষদৰ অনুমতি বিহীন হাই ছেকণ্ডাৰী স্কুল সমূহক লগোৱা হব নাকী।
মহানগৰীত আৰু মহানগৰীৰ আশে পাশে থকা স্থানৰ স্কুল সমূহত অতিশীঘ্ৰেই চলিব অভিযান। প্ৰতিখন জিলাৰ হাই ছেকণ্ডাৰী স্কুল সমূহত অসম উচ্চতৰ শিক্ষা পৰিষদে চলাব অভিযান।

Body:2012 চনৰ পৰা অসম উচ্চতৰ শিক্ষা পৰিষদত বিসংগতি পূৰ্ণ ভাবে চলি আছিল বুলি কলে চেয়াৰমেন দয়ানন্দ বৰগোঁহাইয়ে। প্ৰশ্ন কাকত ফাদিলৰ দৰে ঘটনা ঘটাৰ লগতে বিভিন্ন খেলি মেলি চলিছিল শিক্ষা বিভাগত।
শিক্ষা বিভাগটোৱে বহু দিনৰ পৰা অসম উচ্চতৰ শিক্ষা পৰিষদৰ অনুমতি নোহোৱাকৈ ব্যক্তিগত খণ্ডই হাই ছেকণ্ডাৰী স্কুল খোলাৰ বহু তথ্য আগতীয়াকৈ লাভ কৰিছিল । কিন্তু মিডিয়াই ব্যক্তিগত খণ্ডৰ সেই স্কুল সমূহৰ বাতৰিৰ কৰাৰ পিছতে তৎপৰ হৈছে অসম উচ্চতৰ শিক্ষা পৰিষদ। 50 বা তাতোকৈ অধিক বেচৰকাৰী খণ্ডই কোনোধৰণৰ অনুমতি গ্ৰহণ নকৰাকৈ খুলিছে শিক্ষা খণ্ড।
অনুমতি বিহীন শিক্ষা খণ্ডৰ ছাত্ৰ ছাত্ৰী সকলক কত কেনেকৈ পঢ়াৰ ব্যৱস্থা কৰিব আৰু কেনেকৈ পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰিব এই সকলো ব্যৱস্থা গ্ৰহণ কৰিছে শিক্ষা বিভাগে। লগতে তেওঁ উল্লেখ কৰে চৰকাৰী শিক্ষা খণ্ডত বঢ়োৱা হব ছাত্ৰ ছাত্ৰী সকলৰ বাবে আসন।

Conclusion:অসম উচ্চতৰ শিক্ষা পৰিষদৰ চেয়াৰমেন দয়ানন্দ বৰগোঁহাইৰ অনুৰোধ অভিভাৱক সকললৈ যিকোনো বেচৰকাৰী প্ৰতিষ্ঠানত নিজ সন্তানক পঢ়োৱাৰ পৰা বিৰত থাকক।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.