গুৱাহাটী,৯ ডিচেম্বৰঃ লোকসভা,ৰাজ্যসভা উভয়তে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছত ই নিশ্চিত ভাৱে আইনলৈ ৰূপান্তৰিত হ'ব। লগে লগে অসমীয়া জাতিৰ ভৱিষ্যতলৈ আহি পৰিব চৰম প্ৰত্যাহ্বান । এনে সময়ত কি কৰিব পাৰিব অসমীয়া জাতিয়ে ? এই জাতিধ্বংসী আইন ওফৰাই পেলাবলৈ আইনী ভাৱে কিবা পথ আছেনে ? পাৰিবনে এই নাগপাশৰ পৰা অসমীয়া জাতিয়ে মুক্তি লভিব ?
সংসদত আজি বিধেয়কখন উত্থাপন হোৱাৰ পিছতে ইটিভি ভাৰতৰ সাংবাদিকৰে হোৱা এক কথোপকথনত সমস্ত আইনী দিশৰ ব্যাখ্যা কৰিলে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই ।