ETV Bharat / state

Opposition unity:বামপন্থীৰ অভিৱৰ্তনত বিজেপিক পৰাভূত কৰিবলৈ সংকল্প

author img

By

Published : Jul 4, 2023, 6:08 PM IST

গুৱাহাটী জিলা পুথিভঁৰালত বামপন্থী দলৰ অভিৱৰ্তনত বিজেপিক পৰাস্ত কৰিবলৈ আহ্বান । শ্ৰমিকৰ অধিকাৰসমূহ নিশ্চিত কৰাৰ বাবে আহ্বান বামপন্থী দলৰ ।

CPI M Assam State Committee
বামপন্থী দলৰ অভিৱৰ্তন

বামপন্থী দলৰ অভিৱৰ্তন

গুৱাহাটী, ৪ জুলাই: সাম্প্ৰদায়িক আৰু গণতন্ত্ৰবিৰোধী বিজেপিক পৰাস্ত কৰাৰ লগতে ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু জনমুখী শাসন প্ৰতিষ্ঠা কৰাৰ বাবে বামপন্থী দলসমূহৰ যৌথ অভিৱৰ্তন । গুৱাহাটী জিলা পুথিভঁৰালত মঙলবাৰে ৫ টাকৈ বামপন্থী দলৰ অভিৱৰ্তন সম্পন্ন । যৌথ অভিৱৰ্তনত সাম্প্ৰদায়িক আৰু গণতন্ত্ৰ বিৰোধী বিজেপিক জনবিচ্ছিন্ন আৰু পৰাস্ত কৰিবলৈ বক্তাসকলে আহ্বান জনায় ।

চি পি আইৰ (এম) অসম ৰাজ্যিক কমিটীৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয়, "সমগ্ৰ দেশতে বিজেপিক পৰাস্ত কৰাটো হৈছে গণতান্ত্ৰিক শক্তিসমূহৰ মূল কৰ্তব্য । এই কাম কৰিবলৈ বামপন্থী সকলে বিজেপিৰ বিৰুদ্ধে আপোচহীন যুঁজ চলাই আছে । বামপন্থী সকল একত্ৰিত হৈ কামত নমা উচিত । জনসাধাৰণৰ জলন্ত সমস্যা আগত ৰাখি ৫ টা দলে অভিৱৰ্তন অনুষ্ঠিত কৰিছোঁ। এই অভিৱৰ্তনত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিছে ।" বিজেপিক আদৰ্শগতভাৱে, ৰাজনৈতিকভাৱে আৰু সাংস্কৃতিকভাৱে প্ৰত্যাহবান জনাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা বুলি তেওঁ কয় । অসমত বিজেপি বিৰোধী যি ঐক্য গঢ় লৈ উঠিছে । এই ১১ টা দলৰ সৈতে আমাৰ দলটো সংযুক্ত হৈছে । আগন্তুক দিনত যাতে বামপন্থী সকল ঐক্যবদ্ধ হৈ ৰাজপথত নামিব পাৰে তাৰ বাবে এই অভিবৰ্তনখন আয়োজন কৰা হৈছে বুলি তেওঁ কয় ।

উল্লেখ্য যে এই অভিৱৰ্তনখন চি পি আই (এম),চি পি আই,চি পি আই (এম এল),আৰ চি পি আই, ফৰৱাৰ্ড ব্লক বামপন্থী দলকেইটাই যৌথভাৱে আয়োজন কৰে । এই অভিৱৰ্তনত সাম্প্ৰদায়িক আৰু গণতন্ত্ৰ বিৰোধী বিজেপিক জনবিচ্ছিন্ন আৰু পৰাস্ত কৰা,ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক আৰু জনমুখী শাসন প্ৰতিষ্ঠা কৰা,খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্য় বৃদ্ধি ৰোধ আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থা শক্তিশালী কৰাৰ দাবী উত্থাপন কৰে । তদুপৰি প্ৰতিটো দুখীয়া পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰা , ৰাজ্যত মাটিৰ জৰীপ আৰু ভূমিহীন পৰিয়ালক ভূমিৰ আবণ্টন দিয়া,দীৰ্ঘদিন ভোগ দখল কৰা পৰিয়ালক মাটিৰ পট্টা দান,বিকল্প সংস্থাপন অবিহনে সকলো প্ৰকাৰৰ উচ্ছেদ বন্ধ কৰা,কৃষক উৎপাদিত ফুলৰ নূন্যতম সহায়ক মূল্য নিশ্চিত কৰা,চৰকাৰী উদ্যোগত ধান,মৰাপাট আদি কৃষকৰ উৎপাদিত সামগ্ৰী সংগ্ৰহ কৰা, নিবনুৱা সমস্যা সমাধান,ৰাজহুৱা শিক্ষা ব্যৱস্থা শক্তিশালী কৰা,বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গ্ৰহণ কৰা ,শ্ৰমিকৰ অধিকাৰসমূহ নিশ্চিত কৰা,নাৰীৰ বিৰুদ্ধে হিংসা বন্ধ কৰা আৰু নাৰী সুৰক্ষাৰ বাবে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা,২০০১ চনৰ লোক গণনাৰ ভিত্তিত সমষ্টি পুণৰ নিৰ্ধাৰণৰ সিদ্ধান্ত বাতিল কৰাৰ বাবে দাবী জনায় ।

লগতে পঢ়ক:High price hike of vegetables:মৰাণতো পাচলিৰ বজাৰত লাগিছে জুই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.