ETV Bharat / state

ৰূপজ্যোতি কুৰ্মীৰ পদত্যাগ: কাৰ কি প্ৰতিক্ৰিয়া - MLA Rupjyoti Kurmi's Resignation

বিধানসভা সচিবালয়ত উপস্থিত হৈ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত বিধায়কৰ পদত্যাগ পত্ৰ দাখিল কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে ৷ সংবাদ মাধ্যমৰ আগত বৰ্তমানৰ কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে তীৰ্যক মন্তব্যৰে আক্ৰমনাত্মক হৈ পৰে ৰূপজ্যোতি কুৰ্মী ৷

leaders-reaction-on-mla-rupjyoti-kurmis-resignation
ৰূপজ্যোতি কুৰ্মীৰ পদত্যাগ: কাৰ কি প্ৰতিক্ৰিয়া
author img

By

Published : Jun 18, 2021, 11:01 PM IST

গুৱাহাটী,18 জুন: অৱধাৰিত ভাৱে চাৰিবাৰকৈ মৰিয়নি সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ৰূপজ্যোতি কুৰ্মীৰ কংগ্ৰেছ দল ত্যাগৰ পাছতে ৰাজনৈতিক মহলত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ শুকুৰবাৰে বিধানসভা সচিবালয়ত উপস্থিত হৈ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত বিধায়কৰ পদত্যাগ পত্ৰ দাখিল কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷ তেওঁক সংগ দিয়ে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱাই৷ বিধায়ক পদ ত্যাগ কৰাৰ লগতে একে সময়তে কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও দিলে ইস্তাফা দিয়ে ৰূপজ্যোতিয়ে ৷ অধ্যক্ষৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰি উঠি সংবাদ মাধ্যমৰ আগত বৰ্তমানৰ কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে তীৰ্যক মন্তব্যৰে আক্ৰমনাত্মক হৈ পৰে ৰূপজ্যোতি কুৰ্মী ৷

ৰূপজ্যোতি কুৰ্মীৰ পদত্যাগ: কাৰ কি প্ৰতিক্ৰিয়া

আনহাতে নেতা গৰাকীয়ে কংগ্ৰেছ দল ত্যাগ কৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা, প্ৰাক্তন মন্ত্ৰী তথা নাওবৈচাৰ বৰ্তমানৰ বিধায়ক ভৰত নৰহ, সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকা,বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া আৰু সাংসদ গৌৰৱ গগৈয়ে ৷ ভৰত নৰহে ৰূপজ্যোতি কুৰ্মীৰ দৰে এজন বিধায়কে কংগ্ৰেছ দল ত্যাগ কৰাটো কংগ্ৰেছৰ বাবে ডাঙৰ ক্ষতি বুলি মন্তব্য কৰাৰ লগতে ৰূপজ্যোতি কুৰ্মী যিটো ৰাজনৈতিক দলত থাকিব, তেওঁ সেইটো ৰাজনৈতিক দলৰ বাবে সম্পদ বুলি মন্তব্য কৰিছে পীযুষ হাজৰিকাই ৷ আনহাতে বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই কংগ্ৰেছ দলে এগৰাকী ভাল কৰ্মী হেৰুৱালে বুলি মন্তব্য কৰাৰ বিপৰীতে গৌৰৱ গগৈয়ে তীব্ৰ সমালোচনা কৰে ৰূপজ্যোতি কুৰ্মীক ৷ উল্লেখ্য যে, শনিবাৰে লখিমপুৰত বিজেপিত আনুষ্ঠানিক ভাৱে যোগদান কৰিব ৰূপজ্যোতি কুৰ্মীয়ে ৷

লগতে পঢ়কঃ ৰূপজ্যোতিৰ পিছে পিছে বিজেপিমুখী দুই কংগ্ৰেছ বিধায়ক !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.