ETV Bharat / state

Jun Jonali Barua demised: ৰাজীৱ ভৱনত প্ৰাক্তন বিধায়িকা জোন জোনালী বৰুৱাক শেষ শ্ৰদ্ধাঞ্জলি

author img

By

Published : May 30, 2023, 4:05 PM IST

মঙলবাৰে পুৱা চিকিৎসাধীন অৱস্থাতে ইহ সংসাৰ ত্যাগ কৰে মৰিগাঁও সমষ্টিক তিনিবাৰকৈ প্ৰতিনিধিত্ব কৰা প্ৰাক্তন বিধায়িকা জোন জোনালী বৰুৱাই ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন বিধায়িকাগৰাকী ৷ তেওঁৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মী সকলে (Last tribute to Ex MLA Jun Jonali Barua) ৷

Rajiv Bhawan in Guwahati
Last tribute to Ex MLA Jun Jonali Barua

ৰাজীৱ ভৱনত প্ৰাক্তন বিধায়িকা জোন জোনালী বৰুৱাক শেষ শ্ৰদ্ধাঞ্জলি

গুৱাহাটী, ৩০ মে’ : ৰাজীৱ ভৱনত শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হ’ল প্ৰাক্তন বিধায়িকা জোন জোনালী বৰুৱাক । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা পোনে পোনে ৰাজীৱ ভৱনলৈ লৈ অহা হয় প্ৰাক্তন কংগ্ৰেছ বিধায়িকাগৰাকীৰ নশ্বৰ দেহ । ৰাজীৱ ভৱনত কংগ্ৰেছৰ বহুকেইগৰাকী নেতা-কৰ্মীয়ে শেষ শ্ৰদ্ধাঞ্জলি জনায় মঙলবাৰে পুৱা ইহ সংসাৰ ত্যাগ কৰা প্ৰাক্তন বিধায়িকাগৰাকীক (Ex MLA Jun Jonali Barua death) ।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, সাংসদ আব্দুল খালেক, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, বিধায়িকা নন্দিতা দাসকে বহু সংখ্যক কংগ্ৰেছৰ নেতা-কৰ্মী । বিৰোধী দলপতি দেবব্ৰত শইকীয়াই তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনায় কয়, ‘‘আমি এগৰাকী নিষ্ঠাৱান কৰ্মী হেৰুৱালোঁ । প্ৰত্যাহ্বানৰ সময়ত আগফালৰ পৰা নেতৃত্ব দিব পাৰিছিল তেওঁ । তেওঁৰ দলৰ প্ৰতি থকা অৱদানক সকলোৱে মনত ৰাখিব ।’’ (Last tribute to Ex MLA Jun Jonali Barua) ৷

লগতে পঢ়ক: Morigaon Ex MLA passes away: মৰিগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাৰ দেহাৱসান

উল্লেখ্য যে, কংগ্ৰেছ দলৰ প্ৰতিনিধি হিচাপে মৰিগাঁও সমষ্টিৰ পৰা তিনিবাৰকৈ বিধায়িকা নিৰ্বাচিত হৈছিল জোন জোনালী বৰুৱা । জি এম চি এইছত চিকিৎসাধীন অৱস্থাতে মঙলবাৰে পুৱা ৮ বজাত ৬৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে জোন জোনালী বৰুৱাই । বিগত ২ টা বছৰ ধৰি ব্ৰেইন ষ্ট্ৰক’ৰ লগতে হৃদৰোগত ভুগি আছিল প্ৰাক্তন বিধায়িকাগৰাকী (Ex MLA Jun Jonali Barua death news) ।

যোৱা ২ টা বছৰে তেওঁক ঘৰতে চিকিৎসা সেৱা আগবঢ়াই থকা হৈছিল যদিও স্বাস্থ্যৰ অৱস্থা যটিল হৈ পৰাত চলিত মাহৰ ২ তাৰিখে জি এম চি এইছত ভৰ্তি কৰোৱা হৈছিল জোন জোনালী বৰুৱাক ।

তেওঁ মৰিগাঁও জিলা কংগ্ৰেছ কমিটীক সুদীৰ্ঘ সময় নেতৃত্ব প্ৰদান কৰাৰ উপৰিও মৰিগাঁও সমষ্টিৰ পৰা তিনিটা কাৰ্যকালৰ বাবে বিধায়িকা হিচাবে নিৰ্বাচিত হৈছিল ৷ কৰ্মময় জীৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভানেত্রী আৰু মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ সভানেত্রীৰ দৰে গুৰু দায়িত্বও পালন কৰিছিল জোনজোনালী বৰুৱাই (Morigaon ex MLA death)।

লগতে পঢ়ক: Infighting in Rajasthan Congress : গেহলট আৰু পাইলটক সাক্ষাৎ শীৰ্ষ নেতৃত্বৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.