ETV Bharat / state

Ganesha Chaturthi 2023: গণেশ চতুৰ্থীলৈ দুই লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ ৰাজ্যৰ বৃহত্তম গণেশৰ মূৰ্তি - সমাগত গণেশ চতুৰ্থী

এইবাৰ গণেশ চতুৰ্থীত গুৱাহাটীত দেখিবলৈ পোৱা যাব ৰাজ্যৰে বৃহত্তম গণেশৰ মূৰ্তি ৷ প্ৰায় দুই লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই মূৰ্তিটো ৷ এই ভগৱানৰ প্ৰসাদ হিচাপে আগবঢ়োৱা হ’ব ২০ কিলগ্ৰামৰ এটা বৃহৎ লাডু ৷

Ganesha Chaturthi 2023
সমাগত গণেশ চতুৰ্থী
author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 1:30 PM IST

Updated : Sep 12, 2023, 2:54 PM IST

সমাগত গণেশ চতুৰ্থী

গুৱাহাটী, ১২ ছেপ্টেম্বৰ : সমাগত গণেশ চতুৰ্থী । এইবাৰ গণেশ চতুৰ্থীত প্ৰথমবাৰৰ বাবে গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা যাব গণেশ দেৱতাৰ এটা বৃহৎ মৃন্ময় মূৰ্তি । সম্ভৱতঃ এইটোৱেই হ’ব ৰাজ্যৰ প্ৰথমটো বৃহৎ গণেশ দেৱতাৰ অস্থায়ী মূৰ্তি । গণেশ চতুৰ্থী উপলক্ষে মহানগৰীৰ ফটাশিলত বিগত ডেৰমাহে নিৰ্মাণ কৰি থকা হৈছে এই মূৰ্তিটো ।

প্ৰায় দুই লাখ টকা ব্যয় সাপেক্ষে ৩০ ফুট উচ্চতাৰ আৰু ১৮ ফুট বহল গণেশৰ মূৰ্তিটোৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । বিগত ডেৰ মাহ ধৰি কলকাতাৰ ৯ গৰাকী মৃৎশিল্পীয়ে নিৰ্মাণ কৰি আছে মূৰ্তিটো । বাঁহ, খেৰ, মাটিৰে নিৰ্মাণ কৰা গণেশ দেৱতাৰ মূৰ্তিটোত সম্প্ৰতি অন্তিম পৰশ দিয়াত ব্যস্ত হৈ আছে মৃৎশিল্পীসকল ।

গুৱাহাটী মহানগৰীৰ ফটাশিলৰ বি আৰ আম্বেদকাৰ যুৱ ক্লাবৰ উদ্যোগত জি এম চি নিউ কলনি ড৹ বি আৰ আম্বেদকাৰ পথত বিগত বছৰবোৰ দৰে এইবাৰো গণেশ চতুৰ্থীৰ আয়োজন কৰা হৈছে । আগন্তুক ১৯ৰ পৰা ২৭ ছেপ্টেম্বৰলৈ মুঠ ৯ দিনীয়া কাৰ্যসূচীৰে ফটাশিলত ৩৭ সংখ্যক গণেশ চতুৰ্থীৰ আয়োজন কৰা হৈছে ।

গণেশ চতুৰ্থী উপলক্ষে ইয়াত নিৰ্মাণ কৰা হৈছে উত্তৰ পূবৰ ভিতৰতে বৃহৎ গণেশ দেৱতাৰ মূৰ্তিটো । ১০ লাখ টকা বাজেটেৰে এই গণেশ চতুৰ্থীত দৈনিক নাম কীৰ্তন, সাংস্কৃতিক অনুষ্ঠান, প্ৰসাদ বিতৰণৰ লগতে অন্যান্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ।

বি আৰ আম্বেদকাৰ যুৱ ক্লাৱে পূৰ্বে ৫ৰ পৰা ৭ দিনীয়া কাৰ্যসূচীৰে গণেশ চতুৰ্থী আয়োজন কৰি আহিছে । এইবাৰ প্ৰথমবাৰৰ বাবে ৯ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা গণেশ চতুৰ্থী উপলক্ষে নিৰ্মাণ কৰা হৈছে এই বৃহৎ আকৃতিৰ গণেশ মূৰ্তিটো ।

অকল গণেশ মূৰ্তিটোৱেই নহয়, এইবাৰ গণেশ চতুৰ্থীত ২০ কিলোগ্ৰাম ওজনৰ এটা লাড়ু প্ৰসাদ হিচাপে আগবঢ়োৱা হ’ব । গণেশ চতুৰ্থীৰ অন্তিম দিনটোত লাড়ুটো নিলাম কৰা হ’ব । বি আৰ আম্বেদকাৰ যুৱ ক্লাৱে ইতিপূৰ্বে ২০১৪ চনটো গণেশ চতুৰ্থীত ২৫ ফুট উচ্চতাৰ এটা গণেশ মূৰ্তি নিৰ্মাণ কৰাইছিল ।

লগতে পঢ়ক : Kim Jong Un leaves for Russia: ৰাছিয়ালৈ ৰে’লেৰে ৰাওনা কিম জং উন

Last Updated : Sep 12, 2023, 2:54 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.