গুৱাহাটী,30 অক্টোবৰ : বৃহস্পতিবাৰে নিশা গুৱাহাটী মহানগৰীৰ লালগণেশত সংঘটিত হৈছে এক কৰুণ মৃত্যু ৷ এটা নির্মীয়মান অট্টালিকাৰ পৰা পৰি মৃত্যু হয় এজন শ্ৰমিক ৷ পঞ্চম মহলাত লিফটৰ কাম কৰি আছিল বিহাৰৰ চাহিল আলী নামৰ শ্ৰমিকজনে ৷ নিৰ্মীয়মান এই অট্টালিকাটোৰ গৰাকী প্ৰসেনজিৎ চক্ৰৱর্তী বুলি জানিব পৰা গৈছে ৷
ঘটনাস্থলীত ওদালবাক্ৰা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে । লগতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছে ।
ইফালে অট্টালিকাটো চোৱা-চিতাৰ দায়িত্বত থকা লাকি, নন্দুসহ অট্টালিকাৰ গৰাকী প্ৰসেনজিতক ওদালবাক্ৰা আৰক্ষীয়ে অব্যাহত ৰাখিছে সোধ-পোচ ৷
লগতে পঢ়ক : মাত্ৰ ২ দিনত আৰম্ভ ১১৯ খন হাইস্কুল স্থাপনৰ কাম: মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা