ETV Bharat / state

কেন্দ্ৰীয় বিদ্যালয়ত বাহাল থাকিব অসমীয়া বিষয় - ASSAM SAHITYA SABHA

বৃহস্পতিবাৰে অসম তথা উত্তৰ-পূবৰ কেন্দ্ৰীয় বিদ্যালয়সমূহত অসমীয়া ভাষাত পাঠদান অব্যাহত থকাৰ নিশ্চিতি প্ৰদান কৰিলে কেন্দ্ৰীয় বিদ্যালয় সংস্থানে ৷ কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ উপায়ুক্ত দ্বীপচান্দ নিলাভে বৃহস্পতিবাৰে ঘোষণা কৰিলে এই কথা ।

কেন্দ্ৰীয় বিদ্যালয়ত বাহাল থাকিব অসমীয়া বিষয়
author img

By

Published : May 16, 2019, 7:26 PM IST

গুৱাহাটী,16মে': কেন্দ্ৰীয় বিদ্যালয় সংগঠনে উত্তৰ-পূৱৰ কেন্দ্ৰীয় বিদ্যালয়সমূহত অসমীয়া আৰু অন্যান্য আঞ্চলিক ভাষাৰ পাঠ্যক্ৰম অব্যহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । বৃহস্পতিবাৰে গুৱাহাটীস্থিত অসম সাহিত্য সভাৰ কার্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি এই কথা সদৰী কৰে কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ উপায়ুক্ত দ্বীপচান্দ নিলাভে । ইপিনে এই সভাতে গৰমৰ বন্ধৰ পাচতে কেন্দ্ৰীয় বিদ্যালয়সমূহত এই নিয়ম কাৰ্যকৰী কৰি অসমীয়া আৰু অন্যান্য আঞ্চলিক ভাষাৰ পাঠদান প্ৰদান কৰা হ'ব বুলি কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ উপায়ুক্তগৰাকীয়ে মন্তব্য কৰে । লগতে তেওঁ জনায় যে অসমীয়া আৰু অন্যান্য আঞ্চলিক ভাষাৰ পাঠ্যক্ৰমৰ বাবে শিক্ষকো নিযুক্তি কৰিব কেন্দ্ৰীয় বিদ্যালয় সংগঠনে ।

কেন্দ্ৰীয় বিদ্যালয়ত বাহাল থাকিব অসমীয়া বিষয়

কেন্দ্ৰীয় বিদ্যালয়সমূহৰ লগতে ৰাজ্যত থকা অন্যান্য শিক্ষা প্ৰতিষ্ঠানসমূহেও অসমীয়া ভাষাক তৃতীয় ভাষা হিচাপে পাঠদান কৰিব লাগিব বুলি মন্তব্য কৰে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে ।

Intro:অসম তথা উত্তৰ পূবৰ কেন্দ্ৰীয় বিদ্যালয় সমূহত অব্যাহত থাকিব অসমীয়া তথা আঞ্চলিক ভাষাৰ পাঠদান। কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ উপায়ুক্ত দ্বীপচান্দ নিলাভে আজি ঘোষণা কৰিলে এই কথা।

Body:কেন্দ্ৰীয় বিদ্যালয় সমূহৰ পৰা অসমীয়া আৰু আঞ্চলিক ভাষাৰ পাঠ্যক্ৰম বন্ধ কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে অসম সাহিত্য সভাই আপত্তি দৰখাই কেন্দ্ৰীয় বিদ্যালয় সংগঠনক উত্তৰ পূৱত থকা কেন্দ্ৰীয় বিদ্যালয় সমূহত অসমীয়া আৰু অন্যান্য আঞ্চলিক ভাষাৰ পাঠদান অব্যহত ৰখাৰ দাবী জনাই থকাৰ মাজতে কেন্দ্ৰীয় বিদ্যালয় সংগঠনে উত্তৰ পূৱৰ কেন্দ্ৰীয় বিদ্যালয় সমূহত অসমীয়া আৰু অন্যান্য আঞ্চলিক ভাষাৰ পাঠ্যক্ৰম অব্যহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

আজি গুৱাহাটীতস্থিত অসম সাহিত্য সভাৰ কার্যলায়ত এক সংবাদমেল অনুষ্ঠিত কৰি কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ উপায়ুক্ত দ্বীপচান্দ নিলাভে এই কথা জানিবলৈ দিয়ে। গৰমৰ বন্ধৰ পিছতে কেন্দ্ৰীয় বিদ্যালয় সমূহত এই নিয়ম কাৰ্যকৰী কৰা হ'ব। কেন্দ্ৰীয় বিদ্যালয় সমূহত নিৰ্ধাৰিত সময়তে অসমীয়া আৰু অন্যান্য আঞ্চলিক ভাষাৰ পাঠদান প্ৰদান কৰা হ'ব। অসমীয়া আৰু অন্যান্য আঞ্চলিক ভাষাৰ পাঠ্যক্ৰমৰ বাবে শিক্ষক নিযুক্তি কৰিব কেন্দ্ৰীয় বিদ্যালয় সংগঠনে।

বাইট ১ : দ্বীপচান্দ নিলাভ, উপায়ুক্ত, কেন্দ্ৰীয় বিদ্যালয় সংগঠন

কেন্দ্ৰীয় বিদ্যালয় সমূহৰ লগতে ৰাজ্যত থকা অন্যান্য শিক্ষা প্ৰতিষ্ঠান সমূহেও অসমীয়া ভাষা তৃতীয় ভাষা হিচাপে পাঠদান কৰিব লাগিব। অসমৰ বিভিন্ন জাতীয় জীৱন পাঠ্যক্ৰমত অন্তৰ্ভুক্ত থাকিব লাগিব অন্যথা কিতাপ সমূহ পুৰি পেলোৱা হ'ব বুলি মন্তব্য প্ৰকাশ কৰে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী। অসমীয়া ভাষাৰ জ্ঞান নথকা কোনো ব্যক্তিকে অসমত চাকৰি কৰিবলৈ দিয়া নহ'ব।

বাইট ২: পৰমানন্দ ৰাজবংশী, সভাপতি, অসম সাহিত্য সভা

Conclusion:হাই স্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ অসমীয়াত ১০০ নম্বৰ লাভ কৰা বৰপেটাৰ ৰাজশ্ৰী পাঠকক অসম সাহিত্য সভাই বিশেষ সম্বৰ্ধনা জনাব।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.