গুৱাহাটী, ৬ মাৰ্চঃ সমূখত যেতিয়া নিৰ্বাচন থাকে তেতিয়া যিকোনো চৰকাৰে দাখিল কৰিব লগীয়া বাজেটত তাৰ প্ৰতিফলন ঘটিবই । এই মন্তব্য জ্যেষ্ঠ অগপ নেতা তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসৰ । আজি বিধানসভাত মিত্ৰজোটৰ চৰকাৰখনে ২০২০-২১ বৰ্ষৰ বাজেট দাখিল কৰাৰ পিছত এই মন্তব্য কৰি প্ৰাক্তন সাংসদ গৰাকীয়ে এইখন বাজেটক একে সময়তে জনমুখী আৰু নিৰ্বাচনমুখী বুলিও আখ্যা দিয়ে । এইখন বাজেটে ৰাজ্যখনৰ বহুকেইটা সমস্যা লাঘৱ কৰাত সহায় কৰিব বুলিও তেওঁ কয় । নুমলীগড় শোধনাগাৰৰ ক্ষেত্ৰত বাজেটত গ্ৰহণ কৰা পদক্ষেপ আদৰণীয় বুলি মন্তব্য কৰে তেওঁ । একে সময়তে চৰকাৰখনে পূৰ্বৰ প্ৰতিশ্ৰুতি সমূহো পূৰণ কৰা দৰকাৰ বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে কুমাৰ দীপক দাসে ।
নিৰ্বাচন সমূখত থাকিলে বাজেটত ইয়াৰ প্ৰতিফলন ঘটিবইঃ কুমাৰ দীপক দাস
বিধানসভাত মিত্ৰজোটৰ চৰকাৰখনে ২০২০-২১ বৰ্ষৰ বাজেট দাখিল কৰাৰ পিছত এই মন্তব্য কৰি প্ৰাক্তন সাংসদ গৰাকীয়ে এইখন বাজেটক একে সময়তে জনমুখী আৰু নিৰ্বাচনমুখী বুলিও আখ্যা দিয়ে ।