গুৱাহাটী, 15 ছেপ্তেম্বৰ : অসম জাতীয় পৰিষদক আমি শুভেচ্ছা জনাইছো কিন্তু নতুন আঞ্চলিক দলক লৈ আমি সুখী নহয় । আমি এতিয়াও ঐক্যবদ্ধ আঞ্চলিক শক্তিক বিশ্বাস কৰো । আঞ্চলিক শক্তি ঐক্যবদ্ধ নোহোৱাতো ঐতিহাসিক ভুল । আমাৰ উদাৰতাক দুৰ্বলতা বুলি নাভাৱিব । মঙলবাৰে আছুৰ উদ্যোগত নৱ গঠিত নতুন আঞ্চলিক দলক লৈ সংবাদ মাধ্যমৰ আগত এইদৰে ক্ষোভ উজাৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্কো ডি শইকীয়াই ।
তেওঁ আকৌ জনাই যে,আমি বাৰম্বাৰ আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক ঐক্যবদ্ধ হোৱাৰ বাবে আহ্বান জনাইছিলো। আমাৰ আহ্বানক একাষৰীয়া কৰি তেওঁলোকে আঞ্চলিক দল গঠনৰ পোষকতা কৰিলে । আমি এতিয়াও বিচাৰো যে আমি ঐক্যবদ্ধ হওঁ । ঐক্যবদ্ধ নহৈ পৃথকে পৃথকে দল খুলিলে বিজেপি আৰু আৰু RSS য়ে বেছিকৈ লাভান্বিত হ'ব বুলি সভাপতি গৰাকীয়ে মন্তব্য প্ৰদান কৰে ।
লগতে পঢ়ক : "সেৱা সপ্তাহ" ত কি কি কাৰ্যসূচী ৰূপায়ণ কৰিব অসম বিজেপিয়ে ?
আনহাতে, কৃষক মুক্তিয়ে 'কা' আন্দোলনকে আদি কৰি অসমীয়া জাতিৰ ক্ষতি হ'ব পৰা কোনো বিষয়ৰ লগতে আপোচ নকৰে বুলি মন্তব্য কৰাৰ লগতে যদিহে কৃষক মুক্তিৰ আপোচহীনতাই আছুক ঐক্যবদ্ধ হোৱাত অসুবিধাৰ সৃষ্টি কৰিছে তেন্তে তাত আমাৰ ক'ব লগা একো নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে কৃষক মুক্তিৰ সভাপতি গৰাকীয়ে ।
সমান্তৰালভাবে নৱ গঠিত আঞ্চলিক দলৰ আহ্বায়ক মণ্ডলিক ঐক্যবদ্ধ হ'বৰ বাবে চিন্তা চৰ্চা কৰিবলৈ 20 ছেপ্টেম্বৰলৈকে সময় দিলে কৃষক মুক্তিয়ে ।
উল্লেখ্য যে, ভাস্কো ডি শইকীয়াই 20 ছেপ্টেম্বৰৰ ভিতৰত কোনো গঠন মূলক সঁহাৰি নাপালে কৃষক মুক্তিয়ে নতুন দল গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি সংবাদ মাধ্যমৰ আগত জানিব দিয়ে ।
লগতে পঢ়ক : নগাঁৱত এআইইউডিএফৰ সভাত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট