ETV Bharat / state

মেঘালয়ত থকা অসমীয়া লোকসকলক উদ্ধাৰৰ বাবে তৎপৰ কৃষক মুক্তি সংগ্ৰাম সমিতি - কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল

বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গান্ধীবস্তিস্থিত মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে সংগঠনটোৰ উপদেষ্টা মহম্মদ হুছেইন ছাহজাহান আৰু সাধাৰণ সম্পাদক মুকুট ডেকাই ৷ সংবাদমেলত দুই নেতাই জনোৱা অনুসৰি মেঘালয়ত আৱদ্ধ হৈ আছে অসমৰ কেইবা শতাধিক লোক ৷ ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিলৈ ফোনযোগে অসমৰ কেইবাগৰাকী লোকে নিজৰ দুৰ্দশাৰ কথা ব্যক্ত কৰিছে ৷

KMSS is taking steps at rescue the Assamese people from Meghalaya
মেঘালয়ত থকা অসমীয়া লোকসকলক উদ্ধাৰৰ বাবে তৎপৰ কৃষক মুক্তি সংগ্ৰাম সমিতি
author img

By

Published : Mar 5, 2020, 5:06 AM IST

গুৱাহাটী,4 মাৰ্চঃ নাগৰিকত্ব সংশোধনী আইনকলৈ বৰ্তমানো উত্তপ্ত হৈ আছে মেঘালয় ৷ ৰাজ্যখনৰ বিভিন্ন স্থানত বলবৎ কৰা হৈছে সান্ধ্য আইন ৷ তাৰোপৰি প্ৰশাসনে ব্যাহত কৰি ৰাখিছে ইন্টাৰনেট সেৱা ৷ যাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে সাধাৰণ লোকসকল ৷ আনহাতে, মেঘালয়ত কৰ্মসূত্ৰে বাস কৰা দেশৰ অন্য প্ৰান্তৰ নাগৰিকসকলৰ জীৱনলৈ ভাবুকি আহি পৰাৰ এক অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ অনুসৰি স্থানীয় কেইবাটাও দল-সংগঠনে বহিঃৰাজ্যৰ লোকসকলক মেঘালয় ত্যাগ কৰাৰ নিৰ্দেশ দিছে ৷

বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গান্ধীবস্তিস্থিত মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে সংগঠনটোৰ উপদেষ্টা মহম্মদ হুছেইন ছাহজাহান আৰু সাধাৰণ সম্পাদক মুকুট ডেকাই ৷ সংবাদমেলত দুই নেতাই জনোৱা অনুসৰি মেঘালয়ত আৱদ্ধ হৈ আছে অসমৰ কেইবা শতাধিক লোক ৷ ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিলৈ ফোনযোগে অসমৰ কেইবাগৰাকী লোকে নিজৰ দুৰ্দশাৰ কথা ব্যক্ত কৰিছে ৷ শিৱসাগৰৰ দীপজ্যোতি দত্ত, বৰমাৰ সুৰজিৎ বড়ো, গোৱালপাৰাৰ ধ্ৰুৱ দাস, গোগামুখৰ ধীমান কোঁৱৰ, ওদালগুৰিৰ মানস ডেকাই কিদৰে তেওঁলোকৰ নিজৰ জীৱনৰ প্ৰতি ভাবুকি অহিছে সেই কথা কৃষক মুক্তি সংগ্ৰাম সমিতিক অৱগত কৰিছে ৷

অখিল গগৈ সন্দৰ্ভত মন্তব্য

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা মহম্মদ হুছেইন ছাহজাহানে অসম আৰক্ষীৰ লগত যোগাযোগ কৰা বুলি সংবাদমেলত উল্লেখ কৰে ৷ অতিশীঘ্ৰে অসম চৰকাৰক মেঘালয়ত আৱদ্ধ অসমৰ লোকসকলক উদ্ধাৰৰ বাবে ব্যৱস্থা কৰিবলৈ আহ্বান জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ ইয়াৰউপৰিও অখিল গগৈক চিকিৎসা প্ৰদান নকৰা কাৰ্যক চৰকাৰী ষড়যন্ত্ৰ আখ্যা উপদেষ্টা মহম্মদ হুছেইন ছাহজাহানৰ ৷ ন্যায়ালয়ে কাৰাগাৰ কৰ্তৃপক্ষক তিনি বজাৰ ভিতৰত অখিল গগৈৰ স্বাস্থ্য সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল যদিও কোনো উত্তৰ জেল কৰ্তৃপক্ষই দিয়া নাই বুলিও অভিযোগ কৰে নেতাগৰাকীয়ে ৷

মেঘালয়ত থকা অসমীয়া লোকসকলক উদ্ধাৰৰ বাবে তৎপৰ কৃষক মুক্তি সংগ্ৰাম সমিতি

লগতে পঢ়ক-কৰিমগঞ্জৰ ভাৰত-বাংলা সীমান্তৰ পৰা জব্দ 1 কোটি মূল্যৰ নিচাযুক্ত সামগ্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.