ETV Bharat / state

Pressmeet of KJSA: যাদৱ কোঁৱৰক ক্ষমা খুজিবলৈ ৪৮ ঘন্টাৰ সময়সীমা দিলে কলিতা জনগোষ্ঠী সন্মিলন অসমে

author img

By

Published : Aug 8, 2022, 6:51 PM IST

Updated : Aug 8, 2022, 8:04 PM IST

টাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰ যাদৱ কোঁৱৰে কলিতা জনগোষ্ঠীক তুচ্চ তাচ্ছিল্য কৰাক লৈ কলিতা জনগোষ্ঠী সন্মিলন অসমৰ সংবাদমেল। ৪৮ ঘন্টাৰ ভিতৰত ক্ষমা খোজাৰ আহ্বান কলিতা জনগোষ্ঠী সন্মিলন অসমৰ (KJSA demands to ATASU leader apologize publicly) ।

kjsa-demands-to-atasu-leader-apologize-publicly
যাদৱ কোঁৱৰে কলিতা জনগোষ্ঠীক ৰাজহুৱাকৈ ক্ষমা খোজক: কলিতা জনগোষ্ঠী সন্মিলন অসম

গুৱাহাটী, 8 আগষ্ট: টাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰ যাদৱ কোঁৱৰে কলিতা জনগোষ্ঠীক তুচ্চ তাচ্ছিল্য কৰাক লৈ ৪৮ ঘন্টাৰ ভিতৰত ক্ষমা খোজাৰ আহ্বান কলিতা জনগোষ্ঠী সন্মিলন অসমৰ । বিজেপি নেত্ৰী আঙুৰলতা ডেকাক সমালোচনা কৰাৰ নামত কলিতা জনগোষ্ঠীক অপমান কৰাৰ অভিযোগ তুলিছে সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলন অসমে ৷

সোমবাৰে গুৱাহাটী প্ৰেছক্লাৱত আয়োজিত এক সংবাদমেলযোগে সন্মিলনৰ সাধাৰণ সম্পাদক বিষ্ণু পাটগিৰিয়ে কয় যে, ৪ আগষ্টত টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদজ যাদৱ কোঁৱৰে বিজেপি নেত্ৰী আঙুৰলতা ডেকাক সমালোচনা কৰিবলৈ গৈ সংবাদমেলত কলিতা জনগোষ্ঠীক তাচ্ছিল্য কৰে । কলিতা জনগোষ্ঠীক বিষয়টোৰ মাজলৈ টানি আনি তীব্ৰ বিদ্বেষ আৰু ঘৃণাৰে ওপচাই পেলালে বুলি মন্তব্য কৰে পাটগিৰিয়ে ।

ইয়াৰ লগতে তেওঁ অভিযোগ কৰে যে, কোঁৱৰে কলিতা সমাজৰ বিশিষ্ট ব্যক্তিক কটু ভাষাৰে সমালোচনা কৰে । কলিতা জনগোষ্ঠীৰ ইতিহাস নোহোৱা বুলি মন্তব্য কৰিছে । আঙুৰলতা ডেকাক ৰাজনৈতিক প্ৰেক্ষাপটত সমালোচনা কৰিছে তাত ক'ব লগা নাই ।

লগতে তেওঁ কয়, ‘‘যাদৱ কোঁৱৰে কলিতা জনগোষ্ঠীক আক্ৰমনাত্মকভাৱে মন্তব্য কৰিছে । তাত আমি আঘাত পাইছো । তেওঁ কলিতা জনগোষ্ঠীৰ ইতিহাস চোৱা উচিত ৷ ৫ হাজাৰ বছৰীয়া ইতিহাস আছে কলিতা জনগোষ্ঠীৰ’’ ৷ ইফালে, ৪৮ ঘন্টাৰ ভিতৰত তেওঁ ৰাজহুৱাকৈ ক্ষমা নুখুজিলে ঘটনা সন্দৰ্ভত ন্যায়িক ব্যৱস্থা গ্ৰহণ কৰাৰো হুংকাৰ প্ৰদান কৰে কলিতা জনগোষ্ঠী সন্মিলন অসমে(KJSA demands to ATASU leader apologize publicly) ৷

লগতে পঢ়ক : Fir against Jadav Kunwar: টাই আহোম ছাত্ৰ সন্থাৰ নেতা যাদৱ কোঁৱৰৰ বিৰুদ্ধে এজাহাৰ

Last Updated : Aug 8, 2022, 8:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.