ETV Bharat / state

পূৰ্বোত্তৰৰ আঠ ৰাজ্যৰ প্ৰতিনিধিৰ সৈতে ড’নাৰ মন্ত্ৰীৰ বৈঠক

মহাকাশ বিজ্ঞান প্ৰযুক্তিৰ বহুল প্ৰয়োগ হ'ব অসমৰ কৃষিখণ্ড, বন-পৰিৱেশ সুৰক্ষা, জলসম্পদ, ভূমি ব্যৱস্থাপনাত । উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত প্ৰায়োগিক মহাকাশ বিজ্ঞানৰ বহুল ব্যৱহাৰৰ জৰিয়তে চৰকাৰী আঁচনি-প্ৰকল্পৰ ৰূপায়ণকাৰ্যৰ সঠিক নিৰীক্ষণ, বন তথা পৰিবেশ সুৰক্ষা, প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা আদি বিষয়ে নতুন ড'নাৰ মন্ত্ৰী জি কৃষাণ ৰেড্ডীয়ে ৰাজ্য চৰকাৰকেইখনৰ সৈতে ভিডিঅ' কনফাৰেন্সখনত আলোচনা কৰে ।

author img

By

Published : Jul 15, 2021, 10:50 PM IST

doner minister
ড'নাৰ মন্ত্ৰীৰ ভিডিঅ' কনফাৰেন্সত মন্ত্ৰী কেশৱ মহন্ত

গুৱাহাটী,১৫ জুলাই : কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্ৰী (Ministry of Development of North Eastern Region) জি কৃষাণ ৰেড্ডীয়ে (G. Kishan Reddy) বৃহস্পতিবাৰে পূৰ্বোত্তৰৰ আঠখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবসকলৰ সৈতে অনুষ্ঠিত কৰে এক ভিডিঅ' কনফাৰেন্স ৷ এই কনফাৰেন্সত অংশগ্ৰহণ কৰে অসমৰ স্বাস্থ্য, বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই (Keshab Mahanta) । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (Dr Himanta Biswa Sarma) অসম বিধান সভাৰ কাৰ্যসূচীত ব্যস্ত থাকিবলগা হোৱাৰ বাবে তেওঁ স্বাস্থ্য তথা বিজ্ঞান প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী মহন্তক ড'নাৰ মন্ত্ৰীৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণৰ দায়িত্ব দিয়ে । কেন্দ্ৰীয় চৰকাৰৰ আণৱিক শক্তি আৰু মহাকাশ দপ্তৰ তথা প্ৰধানমন্ত্ৰী কাৰ্যালয় দপ্তৰৰো ৰাজ্যমন্ত্ৰী ড০ জিতেন্দ্ৰ সিং (Dr Jitendra Singh), ড'নাৰ ৰাজ্যমন্ত্ৰী বি এল বাৰ্মা (B L Verma) আৰু অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, চিকিমৰ মুখ্যমন্ত্ৰীৰ লগতে অঞ্চলটোৰ আটাইকেইখন ৰাজ্যৰ মুখ্য সচিবে ভাগ লয় এই ভিডিঅ কনফাৰেন্সত ।

দিছপুৰৰ জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা অসমৰ মুখ্য সচিব (Chief Secretary of Assam) জিষ্ণু বৰুৱা, অতিৰিক্ত মুখ্য সচিব (ৰূপান্তৰ আৰু উন্নয়ন বিভাগ) পৱন বৰঠাকুৰ, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ সিনহাৰ সৈতে মন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰে এই বৈঠকত । উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত প্ৰায়োগিক মহাকাশ বিজ্ঞানৰ বহুল ব্যৱহাৰৰ জৰিয়তে চৰকাৰী আঁচনি-প্ৰকল্পৰ ৰূপায়ণ কাৰ্যৰ সঠিক নিৰীক্ষণ, বন তথা পৰিবেশ সুৰক্ষা, প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা আদি বিষয়ে নতুন ড'নাৰ মন্ত্ৰী ৰেড্ডীয়ে ৰাজ্য চৰকাৰকেইখনৰ সৈতে ভিডিঅ' কনফাৰেন্সখনত আলোচনা কৰে । এই ভিডিঅ' কনফাৰেন্সত অসমৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী মহন্তই ৰাজ্যখনৰ বনভূমি,পথ, মথাউৰি আদি গুৰুত্বপূৰ্ণ চৰকাৰী সম্পদসমূহৰ সঠিক ৰক্ষণাবেক্ষণৰ লগতে বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়িত মহত্বপূৰ্ণ প্ৰকল্পসমূহৰ অগ্ৰগতিত নজৰ ৰখাত সহায়ক হোৱাকৈ চেটেলাইট ইমেজ আৰু ৰিম'ট ছেন্সিং (satellite imaging and remote sensing) পদ্ধতিৰ ব্যাপক ব্যৱহাৰত অগ্ৰাধিকাৰ দি অসম চৰকাৰে ইতিমধ্যে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে ড'নাৰ মন্ত্ৰী ৰেড্ডীক অৱগত কৰে ।

অসম চৰকাৰে প্ৰায়োগিক মহাকাশ বিজ্ঞান প্ৰযুক্তিৰ বহুল ব্যৱহাৰেৰে ৰাজ্যখনত বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰকল্প ৰূপায়ণৰ বাবে ইতিমধ্যে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰো আভাস দাঙি ধৰে মন্ত্ৰী কেশৱ মহন্তই । অসমৰ কৃষিখণ্ডৰ আধুনিকীকৰণ, বন-পৰিৱেশ সুৰক্ষা, মথাউৰিৰ সুৰক্ষা তথা জলসম্পদ ব্যৱস্থাপনা, গুৱাহাটী মহানগৰৰ ভূমি ব্যৱস্থাপনা, চৰকাৰী ভূমি তথা বনভূমিত হোৱা বেদখলৰ সঠিক নিৰীক্ষণ আৰু সুৰক্ষা, অপৰাধ নিয়ন্ত্ৰণ আদিৰ দিশত প্ৰায়োগিক মহাকাশ বিজ্ঞান প্ৰযুক্তিৰ বহুল ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে কাৰ্য পৰিকল্পনা যুগুত কৰিছে । ইয়াৰ লগতে চৰকাৰী সম্পদ আদিৰ তথ্য আহৰণ আৰু চেটেলাইট তথা ৰিম'ট ছেন্সিং নিৰীক্ষণতো মহাকাশ বিজ্ঞান প্ৰযুক্তিৰ সহায় ল'ব ৰাজ্য চৰকাৰে ।

এই ক্ষেত্ৰত প্ৰয়োজনীয় কাৰ্যপন্থাৰ ক্ষেত্ৰত নেছাকে (North Eastern Space Application Centre) কাৰিকৰী সহযোগিতা আগবঢ়াবলৈ সন্মতি জনোৱাৰ বিষয়ে সদৰি কৰি মন্ত্ৰী মহন্তই ড'নাৰ মন্ত্ৰীগৰাকীক জনাই যে ২৫ জুলাইত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূৱ পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ উপস্থিতিত নেছাকৰ সৈতে এখন বুজাবুজি চুক্তি সম্পাদনৰ বাবে অসম চৰকাৰে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । এই ভিডিঅ কনফাৰেন্সত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্য চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ আয়ুক্ত সচিব আকাশদীপ, যুটীয়া সচিব তথা এছটেকৰ সঞ্চালিকা কিমনি চাংছনো উপস্থিত আছিল ।

লগতে পঢ়ক:সুৰাৰ পৰিৱৰ্তে ঘৰে ঘৰে ভেকচিন দিয়াৰ ব্যৱস্থা কৰক : অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.