ETV Bharat / state

‘কেব’ গৃহীত হ'লে অসমীয়া ভাষা সংকটত পৰিব : তৰুণ গগৈ - etv bharat assam

বৰ্তমান ৰাজ্যত 'চালো পাল্টাই' অভিযানৰ জৰিয়তে অসমতে অসমীয়া ভাষা নিঃশেষ কৰাৰ অভিযোগ উত্থাপিত হোৱাকলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, যদি 'কেব' গৃহীত কৰি হিন্দু বাঙালী অসমত নাগৰিকত্ব প্ৰদান কৰা হয় তেন্তে অসমীয়া ভাষা সংকটত পৰিব ৷

কেব গৃহীত হ'লে অসমীয়া ভাষা সংকটত পৰিব : তৰুণ গগৈ
author img

By

Published : May 31, 2019, 9:19 PM IST

গুৱাহাটী, 31 মে': "নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে অসমীয়া ভাষা সংকটত পৰিব । বিজেপিয়ে 'কেব' গৃহীত কৰি যদি বাঙালী হিন্দুক নাগৰিকত্ব প্ৰদান কৰে তেন্তে অসমীয়া ৰাজ্যিক ভাষা হৈ নাথাকে ।" এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি নৰেন্দ্ৰ মোডীক দ্বিতীয় বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰাত অভিনন্দন জনায় গগৈয়ে । লগতে সংবাদমেলত গগৈয়ে অসমৰ বিভিন্ন সমস্যা সমাধানৰ বাবেও আহ্বান জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক । আনহাতে, বৰ্তমান ৰাজ্যত 'চালো পাল্টাই ' অভিযানৰ জৰিয়তে অসমতে অসমীয়া ভাষা নিঃশেষ কৰাৰ অভিযোগ উত্থাপিত হোৱাকলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, যদি 'কেব' গৃহীত কৰি হিন্দু বাঙালী অসমত নাগৰিকত্ব প্ৰদান কৰা হয় তেন্তে অসমীয়া ভাষা সংকটত পৰিব । কোনো ব্যক্তিয়ে নিজৰ ভাষাক এৰি নিদিয়ে আৰু বাংলাদেশৰ পৰা অহা লোকেও বাঙালী ভাষা এৰি নিদিয়ে, ফলত অসমত অসমীয়া ভাষা নিশ্চিতভাৱে সংকটত পৰিব বুলিও কয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে । গগৈয়ে প্ৰাক্তন সেনা বিষয়া মহম্মদ সোনা উল্লাহক বিদেশী সজোৱা ঘটনাক তীব্ৰ বিৰোধিতা কৰে । আনহাতে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্বহীনতাৰ বাবে এন আৰ চিখন পেলনীয়া কাগজৰ বাহিৰে একো নহয় বুলিও মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ।

Intro:নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে অসমীয়া ভাষা সংকটত পৰিব। বিজেপিয়ে কেব গৃহীত কৰি যদি বাঙালী হিন্দুক নাগৰিকত্ব প্ৰদান কৰে তেন্তে অসমীয়া ৰাজ্যিক ভাষা হৈ নাথাকে।

Body:প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আজি এক সংবাদমেল অনুষ্ঠিত কৰি যোৱা কালি নৰেন্দ্ৰ মোদীয়ে দ্বিতীয় বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰাত তেওঁক অভিনন্দন জনায়। গগৈয়ে অসমৰ বিভিন্ন সমস্য সমাধানৰ বাবেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান জনায়। বৰ্তমান ৰাজ্যত 'চালো পালতাই' অভিযানৰ জৰিয়তে অসমতে অসমীয়া ভাষা নিঃশেষ কৰাৰ অভিযোগ উত্থাপিত হোৱাকলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যদি কেব গৃহীত কৰি হিন্দু বাঙালী অসমত নাগৰিকত্ব প্ৰদান কৰা হয় তেন্তে অসমীয়া ভাষা সংকটত পৰিব। কোনো ব্যক্তিয়ে নিজৰ ভাষাক এৰি নিদিয়ে আৰু বাংলাদেশৰ পৰা অহা লোকেও বাঙালী ভাষা এৰি নিদিয়ে, ফলত অসমত অসমীয়া ভাষা নিশ্চিতভাৱে সংকটত পৰিব বুলিও কয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। গগৈয়ে প্ৰাক্তন সেনা বিষয়া মহম্মদ সোনাউল্লাহক বিদেশী সজোৱা ঘটনাক তীব্ৰ বিৰোধিতা কৰে।

বাইট : তৰুণ গগৈ

Conclusion:গগৈয়ে এন আৰ চিৰ ক্ষেত্ৰত মন্তব্য প্ৰকাশ কৰি কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ গুৰুত্বহীনতাৰ বাবে এন আৰ চিখন পেলনিয়া কাগজৰ বাহিৰে একো নহয়।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.