ETV Bharat / state

কংগ্ৰেছত কি হৈছে ? কিয় দায়িত্ব এৰিছে ইজনৰ পিছত সিজন নেতাই !

author img

By

Published : Dec 17, 2020, 7:17 PM IST

Updated : Dec 17, 2020, 9:49 PM IST

২০২১ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলক অধিক শক্তিশালী কৰি তোলাত গুৰুত্ব দিয়াৰ বিপৰীতে দল ত্যাগহে কৰিছে এজনৰ পিছত আনজন নেতাই । লগতে বিষয়বাব ত্যাগ কৰিও একাংশ নেতাই দিছে আন এক সংকেত । কমল কুমাৰ মেধি,বিশ্বজিৎ ৰায়ৰ দল ত্যাগৰ পিছত এইবাৰ বিষয়বাবৰ পৰা অব্যাহতি ল'লে ড০ ভগীৰথ কৰণ আৰু অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ।

কংগ্ৰেছত কি হৈছে ? কিয় দায়িত্ব এৰিছে ইজনৰ পিছত সিজন নেতাই !
কংগ্ৰেছত কি হৈছে ? কিয় দায়িত্ব এৰিছে ইজনৰ পিছত সিজন নেতাই !

গুৱাহাটী, ১৭ ডিচেম্বৰ: ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এশ দিনমানহে বাকী আছেগৈ । এনে অৱস্থাত ইটোৰ পিছত সিটোকৈ আহুকালে একপ্ৰকাৰ বিপৰ্যস্ত কৰি তুলিছে বিৰোধী কংগ্ৰেছ দলক । এই সময়ত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে দলটোৱে নিজকে যুদ্ধংদেহী ৰূপত সজাব পাৰিব লাগিছিল যদিও প্ৰকৃততে কিন্তু ইয়াৰ বিপৰীত ৰূপটোহে দেখা গৈছে । ইজনৰ পিছত সিজন নেতাই কংগ্ৰেছ এৰি বিজেপিলৈ ঢাপলি মেলিছে নতুবা দলীয় দায়িত্বৰ পৰা নিজকে আঁতৰাই ৰাখিছে ।

কৃষক মুক্তি এৰি আহি কংগ্ৰেছত যোগ দিয়া কমল কুমাৰ মেধীয়ে সৌ সিদিনা কংগ্ৰেছ ত্যাগ কৰিলে । তাৰ পূৰ্বে কংগ্ৰেছক শেষ বিদায় জনাই আঁতৰি গৈছিল আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায় । এইবাৰ আৰু দুজনকৈ কংগ্ৰেছ নেতাই নিজৰ নিজৰ‌ দায়িত্বৰ পৰা অব্যাহতি ল'লে । অৱশ্যে দল এৰি তেওঁলোক এতিয়াও আঁতৰি যোৱা নাই । কিন্তু বিষয়বাব ত্যাগ কৰিছে ।

এই দুই নেতা হ'ল প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ড০ ভগীৰথ কৰণ আৰু সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য । ড০ কৰণ আছিল প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষৰ দায়িত্বত । সেই পদ তেওঁ ইতিমধ্যে ত্যাগ কৰিছে । একেদৰে দলৰ চ'ছিয়েল মিডিয়া বিভাগৰ অধ্যক্ষৰ পদত থকা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যয়ো সেই পদৰ পৰা ইতিমধ্যে অব্যাহতি লৈছে । স্বাভাৱিকতে প্ৰশ্ন উঠিছে যে, নিৰ্বাচন দুৱাৰমুখত, তেনে সময়ত একাংশ কংগ্ৰেছ নেতাৰ দলৰ প্ৰতি এনে অনিহাই কিহৰ ইংগিত বহন কৰিছে !

লগতে পঢ়ক:শিলচৰৰ একাংশ পাৰ্লাৰত চলিছে দেহ ব্যৱসায় চক্ৰ

Last Updated : Dec 17, 2020, 9:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.