ETV Bharat / state

কামৰূপত প্লাষ্টিকৰ বেগৰ ব্যৱহাৰ তথা বিক্ৰীত নিষেধাজ্ঞা

জনস্বাস্থ্য আৰু জনসাধাৰণ তথা জীৱ-জন্তুৰ বিস্তৰ ক্ষতি সাধনেৰে পৰিৱেশ তন্ত্রলৈ ভাবুকি কঢ়িয়াই অনাৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলা উপায়ুক্তৰ প্লাষ্টিকৰ ক্ষেত্রত নিষেধাজ্ঞা । এই আদেশ অমান্য কৰিলে আই পি চিৰ ১৮৮ ধাৰাৰ অধীনত দণ্ডণীয় হ'ব ।

author img

By

Published : Jun 30, 2021, 8:04 PM IST

plastic ban
কামৰূপত প্লাষ্টিক বেগৰ ব্যৱহাৰ আৰু ব্যৱসায়ত নিষেধাজ্ঞা

গুৱাহাটী, ৩০ জুন : কামৰূপ জিলাত প্লাষ্টিক বেগৰ ব্যৱহাৰ আৰু বেচা-কিনাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । এই সন্দৰ্ভত কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিকে এক নিৰ্দেশনা জাৰি কৰিছে । কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিকে এক নিৰ্দেশযোগে সকলো ধৰণৰ পুনৰ নৱীকৰণ বা নতুনকৈ প্ৰস্তুত কৰা সামগ্ৰী কঢ়িওৱা প্লাষ্টিক বেগৰ ব্যৱহাৰ আৰু কিনা-বেচা কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে ৷

জনস্বাস্থ্য আৰু জনসাধাৰণ তথা জীৱ-জন্তুৰ বিস্তৰ ক্ষতি সাধনেৰে পৰিৱেশ তন্ত্ৰলৈ ভাবুকি কঢ়িায়াই অনাৰ পৰিপ্ৰেক্ষিতত এই আদেশ জিলাখনত তৎকালীনভাৱে বলবৎ কৰা হৈছে ৷ এই নিষেধাজ্ঞা আগন্তুক ষাঠি দিন বা পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰালৈকে বলবৎ থাকিব ৷ এই আদেশ অমান্য কৰিলে ভাৰতীয় দণ্ডবিধি আইনৰ (IPC) ১৮৮ ধাৰাৰ অধীনত দণ্ডণীয় হ’ব ।

অৱশ্যে কেতবোৰ প্লাষ্টিকৰ ক্ষেত্রত এই নিষেধাজ্ঞা বলবৎ নহ'ব । বিশেষ অৰ্থনৈতিক মণ্ডল আৰু ৰপ্তানি ভিত্তিক গোটত থকা প্লাষ্টিক উদ্যোগত কেৱল ৰপ্তানি জনিত কাৰণত প্ৰস্তুত কৰা প্লাষ্টিক বেগৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব এই নিষেধাজ্ঞা । সেইদৰে প্ৰস্তুত কৰণ বা প্ৰক্ৰিয়াকৰণ গোটত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ পেকেজিং(Packaging) কৰাৰ ক্ষেত্ৰত অত্যাৱশ্যকীয় ৰূপে চিহ্নিত হোৱা প্লাষ্টিক বেগ, বহুখলপীয়া ফিল্ম বা চিট সামগ্ৰী কঢ়িওৱা বেগ, বন পালন আৰু উদ্যান শস্যৰ নাছাৰ্ৰিত কোনো চৰকাৰী বিভাগ বা ফাৰ্মে দিয়া অৰ্ডাৰৰ বাবে ব্যৱহাৰ কৰিবলগীয়া প্লাষ্টিক বেগ বা চিটৰ ক্ষেত্ৰত আৰু ঔষধ পেকেজিঙৰ বাবে ব্যৱহাৰ কৰা প্লাষ্টিক বেগ বা প্লাষ্টিকৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা বলবৎ নহ’ব ।

উল্লেখ্য যে ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাই ইয়াৰ পূৰ্বে প্লাষ্টিক বেগৰ ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছিল । কিন্তু প্ৰকৃতাৰ্থত এই নিষেধাজ্ঞা কেৱল কাগজতে সীমাবদ্ধ হৈ থাকে । বজাৰত কিন্তু প্লাষ্টিকৰ প্ৰচলন অব্যাহত থাকে । ইতিমধ্যে অসম চৰকাৰেও প্লাষ্টিকমুক্ত অসম (Plastic free Assam) গঢ়াৰ প্ৰতিশ্ৰুতি দি আহিছে । কিন্তু সময়ত সকলো ফুটুকাৰ ফেনত পৰিত হয় । এতিয়া কামৰূপ জিলাৰ ক্ষেত্ৰত এই নিৰ্দেশনা কি ধৰণে পালন কৰা হ'ব সেয়া সময়েহে ক'ব ।

লগতে পঢ়ক : মূল্যবদ্ধিৰ বিৰোধিতাৰে তেজপুৰত CPI(ML)ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.