ETV Bharat / state

Kamrup Metro DTO Revenue : সৰ্বাধিক কৰ সংগ্ৰহৰ অভিলেখ কামৰূপ মহানগৰ জিলা পৰিবহণৰ

২০২২-২৩ বিত্তীয় বৰ্ষ সম্পূৰ্ণ হ’বলৈ বাকী থকা সময়তে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে গঢ়িলে অভিলেখ ৷ এপ্ৰিলৰ পৰা 15 ফেব্ৰুৱাৰীৰ ভিতৰতে সংগ্ৰহ কৰিল 300 কোটিৰো অধিক ৰাজহ (Kamrup Metro DTO Revenue)৷

author img

By

Published : Feb 15, 2023, 10:20 PM IST

Kamrup Metro DTO Revenue
সৰ্বাধিক কৰ সংগ্ৰহৰ অভিলেখ কামৰূপ মহানগৰ জিলা পৰিবহণৰ

নিউজ ডেস্ক, ১৫ ফেব্ৰুৱাৰীঃ অসম চৰকাৰৰ পৰিবহণ বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) কাৰ্যালয়ে ২০২২-২৩ বিত্তীয় বৰ্ষ সম্পূৰ্ণ কৰিবলৈ মাজত মাত্ৰ ডেৰমাহ সময় বাকী আছে ৷ পহিলা এপ্ৰিলৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈকে ৰাজ্যৰ ভিতৰতে অভিলেখ গঢ়ি ৩০০,৪১,৯৮,৭৯৩ টকাৰ ৰাজহ সংগ্ৰহ কৰি অসম চৰকাৰৰ ৰাজভঁৰাললৈ অৱদান আগবঢ়াবলৈ সক্ষম হৈছে অসম চৰকাৰৰ পৰিবহণ বিভাগে (Kamrup Metro DTO Revenue)৷

ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে (DTO Gautam Das) সদৰী কৰা মতে পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰৰ উপৰি একেটা চৌহদতে থকা প্ৰৱৰ্তক শাখা আৰু আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীসহ তিনিওটা জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ সামূহিক নেৰানেপেৰা প্ৰচেষ্টাত এই অভিলেখ পৰিমানৰ ৰাজহ সংগ্ৰহ হৈছে ৷ কাৰ্যালয়ৰ যান-বাহন পৰিদৰ্শক, প্ৰৱৰ্তক পৰিদৰ্শক আৰু কাৰ্যালয়ৰ সমূহ কৰ্মচাৰীৰ পৰস্পৰৰ সহযোগিতা তথা সমূহীয়া প্ৰচেষ্টাৰ বাবে বিগত চাৰে দহটা মাহত এই বৃহৎ পৰিমানৰ ৰাজহ সংগ্ৰহ সম্ভৱ হৈছে (Highest Revenue collection Assam)।

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ৰাজহ সংগ্ৰহকাৰী বিভাগৰ লগতে পৰিবহণ বিভাগকো ক’তো অকণো সুৰুঙা নথকাকৈ ৰাজহ সংগ্ৰহৰ কামত অহোপুৰুষাৰ্থ কৰিবলৈ জনোৱা আহ্বানত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা পৰিবহণ বিষয়াসকলক নিষ্ঠাসহকাৰে ৰাজহ সংগ্ৰহৰ ব্যৱস্থা বাহাল ৰাখিবলৈ নিৰ্দেশ দিছিল ৷

পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশৰ পাচতেই সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ নেতৃত্বত, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাস আৰু আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলামৰ সহযোগিতাত বিভিন্ন সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰি যানবাহন ব্যৱহাৰকাৰীসকলে সময়মতে যান-বাহনৰ কৰ আদায় দিয়াৰ গুৰুত্ব সন্দৰ্ভত সৰ্বস্তৰৰ ৰাইজৰ মাজত প্ৰচাৰ চলাই ‘অপাৰেচন কুৰুক্ষেত্ৰ’ অব্যাহত ৰাখে (Operation Kurukhetra)৷

অভিযানৰ সমান্তৰালভাৱে মহানগৰ জিলাৰ যান-বাহন পৰিদৰ্শক, প্ৰৱৰ্তকসকলকে ধৰি বিষয়া-কৰ্মীসকল কেইবাটাও গোটত বিভক্ত হৈ বছৰ বছৰ ধৰি যান-বাহনৰ কৰ আদায় নিদিয়া বহুজাতিক কোম্পানী, ট্ৰেন্সপৰ্ট এজেন্সিৰ উপৰি বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানৰ দুৱাৰে দুৱাৰে উপস্থিত হৈ বকেয়াসহ যাৱতীয় কৰ পৰিশোধ কৰিবলৈ আহ্বান জনায় ৷ তদুপৰি কৰ পৰিশোধ নকৰাসকলক হাতে হাতে আনকি ডাকযোগে ডিমাণ্ড নটিছ প্ৰেৰণ কৰিও কৰ আদায় দিবলৈ সকীয়াই দিয়া হয় ৷

ইফালে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাবে গঢ়ি তোলাৰ বাবে জনোৱা আহ্বানত ৰাজপথত সকলো সময়তে সুৰক্ষিত যাতায়ত ব্যৱস্থা বাহাল ৰখাৰ প্ৰয়াসেৰে মাইকযোগে ৰাজহুৱা ঘোষণা, বাটৰ নাট পৰিবেশন, যানবাহন আইনৰ সুৰক্ষা বিষয়ক প্ৰচাৰ পুস্তিকা বিতৰণ, বক্তৃতা আদিৰ ব্যৱস্থা কৰি অহা হৈছে ৷

লগতে পঢ়ক: Anti Child Marriage Drive: ৰাজনৈতিক উদ্দেশ্যেৰে চৰকাৰে সাধাৰণ ৰাইজৰ ওপৰত অত্যাচাৰ চলাইছে; ড৹ অপূৰ্ব কুমাৰ বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.