ETV Bharat / state

বিশ্বকৰ্মা পূজা আৰু মহালয়া আয়োজনক লৈ নিৰ্দেশনা জাৰি উপায়ুক্ত বিশ্বজিৎ পেগুৰ - Biswajit Pegu

বিশ্বকৰ্মা পূজা আৰু মহালয়া আয়োজনকলৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৷ বুধবাৰে সংবাদ মাধ্যমৰ আগত এই নিৰ্দেশনাসমূহ ঘোষণা কৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷

Kamrup Metro DC releases rules and regulations to abide for Biswakarma Puja
বিশ্বকৰ্মা পূজা আৰু মহালয়া আয়োজনকলৈ নিৰ্দেশনা জাৰি উপায়ুক্ত বিশ্বজিৎ পেগুৰ
author img

By

Published : Sep 16, 2020, 8:56 PM IST

গুৱাহাটী,16 ছেপ্তেম্বৰঃ বৃহস্পতিবাৰে বিশ্বখনিকৰ বিশ্বকৰ্মা পূজাৰ লগতে পৰিছে পবিত্ৰ মহালায় ৷ বিশ্বকৰ্মা পূজা আৰু মহালয়া আয়োজনকলৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে কিছু গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৷ পূজাৰ সময়ত একেটা স্থানত ১৫ জনতকৈ অধিক লোকৰ সমাগম হ'ব নোৱাৰিব। কেৱল তিনিজন লোকহে একেলগে প্ৰতিমা দৰ্শন কৰিব পাৰিব ৷ আনহাতে,প্ৰসাদ হিচাপে কেৱল শুকান ফল-মূলহে ভক্তক দিব লাগিব ৷ বুধবাৰে সংবাদ মাধ্যমৰ আগত এই নিৰ্দেশনাসমূহ ঘোষণা কৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷

বিশ্বকৰ্মা পূজা আৰু মহালয়া আয়োজনকলৈ নিৰ্দেশনা জাৰি উপায়ুক্ত বিশ্বজিৎ পেগুৰ

সমান্তৰালকৈ,মহালয়াৰ বাবেও ক’ভিড প্ৰটক’ল মানি সামাজিত দূৰত্ব,মাস্ক,ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় উপায়ুক্তগৰাকীয়ে ৷ চৰকাৰী এই নিৰ্দেশনাসমূহ ভংগ কৰিলে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জনায় উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷ আনহাতে,অহা 23 ছেপ্তেম্বৰত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত এখন বিশেষ সভা অনুষ্ঠিত কৰা হ’ব ৷ এই সভাখনতেই মহানগৰীৰ পূজা কমিটীসমূহৰ সৈতে আলোচনা কৰি দুৰ্গা পূজা সন্দৰ্ভত নিয়মাৱলী নিৰ্ধাৰণ কৰিব প্ৰশাসনে ৷

লগতে পঢ়ক-কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত সম-অধিকাৰৰ দাবীত কলিতা ছাত্ৰ সন্থাৰ ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.