ETV Bharat / state

AAP Press Meet: হিমন্ত বিশ্ব শৰ্মাৰ দিনত মূল্যবৃদ্ধিয়েও বিশ্বৰেকৰ্ড গঢ়িব; কমল কুমাৰ মেধি

author img

By

Published : Apr 19, 2023, 7:44 PM IST

নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ বৰ্ধিত মূল্যই সমস্যাত পেলাইছে অসমৰ সাধাৰণ জনতাক । বিহুৰ উখল-মাখল পৰিৱেশৰ মাজতো মূল্যবৃদ্ধিৰ বাবেই যেন বিহুৰ আনন্দ নিৰানন্দলৈ পৰিণত হৈছে অসমৰ একাংশ ৰাইজৰ । মূল্যবৃদ্ধিৰ বিৰুদ্ধে বুধবাৰে ‘আপ’ৰ গণেশগুৰিস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে আপৰ ৰাজ্যিক যুটীয়া সমন্বয়ক কমল কুমাৰ মেধিয়ে (AAP Press Meet) ।

Kamal Kumar Medhi slams Himanta Biswa Sarma
মূল্যবৃদ্ধিৰ বিৰুদ্ধে AAP ৰ সংবাদমেল
মূল্যবৃদ্ধিৰ বিৰুদ্ধে AAP ৰ সংবাদমেল

গুৱাহাটী, ১৯ এপ্ৰিল: ৰাজ্যজুৰি ৰঙালীৰ ব্যাপক উচাহ । পিছে ৰঙালীৰ আনন্দত ৰাজ্যবাসী মতলীয়া হৈ থকাৰ সময়তে মূল্যবৃ্দ্ধি হৈ আহিছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ । মূল্যবৃদ্ধিৰ বিৰুদ্ধে বুধবাৰে ‘আপ’ৰ গণেশগুৰিস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে আপৰ ৰাজ্যিক যুটীয়া সমন্বয়ক কমল কুমাৰ মেধিয়ে (Kamal Kumar Medhi slams Himanta Biswa Sarma) ।

সংবাদমেলত বিহু নৃত্য-গীতক লৈ বিশ্ব ৰেকৰ্ড গঢ়াৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত মূল্যবৃদ্ধিয়েও বিশ্বৰেকৰ্ড গঢ়াৰ দিশে ধাৱমান হৈছে বুলি আপৰ ৰাজ্যিক যুটীয়া সমন্বয়ক কমল কুমাৰ মেধিয়ে অভিযোগ উত্থাপন কৰে । ৰাজ্যিক যুটীয়া সমন্বয়গৰাকীয়ে ক্ষোভেৰে কয় যে, আকাশলংঘী মূল্যবৃদ্ধিয়ে এতিয়া ৰঙালীৰ আনন্দক বহুতৰে বাবে নিৰানন্দত পৰিণত কৰিছে (AAP Press Meet) ।

অত্যাৱশ্যকীয় সামগ্ৰীৰ প্ৰতিদিনে বাঢ়ি অহা দামে এতিয়া সাধাৰণ নাগৰিকৰক জনজীৱন ক্ৰমশঃ দুর্বিসহ কৰি তুলিছে । অত্যাৱশ্যকীয় সামগ্ৰীৰ এই অভাৱনীয় মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰখনে কোনো ধৰণৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা নাই । তেওঁ কয় যে, মূল্যবৃদ্ধিয়ে জুৰুলা কৰা সাধাৰণ ৰাইজৰ মনৰ কথা শুনিবলৈ এতিয়া প্রধানমন্ত্রী বা মুখ্যমন্ত্রী কাৰোৰে সময় নাই (Kamal Kumar Medhi slams BJP) ।

সাম্প্রদায়িক আবেগ আৰু তৰল কথা বতৰাৰেই এতিয়া দেশ তথা ৰাজ্যৰ ৰাজনীতি আগবঢ়াই নিয়া হৈছে । ৰাইজৰ মূল সমস্যাক আওকাণ কৰিবলৈ প্ৰতিদিনে নতুন নতুন কিছুমান তৰল বিষয় ৰাইজৰ মাজলৈ এৰি দিয়া হৈছে । সাম্প্রদায়িক কথা বতৰাত ৰাইজক ব্যস্ত ৰাখিবলৈ চেষ্টা কৰা হৈছে ।

সংবাদমেলত কমল কুমাৰ মেধিয়ে আৰু কয় যে, বিজেপি চৰকাৰে অত্যাৱশ্যকীয় সামগ্রী আইন সংশোধন কৰি বজাৰখনৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছে । সেয়েহে চৰকাৰ এতিয়া মাত্ৰ নিৰৱ দৰ্শক । ৰাইজক সকাহ দিবৰ কোনো ব্যৱস্থা এই চৰকাৰৰ হাতত আৰু নাই । মূল্যবৃদ্ধিৰ অনুপাতে নতুন নতুন সংস্থাপন বা বৰ্দ্ধিত আয়ৰ কোনো ব্যৱস্থা এই চৰকাৰে কৰিব পৰা নাই (AAP press conference on price hike) ।

যোৱা সময়চোৱাত সাধাৰণ নাগৰিকৰ আয় উদ্বেগজনকভাৱে কমি আহিছে । এফালে ৰাইজৰ ক্ৰয় ক্ষমতা হ্রাস, আনফালে আকাংশলঘী মূল্যবৃদ্ধিৰ মাজত পৰি এতিয়া ৰাইজৰ হাহাকাৰ অৱস্থা হৈছে । এনে ভয়ংকৰ পৰিস্থিতিক আওকান কৰি এখন চৰকাৰ দীৰ্ঘদিন ক্ষমতাত তিষ্ঠি থাকিব নোৱাৰে বুলি উল্লেখ কৰি কমল কুমাৰ মেধিয়ে কয় যে, আম আদমি পাৰ্টীৰ চৰকাৰ থকা দিল্লী আৰু পঞ্জাৱত সাধাৰণ ৰাইজক সকাহ দিবৰ বাবে বিভিন্ন জনকল্যাণমূলক আঁচনি গ্ৰহণ কৰা হৈছে ।

সাম্প্ৰদায়িক আৰু তৰল কথাৰ ৰাজনীতি পৰিহাৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মূল্যবৃদ্ধিৰ কথা পাতিবলৈ সংবাদমেলত আম আদমি পার্টীয়ে আহ্বান জনায় । লগতে এই ক্ষেত্ৰত অসমৰ জনগনক সজাগ হ'বলৈও আহ্বান জনাই আপৰ ৰাজ্যিক যুটীয়া সমন্বয়ক কমল কুমাৰ মেধিয়ে ।

লগতে পঢ়ক: Fire in Gohpur: গহপুৰৰ হেলেমত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.