ETV Bharat / state

ৰাইজৰ দল এৰিলে কমল কুমাৰ মেধিয়ে - অখিল গগৈৰ সংগ্ৰামী সতীৰ্থ কমল কুমাৰ মেধি

কংগ্ৰেছ দল ত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰা একালৰ অখিল গগৈৰ সংগ্ৰামী সতীৰ্থ কমল কুমাৰ মেধিয়ে এইবাৰ ৰাইজৰ দলো এৰিলে(Kamal Kumar Medhi quits Raijor Dal) ৷ সামাজিক মাধ্যমযোগে তেওঁ এই কথা সদৰি কৰিছে ৷ সদ্যহতে আন কোনো দললৈ যোৱাৰ কোনো পৰিকল্পনা নাই কমল কুমাৰ মেধিৰ ৷

kamal-kumar-medhi-quits-raijor-dal
ৰাইজৰ দল এৰিলে কমল কুমাৰ মেধিয়ে
author img

By

Published : Apr 20, 2022, 7:06 AM IST

গুৱাহাটী, 20 এপ্ৰিল: এইবাৰ ৰাইজৰ দল ত্যাগ কৰিলে কমল কুমাৰ মেধিয়ে ৷ কংগ্ৰেছ দল ত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰা একালৰ অখিল গগৈৰ সংগ্ৰামী সতীৰ্থ কমল কুমাৰ মেধিয়ে এইবাৰ ৰাইজৰ দলো এৰিলে ৷ ৰাইজৰ দল ত্যাগ কৰা(Kamal Kumar Medhi quits Raijor Dal) ৰ কথা তেওঁ সামাজিক মাধ্যমযোগে নিজে অৱগত কৰিছে ৷ সামাজিক মাধ্যমত উল্লেখ কৰা অনুসৰি, তেওঁ ৰাইজৰ দলৰ পৰা ১২ এপ্ৰিলতে পদত্যাগ কৰিছিল ৷ কিন্তু এই কথাটো তেওঁ সংবাদ মাধ্যম বা সামাজিক মাধ্যমত প্ৰচাৰ কৰা নাছিল ৷

kamal-kumar-medhi-quits-raijor-dal
অখিল গগৈৰ একালৰ সংগী কমল কুমাৰ মেধি

ইয়াৰ কাৰণ সন্দৰ্ভত তেওঁ সামাজিক মাধ্যমযোগে কয় যে, তেওঁৰ পদত্যাগৰ বিষয়টো দলৰ বাবে এটা নেতিবাচক ইছ্যুত পৰিণত নহওক, তাৰ বাবে তেওঁ মনে মনে আঁতৰি দিব আৰু দিন যোৱাৰ পিছত মানুহে গম পালেও দলৰ তেতিয়া একো ক্ষতি নহয় ৷ তেওঁ কয় যে, তেওঁৰ ক’বলৈ বহু কথাই আছে যদিও বৰ্তমান একো কথা ৰাজহুৱা নকৰে ৷ তেওঁ নিজৰ সিদ্ধান্তৰ বাবে ৰাইজৰ দলৰ নিষ্ঠাবান কৰ্মীসকললৈ ক্ষমা প্ৰাৰ্থনা খোজে ৷

মেধিয়ে লগতে জনাই যে, সদ্যহতে তেওঁৰ আন কোনো দললৈ যোৱাৰ কোনো পৰিকল্পনা নাই ৷ উল্লেখ্য যে, বিগত বিধানসভা নিৰ্বাচনত তেওঁ ৰাইজৰ দলৰ হৈ ভৱানীপুৰ সমষ্টি(Bhawanipur LAC) ৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰে জড়িত হৈ অখিল গগৈৰ সৈতে বিভিন্ন সংগ্ৰামত অৱতীৰ্ণ হোৱা কমল কুমাৰ মেধিয়ে ২০১৮ চনত কংগ্ৰেছ দলত যোগদান কৰিছিল ৷ পৰৱৰ্তী সময়ত ৰাইজৰ দল গঠন হোৱাত তেওঁ কংগ্ৰেছ ত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰে ৷ অৱশেষত তেওঁ ৰাইজৰ দলো ত্যাগ কৰিলে ৷

লগতে চাওক: GMC Election 2022: গুৱাহাটী পৌৰ নিৰ্বাচনৰ বাবে মহানগৰীত ড্ৰাই ডে’ ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.