গুৱাহাটী, 26 নৱেম্বৰ : "অসমীয়া ভাষা ৰক্ষাৰ বাবে আন্দোলন, প্ৰতিবাদ কৰা দল সংগঠনৰ নেতাসকলৰ সন্তানক অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাওক" । সংবাদমেল যোগে এই আহ্বান জনালে ৰাজ্যসভাৰ বিজেপি সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷
উল্লেখ্য যে, বঙাইগাঁৱত অনুষ্ঠিত হৈ যোৱা কেবিনেট বৈঠকত অসম লোকসেৱা আয়োগৰ পৰীক্ষা(APSC Examination)ত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ ব্যৱস্থা আঁতৰাই দিয়া(Removal of Assamese language in APSC Examination) সিদ্ধান্তক অসম জাতীয় পৰিষদ, অসম সাহিত্য সভাৰ দৰে বিভিন্ন দল সংগঠনে বিৰোধিতা কৰিছে ৷
দল-অনুষ্ঠানৰ এই বিৰোধিতাক বৃহস্পতিবাৰে ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলৰ জৰিয়তে(Kamakhya Prasad Tasa pressmeet in BJP Office) দলৰ মুখ্য মুখপাত্ৰ কামাখ্যা প্ৰসাদ তাছাই উপলুঙা কৰে । তেওঁ কয় যে, কেবিনেটে অসমীয়া ভাষাৰ বিৰুদ্ধে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই । কেবিনেটে অসমীয়া ভাষাৰ বিৰুদ্ধে কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ প্ৰশ্ন উঠিব নোৱাৰে । বৰং চৰকাৰে অসমৰ জনজাতীয় ভাষাবোৰক মৰ্যদা দিয়াৰ কামহে কৰিছে ।
সাংসদ তাছাই লগতে কয় যে, বিজেপি দলে সদায় অসমীয়া ভাষাৰ উত্তৰণৰ বাবে কাম কৰি আছে(BJP on Assamese language) । শংকৰদেৱ শিশু নিকেতনৰ দৰে বিদ্যালয়ৰ জৰিয়তে অসমীয়া ভাষা(Assamese language in Sankardev Sishu Niketan)ৰ উত্তৰণৰ কাম কৰি আছে । অসমীয়া ভাষা ৰক্ষাৰ নামত একাংশ দল সংগঠনে বিজেপিক সমালোচনা কৰি নিৰ্বাচনকেন্দ্ৰিক ৰাজনীতি কৰি আছে বুলি মন্তব্য কৰে বিজেপিৰ মুখ্য মুখপাত্ৰগৰাকীয়ে ।
কেবিনেট বৈঠকত গ্ৰহণ কৰা সকলো সিদ্ধান্তক আদৰণি জনায় তেওঁ কয় যে , লাচিত বৰফুকনৰ সাহসিকতা আৰু বীৰত্বক সৰ্বভাৰতীয় পৰ্যায়ত তুলি ধৰা আৰু প্ৰচাৰৰ বাবে চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে , সেয়া অতি আদৰণীয় । বিজেপি দলৰ পৰাও উচ্চ পৰ্যায়ত লাচিত বৰফুকনৰ সাহসিকতা আৰু বীৰত্বক প্ৰচাৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব (Publicity of the bravery and heroism of Lachit Barphukan)।
ইয়াৰ লগতে তেওঁ কয় যে, অসমৰ সীমা সমস্যা সমাধান কৰাৰ বাবে অসম চৰকাৰে নাগালেণ্ড, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ লগত যিধৰণৰ আলোচনা অব্যাহত ৰাখিছে সেয়া সঁচাকৈ আদৰণীয় । কামাখ্যা প্ৰসাদ তাছাই দৃঢ়তাৰে কয় যে, অসম চৰকাৰে অসমৰ এক ইঞ্চি মাটিও এৰি নিদিয়ে ।
লগতে পঢ়ক : Lachit Divas : ৰাষ্ট্রীয় পৰ্যায়ত লাচিত বঁটা প্ৰদান কৰিবলৈ আহ্বান লুৰিণজ্যোতি গগৈৰ