গুৱাহাটী,৭ জুলাইঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত বুধবাৰে অথ্যাৎ আজি সন্ধিয়া অন্তৰ্ভুক্ত হ’ব অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । সন্ধিয়া ৬ বজাত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ’ব লগীয়া এই শপতগ্ৰহণ অনুষ্ঠানত শপত লবলগীয়া প্ৰতিগৰাকী মন্ত্ৰীৰ সৈতে এগৰাকীকৈহে ব্যক্তি উপস্থিত থকাৰ ব্যৱস্থা কৰা হৈছে । সেইমৰ্মে সোণোৱালৰ সৈতে উপস্থিত থকাৰ কথা আছিল মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা ।
গুৱাহাটীৰ পৰা আজি বিয়লি ৩.৪০ বজাত বিশেষ বিমান যোগে মুখ্যমন্ত্ৰী দিল্লীলৈ উৰা মাৰে । কিন্তু ৬ বজাৰ নিৰ্দ্ধাৰিত শপতগ্ৰহণ অনুস্থানত উপস্থিত থাকিব পৰাকৈ তেওঁ দিল্লীত উপস্থিত থাকিব পাৰিব নে নোৱাৰে সেয়া অনিশ্চিত হৈ পৰাত সোণোৱালৰ সৈতে সাংসদ কামাখ্যা প্ৰসাদ তাছা উপস্থিত থকাটো নিশ্চিত কৰা হয় ।মনকৰিবলগীয়া যে আজি কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ পিছতে সোণোৱালে এৰিব লাগিব মাজুলীৰ বিধায়কৰ পদ । আনহাতে বিশ্বজিৎ দৈমাৰীৰ পদত্যাগৰ পিছত খালি হোৱা ৰাজ্যসভাৰ আসনখনত বিজেপিয়ে ছমাহৰ ভিতৰত জয়ী কৰোৱাই নিব লাগিব সৰ্বানন্দ সোণোৱালক ।
উল্লেখযোগ্য যে, বুধবাৰে সন্ধিয়া অনুষ্ঠিত হ’বলগীয়া বহু প্ৰত্যাশিত কেবিনেট ৰদবদল (Cabinet reshuffle)ৰ পূৰ্বে নতুন মন্ত্ৰীসভাত নাম অন্তৰ্ভূক্ত হোৱাৰ সম্ভাৱনা থকা কেইবাগৰাকীও মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ( Prime Minister Narendra Modi)ক সাক্ষাৎ কৰিবলৈ তেওঁৰ বাসগৃহত উপস্থিত হয় । প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিবলৈ তেওঁৰ বাসগৃহত উপস্থিত হোৱা নেতাসকলৰ অন্যতম হৈছে বিজেপিৰ নাৰায়ণ ৰাণে (Narayan Rane), জ্যোতিৰাদিত্য সিন্ধিয়া (Jyotiraditya Scindia), অজয় ভট্ট (Ajay Bhatt) , ভূপেন্দ্ৰ যাদৱ (Bhupender Yadav), শোভা কৰন্দলাজে (Shobha Karandlaje), প্ৰীতম মুণ্ডে (Pritam Munde)আৰু মীনাক্ষী লেখি (Meenakshi Lekhi), এলজেপিৰ পশুপতি পৰাছ (Pashupati Paras) আৰু আপনা দলৰ অনুপ্ৰিয়া পেটেল (Anupriya Patel) ।
বিজেপি সভাপতি জে পি নাড্ডা (BJP president J P Nadda)ও উক্ত বৈঠকত উপস্থিত থকাৰ সম্ভাৱনা আছে । উক্ত বৈঠকত পুৰুষোত্তম ৰূপালা (Parshottam Rupala) আৰু অনুৰাগ ঠাকুৰ (Anurag Thakur)কে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীৰ পদবী উন্নীতকৰণ হোৱাৰ সম্ভাৱনা আছে ৷
লগতে পঢ়কঃ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কেবিনেটৰ সম্ভাব্য মন্ত্ৰীসকলৰ