ETV Bharat / state

Kamakhya Human Sacrifice case: কামাখ্যাত কি দৰে হৈছিল নৰবলি; আৰক্ষী আয়ুক্তই দিলে ঘটনাৰ সবিশেষ বৰ্ণনা

author img

By

Published : Apr 4, 2023, 9:07 PM IST

2019 চনত অম্বুবাচী মেলাত সংঘটিত হোৱা নৰবলিৰ ঘটনাৰ ফাইল খুলিছে আৰক্ষীয়ে ৷ সেই নিশা প্ৰকৃততে কি হৈছিল (kamakhya Human Sacrifice case)? সকলো বিৱৰি ক’লে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই

kamakhya Human Sacrifice case in details
নৰ ৰক্তৰ দাগেৰে ৰাঙলী হ’ল কামাখ্যা

নৰ ৰক্তৰ দাগেৰে ৰাঙলী হ’ল কামাখ্যা

গুৱাহাটী, 4 এপ্ৰিল : অম্বুবাচী মেলাত অন্ধবিশ্বাসৰ ভয়ংকৰ পৰিণতিৰ ফলত সংঘটিত হৈছিল এক নৰবলিৰ ঘটনা (kamakhya Human Sacrifice case) ৷ সুদীৰ্ঘ চাৰি বছৰৰ অন্তত পুনৰ কামাখ্যাৰ নৰবলিৰ প্ৰসংগই ৰাজ্য কঁপাইছে ৷ কামাখ্যাৰ জয় দুৰ্গা মন্দিৰত সংঘটিত হোৱা নৰবলি ঘটনাৰ লগত জড়িত থকা তান্ত্ৰিকসহ পাঁচ অভিযুক্তক আটক কৰাৰ পিচতেই চাঞ্চল্যৰ সৃষ্টি হৈছে (Human sacrifice case at Kamakhya) ।

এজাক অন্ধবিশ্বাসীয়ে অম্বুবাচী মেলাত মা কামাখ্যাক সন্তুষ্ট কৰিবলৈ এগৰাকী নিৰীহ মহিলাক পূজা কৰাৰ নামত বলি দিয়া হৈছিল (Woman killed sake of Human sacrifice)। কামাখ্যা মন্দিৰৰ কাষত থকা জয় দুৰ্গা মন্দিৰৰ চিৰিৰ ওচৰত এগৰাকী মহিলাৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ হৈছিল । ওচৰতে এটা চাকি আৰু কিছুমান মাটিৰ সামগ্ৰী, ৰঙা সূতা, খালী প্লাষ্টিকৰ বটল পোৱা গৈছিল । তেলৰ আন এটা বটলো পোৱা গৈছিল।

মঙলবাৰে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই এক সংবাদমেলযোগে সমগ্ৰ ঘটনা সন্দৰ্ভত সদৰী কৰে (CP Diganta Bora press meet)। ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে ইতিমধ্যে 5 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে যদিও এতিয়াও 7 অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই (CP Diganta Bora on kamakhya case)। ধৃত অভিযুক্তকেইটা ক্ৰমে মধ্যপ্ৰদেশৰ তান্ত্ৰিক মাতা প্ৰসাদ পাণ্ডে ওৰফে মাতেশ্বৰী গীৰি (50), গুৱাহাটীৰ সুৰেশ পাছোৱান (56), উত্তৰ প্ৰদেশ মথুৰাৰ প্ৰাদ্বীপ পাঠক ওৰফে দিনেশ ওৰফে ৰাজু (52), গুৱাহাটীৰ কানু আচাৰ্য জী ওৰফে কানু তান্ত্ৰিক (62), ভায়াৰাম মোৰিয়া ওৰফে ৰাজু বাবা (60) ।

ঘটনাটো কেতিয়া ঘটিছিল ?

2019 চনৰ অম্বুবাচী মেলাত নৰবলিৰ ঘটনাটো সংঘটিত হৈছিল । 2019 চনৰ জুনৰ 18-19 জুনৰ মাজভাগত নিশা এই নৰবলি সংঘটিত হৈছিল । 19 জুনত কামাখ্যা মন্দিৰৰ জয় দুৰ্গা মন্দিৰৰ কাষৰ চিৰিত কম্বলেৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ হৈছিল মুণ্ডহীন এগৰাকী মহিলাৰ মৃতদেহ (Women dead body recovered at Kamakhya)। তাৰ পিচতে জালুকবাৰী আৰক্ষীয়ে (Jalukbari police) নিজাববীয়াকৈ 919/19 নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছিল । পৰৱৰ্তী সময়ত ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে (Two accused arrested)।

ইপিনে মহিলাগৰাকীৰ পৰিচয় বিচাৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ পিচতে ঘটনা সংঘটিত হোৱাৰ প্ৰায় 10 দিনৰ পিচত অৰ্থাৎ 28 জুনত মহিলাগৰাকীৰ সন্ধানত পুত্ৰ সুৰেশ শ্ব’য়ে পশ্চিম বংগৰ হুগলী জিলাৰ তাতিপাৰাৰ পৰা জালুকবাৰীলৈ আহিছিল । পুত্ৰই আৰক্ষীক জনাইছিল যে, প্ৰতি বছৰৰ দৰে সেইবাৰো অম্বুবাচী মেলা উপলক্ষে তেওঁৰ মাতৃ দুগৰাকী মহিলা আৰু এজন বাবাৰ লগত কামাখ্যালৈ আহিছিল । তাৰ পিচৰে পৰাই নিৰুদ্দেশ হৈ আছিল তেওঁৰ মাতৃ ৷

তেতিয়া আৰক্ষীয় সুৰেশক মুণ্ডহীন মহিলাগৰাকীৰ মৃতদেহটো দেখুৱায় ৷ সুৰেশ শ্বয়ে মহিলাগৰাকীৰ পোছাক আৰু শৰীৰত থকা টাটু প্ৰত্যক্ষ কৰি সেই মুণ্ডহীন মৃতদেহটো তেওঁৰ মাতৃ শান্তি শ্ব’ৰ (64) বুলি চিনাক্ত কৰিছিল । ইয়াৰ পিচতে জালুকবাৰী আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত মন্থৰ গতিত চলি চলাইছিল যদিও পিচলৈ ফাইল বন্ধ হৈ পৰে ।

কেনেকৈ পোহৰলৈ আহিল এই ঘটনা ?

মহানগৰ আৰক্ষী আয়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিচৰে পৰাই দিগন্ত বৰাৰ (CP Diganta Bora) নেতৃত্বত মহানগৰীত সংঘটিত হোৱা কেইবাটাও হত্যাকাণ্ডৰ ঘটনা তদন্ত আৰম্ভ হয় । কেইবাটাও চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আনি দোষীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী আয়ুক্তৰ নেতৃত্বাধীন দলটোৱে । ইয়াৰ পিচতে এমাহ পূৰ্বে কামাখ্যাত উদ্ধাৰ হোৱা মুণ্ডহীন শান্তি শ্ব’ৰ হত্যাকাণ্ডৰ ঘটনাৰ পুনৰ তদন্ত আৰম্ভ হয়।

তদন্তকাৰী দলে প্ৰথমে পশ্চিম বংগৰ কোঁচবিহাৰ শিতলাকুছিত অভিযান চলায় । কৈলাশ বৰ্মন নামৰ এজন লোকৰ ঘৰত অভিযান চলায় এটা বেগৰ পৰা ভুক্তভোগী শান্তি শ্ব’ৰ মোবাইল, আধাৰ কাৰ্ড, কাপোৰ উদ্ধাৰ কৰে । কৈলাশ বৰ্মনে জনায় যে মাতা প্ৰসাদ পাণ্ডে বিগত 8 বছৰ ধৰি প্ৰায় তেওঁলোকৰ গাঁৱলৈ আহে ।

2019 চনত তেওঁ কৈলাশ বৰ্মনৰ ঘৰলৈ আহি বেগটো গতাই পিচত লৈ যাম বুলি কৈছিল । সেই তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলায় ধৃত 5 অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিচতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে । এই ঘটনাৰ লগত জড়িত 7 জন ব্যক্তি বৰ্তমান পলাতক হৈ আছে ।

কি দৰে সংঘটিত হৈছিল নৰবলিৰ ঘটনা ?

ঘটনা সংঘটিত কৰাৰ নিশা মাতা প্ৰসাদ পাণ্ডেয়ে ভূতনাথ ধামত কপালি / কাল ভৈৰৱ / কালি পূজাৰ আয়োজন কৰিছিল (kamakhya Human Sacrifice case)। সেই পূজাত ভুক্তভোগীসহ 12 গৰাকী লোকে অংশগ্ৰহণ কৰিছিল । মহিলাগৰাকীক গেৰুৱা শাৰী পিন্ধাই সেই পূজাত অংশগ্ৰহণ কৰায় আৰু অত্যাধিক পৰিমাণৰ মদ-মাংস খুৱায় । ভূতনাথত পূজা শেষ হোৱাৰ পিচত মাজনিশা দুখন বাহনেৰে কামাখ্যাৰ বগলা মন্দিৰৰ কাষত থকা শ্মশানলৈ গৈ পূজা-পাঠ কৰে ।

সেই সময়ত নিচাসক্ত হৈ আছিল ভুক্তভোগী মহিলাসহ আনকেইগৰাকী লোক । তাৰ পিছতে ভুক্তভোগী মহিলাগৰাকী সহ আটাইকেইগৰাকী জয় দুৰ্গা মন্দিৰলৈ আহিছিল আৰু জয় দুৰ্গা মন্দিৰত পূজা-পাঠ কৰে । তাৰ পিছতে ধৃত ৰাজু বাবাই গাত লৈ থকা কম্বলখন মন্দিৰৰ মজিয়াত পাৰি দি ভুক্তভোগী মহিলাগৰাকীক তলমূৰ কৰি শুৱাই দিয়ে, বাবাৰ নিৰ্দেশানুসৰি মহিলাগৰাকীৰ হাত, ভৰি, মূৰত সেই স্থানত উপস্থিত থকা লোকে ধৰে আৰু এজনে শিৰচ্ছেদ কৰে ।

শিৰচ্ছেদ কৰাৰ পিচতে কম্বলখনেৰে মেৰিয়াই মহিলা গৰাকীৰ মৃতদেহটো জয় দুৰ্গা মন্দিৰৰ সমীপৰ চিৰিত পেলায় দিয়ে । তিনিটা পলিথিনৰ বেগত মহিলাগৰাকীৰ মূৰটো সুমুৱাই ব্ৰহ্মপুত্ৰ নদীতত উটুৱাই দিয়া হৈছিল ।

নৰবলি ঘটনাৰ মাষ্টাৰ মাইণ্ড কোন আৰু কেনেকৈ পৰিকল্পনা কৰিছিল ?

সমগ্ৰ ঘটনাটোৰ মাষ্টাৰ মাইণ্ড আছিল উত্তৰ প্ৰদেশ মথুৰাৰ প্ৰদীপ পাঠক আৰু উত্তৰ ভাৰতৰ এজন তান্ত্ৰিক (Mastermind of kamakhya human sacrifice case)। তেওঁলোক ভূতনাথলৈ আহিছিল তাতে ধৃত তান্ত্ৰিক কেইজনৰ লগত মিলি ভূতনাথত পূজা আয়োজন কৰিছিল প্ৰদীপ পাঠকে । 11 বছৰ পূৰ্বে তেওঁৰ ভাতৃ নাগা সাধুৰ আত্মাৰ শান্তিৰ বাবে ধৃত লোককেইজনৰ সৈতে মিলি নৰবলি দিয়াৰ পৰিকল্পনা কৰিছিল প্ৰদীপ পাঠকে । 18 জুনৰ দিনৰ ভাগতে নৰবলিৰ বাবে ফাঁচী বজাৰৰ পৰা বাবে এখন দা ক্ৰয় কৰা হৈছিল ।

তাৰ পিচত প্ৰদীপ পাঠকে ভুক্তভোগী মহিলাগৰাকীৰ সৈতে অহা পশ্চিম বংগৰ বাবাজনৰ সৈতে যোগাযোগ কৰিছিল আৰু ভুক্তভোগী মহিলাগৰাকীক বলি দিয়াৰ পৰিকল্পনা কৰিছিল । পৰিকল্পনা কৰা অনুসৰি মহিলাগৰাকীক ভূতনাথৰ কালি পূজালৈ লৈ অহা হৈছিল আৰু মহিলাগৰাকী পূজাৰ অংশ বুলি অত্যাধিক মদ্যপান কৰাইছিল । মহিলাগৰাকীক যে বলি দিয়া হ’ব সেই কথাৰ উমান পোৱা নাছিল ভুক্তভোগীগৰাকীয়ে ৷ সেই পূজাত উপস্থিত থকা প্ৰতিজনকে প্ৰদীপ পাঠকে 10 হাজাৰ টকাকৈ দিছিল ।

অন্ধবিশ্বাসী প্ৰদীপ পাঠক কোন ?

উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ কৈলাশ নগৰৰ বাসিন্দা প্ৰদীপ পাঠক । উত্তৰ প্ৰদেশ চৰকাৰৰ চৰকাৰী কৰ্মচাৰী 52 বছৰীয়া পাঠক। বিজ্ঞান প্ৰযুক্তিৰ দিনত অন্ধবিশ্বাসী প্ৰদীপ পাঠকৰ মোবাইলত আছে 60-70% তান্ত্ৰিকৰ যোগাযোগ নম্বৰ । নৰবলিৰ সময়তে ভূতনাথত চিনাকী হোৱা মাতা প্ৰসাদক বিগত বৰ্ষত বিহাৰলৈ লগ কৰিবলৈও আহিছিল প্ৰদীপ পাঠকে । তন্ত্ৰ-মন্ত্ৰৰ উপায়েৰে কিদৰে অধিক ধন অৰ্জন কৰিব পাৰিব সেই সম্পৰ্কে কৌশল ল’বলৈ মাতা প্ৰসাদক লগ কৰিবলৈ গৈছিল পাঠকে ৷

লগতে পঢ়ক: Human sacrifice at Kamakhya : কামাখ্যাৰ নৰবলি সংঘটিত কৰা 5 অভিযুক্তক গ্ৰেপ্তাৰ

এই ঘটনাৰ পিচতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে, যিটো নৰবলিৰ ঘটনাটো আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ নেতৃত্বত এমাহতেই পোহৰলৈ আহিল ৷ 2019 চনতেই এই ঘটনাৰ সঠিক তদন্ত কিয় নহ’ল । আৰক্ষীৰ অমনোযোগিতাৰ বাবেই এই ঘটনাক তেতিয়া আওকাণ কৰা হৈছিল নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.