ETV Bharat / state

দেশৰ তৃতীয় শ্ৰেষ্ঠ পৰিস্কাৰ পীঠস্থান শক্তিপীঠ কামাখ্যা - বৈষ্ণো দেৱী মন্দিৰ

কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে স্বচ্ছতা তথা মন্দিৰৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে লৈ অহা পদক্ষেপৰ বাবেই শক্তিপীঠলৈ আগবঢ়োৱা হৈছে এই সন্মান ৷

শক্তিপীঠকলৈ গৌৰাম্বিত অসমবাসী
author img

By

Published : Sep 5, 2019, 7:38 PM IST

Updated : Sep 9, 2019, 2:49 PM IST

গুৱাহাটী, 5 চেপ্তেম্বৰঃ কামাখ্যাক লৈ গৌৰাম্বিত অসমবাসী ৷ নীলাচল বুকুত অৱস্থিত মা-কামাখ্যা মন্দিৰে পৰিষ্কাৰ-পৰিচন্নতাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰত লাভ কৰিছে তৃতীয় স্থান । শুকুৰবাৰে নতুন দিল্লীত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰিব এই বঁটা । মঙলবাৰে দেশৰ জলশক্তি মন্ত্ৰণালয়, খোৱাপানী আৰু স্বচ্ছতা বিভাগে ঘোষণা কৰে পৰিষ্কাৰ স্থানৰ তালিকা । কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে স্বচ্ছতা তথা মন্দিৰৰ সৰ্বাংগীন উন্নয়নৰ বাবে লৈ অহা পদক্ষেপৰ বাবেই শক্তিপীঠলৈ আগবঢ়োৱা হৈছে এই সন্মান । বঁটা লাভ কৰাৰ পাচতে আনন্দিত কামাখ্যা মন্দিৰ পৰিচালনা সমিতি ।

শক্তিপীঠকলৈ গৌৰাম্বিত অসমবাসী

আনহাতে, স্বচ্ছতাৰ এই তালিকাৰ শীৰ্ষ স্থানত আছে জম্মু–কাশ্মীৰৰ ৰিয়াছী জিলাৰ ত্ৰিকূট পাহাৰত অৱস্থিত প্ৰসিদ্ধ তীৰ্থস্থান মাতা বৈষ্ণো দেৱী মন্দিৰ ।

Intro:Gfx- 1) অসমবাসীৰ বাবে এটা গৌৰৱৰ বিষয়।
2) দেশৰ ভিতৰতে পৰিস্কাৰ-পৰিচন্নতাৰ ক্ষেত্ৰত তৃতীয় স্থানত শক্তিপীঠ কামাখ্যা।
3) কাইলৈ ৰাষ্ট্ৰপতিয়ে নতুন দিল্লীত প্ৰদান কৰিব বঁটা।

V/O1 - নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰে ভাৰতবৰ্ষৰ ভিতৰতে লাভ কৰিছে তৃতীয় শ্ৰেষ্ঠ ‘পৰিষ্কাৰ স্থান’ৰ স্বীকৃতি। মঙলবাৰে দেশৰ জলশক্তি মন্ত্ৰণালয়, খোৱাপানী আৰু স্বচ্ছতা বিভাগে ঘোষণা কৰে পৰিষ্কাৰ স্থানৰ তালিকা। এই বঁটা লাভ কৰি অতিকৈ আনন্দিত কামাখ্যা মন্দিৰ পৰিচালনা সমিতি।
Byte-

V/O2 - কাইলৈ নতুন দিল্লীত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰিব এই বঁটা। ইফালে কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে স্বচ্ছতা তথা মন্দিৰৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে লৈ অহা পদক্ষেপৰ বাবেই শক্তিপীঠলৈ আগবঢ়োৱা হৈছে এই সন্মান। ভাৰত চৰকাৰৰ 'স্বচ্ছ ভাৰত মিছন'ৰ অধীনত দেশৰ কেইবাখনো তীৰ্থস্থানক প্ৰদান কৰা হ'ব এই বঁটা।
Byte-

End V/O - উল্লেখযোগ্য যে, স্বচ্ছতাৰ এই তালিকাৰ শীৰ্ষ স্থানত আছে জম্মু–কাশ্মীৰৰ ৰিয়াছী জিলাৰ ত্ৰিকূট পাহাৰত অৱস্থিত প্ৰসিদ্ধ তীৰ্থস্থান মাতা বৈষ্ণো দেৱী মন্দিৰ। দেশৰ ভিতৰতে ‘সৰ্বশ্ৰেষ্ঠ পৰিষ্কাৰ স্থান’ হিচাপে ঘোষণা কৰা হৈছে বৈষ্ণো দেৱী মন্দিৰক।Body:Hirul Haque Conclusion:Guwahati
Last Updated : Sep 9, 2019, 2:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.