ETV Bharat / state

তেলেংগানা উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ উজ্জ্বল ভূঞা

author img

By

Published : May 18, 2022, 8:18 PM IST

Updated : May 18, 2022, 8:37 PM IST

বিশিষ্ট আইনজ্ঞ, সুযোগ্য অসম সন্তান, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্য়ায়াধীশ উজ্জ্বল ভূঞাক নিযুক্তি দিয়া হৈছে তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ৷ অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানা দুখন সুকীয়া ৰাজ্য হিচাপে বিভক্ত হোৱাৰ পিছত উজ্জ্বল ভূঞা হ’ব তেলেংগানা উচ্চ ন্যায়ালয়ৰ পঞ্চম গৰাকী মুখ্য ন্যায়াধীশ ।

justice-ujjal-bhuyan-appointed-as-new-chief-justice-of-telangana
তেলেংগানা উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ উজ্জ্বল ভূঞা

নিউজ ডেস্ক, ১৮ মে': তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে বিশিষ্ট আইনজ্ঞ, সুযোগ্য অসম সন্তান, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাক (Justice Ujjal Bhuyan appointed as new chief justice of Telangana) । দেশৰ উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে মঙলবাৰে ভূঞাৰ নাম তেলেংগানাৰ নতুন মুখ্য ন্যায়াধীশ পদৰ বাবে অনুমোদন জনায় ।

উল্লেখযোগ্য যে গুৱাহাটীৰ বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয় (পূৰ্বৰ আৰ্ল ল' কলেজ) ৰ পৰা এল এল বি ডিগ্ৰী গ্ৰহণ কৰা ভূঞাই পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এল এল এম ডিগ্ৰী গ্ৰহণ কৰিছিল । ১৯৯১ চনত তেওঁ এগৰাকী অধিবক্তা হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰ্মজীৱনৰ পাতনি মেলে ।

২০১৩ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী পূৰ্ণ পৰ্যায়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে উজ্জ্বল ভূঞাই । স্মৰ্তব্য যে ইয়াৰ পূৰ্বে তেওঁক বোম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে বদলি কৰা হৈছিল । শেহতীয়াকৈ তেওঁক তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে মঙলবাৰে নিযুক্তি দিয়া হয় । তাৎপৰ্যপূৰ্ণ যে অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানা দুখন সুকীয়া ৰাজ্য হিচাপে বিভক্ত হোৱাৰ পিছত উজ্জ্বল ভূঞা হ’ব তেলেংগানা উচ্চ ন্যায়ালয়ৰ পঞ্চম গৰাকী মুখ্য ন্যায়াধীশ ।

লগতে পঢ়ক: Rajiv Gandhi assassination case: অন্যতম অভিযুক্ত এ জি পেৰাৰিভালনক কাৰামুক্তিৰ নিৰ্দেশ

Last Updated : May 18, 2022, 8:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.