ETV Bharat / state

APSC-ৰ মৌখিক পৰীক্ষাৰ বিতং তথ্য বিচাৰিছে ন্যায়াধীশ শৰ্মা আয়োগে

author img

By

Published : Jul 2, 2021, 6:39 PM IST

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈয়েই সৰ্বানন্দ সোণোৱালে লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ নিৰ্দেশ দিছিল আৰু সেই তদন্তৰ ভিত্তিতেই ৰাকেশ পালৰ পৰা চাকৰি কিনা ৩৯ জনকৈ এ চি এছ(ACS), এ পি এছ(APS) আৰু সংযুক্ত সেৱাৰ বিষয়া জালত পৰিছিল । এতিয়া আকৌ পুনৰ জালত পৰাৰ সম্ভাৱনা কেইবাগৰাকীও ৰাজপত্ৰিত বিষয়া ৷

assam apsc scam
APSC-ৰ মৌখিক পৰীক্ষাৰ বিতং তথ্য বিচাৰিছে ন্যায়াধীশ শৰ্মা আয়োগে

গুৱাহাটী, ২জুলাই : ২০১৩ বৰ্ষৰ লোকসেৱা আয়োগৰ পৰীক্ষাত সেই সময়ৰ অধ্যক্ষ কুখ্যাত ৰাকেশ পাল এণ্ড কোম্পানীক লাখে লাখে টকা দি চাকৰি কিনা সকলৰ বিপদ চমু চাপি আহিছে । 2016 চনত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈয়েই সৰ্বানন্দ সোণোৱালে লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ নিৰ্দেশ দিছিল আৰু সেই তদন্তৰ ভিত্তিতেই কুখ্যাত ৰাকেশ পালৰ পৰা চাকৰি কিনা ৩৯ জনকৈ এ চি এছ, এ পি এছ আৰু সংযুক্ত সেৱাৰ বিষয়া জালত পৰিছিল ।

assam apsc scam
APSC ৰ মৌখিক পৰীক্ষাৰ বিতং তথ্য বিচাৰিছে ন্যায়াধীশ শৰ্মা আয়োগে

পৰৱৰ্তী সময়ত সেই ৩৯ বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল চৰকাৰে । সেয়া আছিল উক্ত কেলেংকাৰীৰ তদন্তৰ প্ৰথম অধ্যায় । এতিয়া আৰম্ভ হৈছে দ্বিতীয় অধ্যায় । কিয়নো ৰাকেশ পালক লাখে লাখে টকা দি যে কেৱল সেই ৩৯ বিষয়াইহে চাকৰি কিনিছিল তেনে নহয় । সেই সময়ত জালত নপৰাকৈ সাৰি গৈছিল আৰু কেইবাজনো বিষয়া ।

এতিয়া ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ তদন্ত আয়োগে বিপদ ঘন্টা বজাইছে এতিয়াও কৰ্মৰত হৈ থকা এইসকল বিষয়াৰ । ২০১৩ বৰ্ষত পিছ দুৱাৰেদি চাকৰি লোৱা ১৯ গৰাকী এ চি এছ(ACS), এ পি এছ(APS) আৰু সংযুক্ত সেৱাৰ বিষয়াক ইতিমধ্যে চমন জাৰি কৰিছে ন্যায়াধীশ শৰ্মা আয়োগে ।

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ দেৱ শৰ্মা

আনহাতে, শুকুৰবাৰে আয়োগৰ এক সূত্ৰই ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰে যে ২০১৩ বৰ্ষত চাকৰি লাভ কৰা সন্দেহজনক এইসকল বিষয়াৰ মৌখিক পৰীক্ষাৰ সবিশেষ তথ্য লোকসেৱা আয়োগৰ পৰা বিচাৰিছে ন্যায়াধীশ শৰ্মা আয়োগে । মনকৰিবলগীয়া যে, ইতিমধ্যে এই ১৯ গৰাকী কৰ্মৰত বিষয়াৰ পৰীক্ষাৰ উত্তৰ বহী আৰু টেবুলেশ্বন শ্বীটৰ মাজত থকা বিসংগতি স্পষ্ট হৈ পৰিছে । এতিয়া বাকী ৰৈছে কেৱল সেইসকল বিষয়াৰ মৌখিক পৰীক্ষাৰ তথ্য । সেই তথ্য শীঘ্ৰেই লোকসেৱা আয়োগক দাখিল কৰিবলৈ কৈছে ন্যায়াধীশ শৰ্মা আয়োগে ।

ৰাকেশ পাল

ইপিনে একেটা সূত্ৰই এই বুলিও প্ৰকাশ কৰে যে ২০১৩ বৰ্ষত চাকৰি লাভ কৰা আৰু ১৭ গৰাকী প্ৰাৰ্থীৰ পৰীক্ষাৰ উত্তৰ বহী সম্প্ৰতি ফৰেনচিক পৰীক্ষাগাৰত আছে । দুই এদিনৰ ভিতৰতে শৰ্মা আয়োগৰ হাতত পৰিব ফৰেনচিকৰ প্ৰতিবেদন । সেই প্ৰতিবেদনৰ পিছত আৰু একাংশ এ চি এছ, এ পি এছ আৰু সংযুক্ত সেৱাৰ বিষয়া জালত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে ।

লগতে পঢ়ক : ৰাষ্ট্ৰপতিক সাক্ষাৎ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.