গুৱাহাটী, ৩০আগষ্ট: মহানগৰবাসীক প্ৰাকৃতিক ৰসৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে উদ্যান শস্য তথা গ্ৰাম্য অৰ্থনীতি সৱল কৰাৰ উদ্দেশ্যে গুৱাহাটীত অনুষ্ঠিত হৈছে 'জীৱন জুচ ফেষ্টিভেল'(Jeevan Juice Festival in Guwahati)। স্বেচ্ছাসেৱী সংস্থা জীৱন ইনিচিয়েটিভৰ উদ্যোগত দীঘলীপুখুৰীৰ পাৰ আৰু লক্ষ্মীধৰ বৰা ক্ষেত্ৰত আয়োজিত এই জুচ ফেষ্টিভেল অহা ৩১ আগষ্টলৈ অনুষ্ঠিত হ'ব ।
ফেষ্টিভেলৰ প্ৰথম তিনিদিনত কেইবাসহস্ৰ লোকে ভিৰ কৰিছে(Juice Festival in Assam)। এই বিষয়ে সদৰী কৰিছে জীৱন ইনিচিয়েটিভৰ মুখ্য-সংগঠক সুৰেশ ৰঞ্জন গদুকাই । তেওঁ কয় যে অভিনৱ চিন্তাৰে দীঘলীপুখুৰীৰ পাৰত গঢ়ি তোলা হৈছে এখন বাৰ যত থেকেৰা,কৰ্দৈ,তেঁতেলি,ঔ টেঙা,কঁঠাল,বগৰী,ৰৱাব টেঙা,জামু,লতাবেল আদি অসমৰ বিবিধ ফল-মূলৰ ৰস পৰিৱেশন কৰা হৈছে ।
জীৱন ইনিচিয়েটিভৰ মুখ্য-সংগঠক গৰাকীয়ে আৰু কয় যে পাঁচ দিনীয়া এই সমাৰোহত উত্তৰ পূৰ্বাঞ্চলৰ ফল-মূল বিষয়ক কুইজ প্রতিযোগিতা,সাংস্কৃতিক অনুষ্ঠান,কৰ্মশালা(Workshop on juice),প্ৰদৰ্শণী আদি অনুষ্ঠান অনুষ্ঠিত হৈছে । বিগত তিনিদিনত প্ৰায় ১৮ হাজাৰ অংশগ্ৰহণকাৰী আহিছে । ইয়াৰে ৯০ শতাংশই যুৱপ্ৰজন্ম বুলি তেওঁ উল্লেখ কৰ । সন্মিলনখনত প্ৰায় ৩৫ হাজাৰ অংশগ্ৰহণকাৰী হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে । উল্লেখ্য় যে অসমৰ থলুৱা ফলৰ ৰস নগৰাঞ্চলত জনপ্ৰিয় কৰাৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই ফেষ্টিভেল ।