ETV Bharat / state

কৰ'ণামুক্ত জুবিন গাৰ্গ সহ চাৰিজনীয়া দলটো - মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

মুম্বাইৰ পৰা আহি হোটেল ৰেডিচন ব্লুত কোৱাৰেণ্টাইন হৈ আছিল জুবিন গাৰ্গ, পত্নী গৰিমা শইকীয়া গাৰ্গ, সংগীত শিল্পী পাৰ্থ প্ৰতীম গোস্বামী আৰু অভিনেতা সিন্ধাৰ্থ শৰ্মা । আজি দলটোৰ কৰ'ণা ৰিপ'ৰ্ট আহি পোৱাৰ পাছতে চাৰিজনীয় দলটো কৰ'ণা নিগেটিভ বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

Jubin garg Corona result negative
কৰ'ণামুক্ত জুবিন গাৰ্গ আৰু দলটো
author img

By

Published : May 14, 2020, 4:43 PM IST

গুৱাহাটী, 14 মে' : বৃহস্পতিবাৰে জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু'ত উপস্থিত হৈ জুবিন গাৰ্গ আৰু তেওঁৰ দলটো কৰ'ণামুক্ত বুলি ঘোষণা কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । মুম্বাইৰ পৰা আহি হোটেল ৰেডিচন ব্লুত আছিল জুবিন গাৰ্গ, পত্নী গৰিমা শইকীয়া গাৰ্গ, সংগীত শিল্পী পাৰ্থ প্ৰতীম গোস্বামী আৰু অভিনেতা সিন্ধাৰ্থ শৰ্মা । আজি দলটোৰ কৰ'ণা ৰিপ'ৰ্ট আহি পোৱাৰ পাছতে চাৰিজনীয় দলটোৰ কৰ'ণা নিগেটিভ বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

কৰ'ণামুক্ত জুবিন গাৰ্গ

সন্ধিয়াৰ ভাগত ৰেডিচন ব্লু'ৰ পৰা নিজ ঘৰলৈ ৰাওনা হ'ব জুবিন। আগন্তুক ১৪ দিনলৈ হোম কোৱাৰেইন্টাইনত থাকিব লাগিব জুবিনৰ চাৰিজনীয়া দলটো ।

উল্লেখ্য যে, মুম্বাইৰ পৰা অহা ১৪৯ গৰাকী লোকক ৰেডিচন ব্লু'ত ৰাখি পৰীক্ষা নিৰীক্ষা কৰিছিল স্বাস্থ্য বিভাগে । ইয়াৰে ৭ গৰাকীৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে । বৰ্তমান আক্ৰান্তসকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । লগতে নিগেটিভ পোৱা লোকসকলক নিজ নিজ ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিছে বুলি অৱগত কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.