ETV Bharat / state

জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কঠোৰ আইনৰ পোষকতা - জনসংখ্যা সমাধান ফাউণ্ডেশ্যন

জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কেৱল সজাগতা অভিযানেই নহয়,ইয়াৰ বাবে লাগিব কঠোৰ আইন । শনিবাৰে 'জনসংখ্যা সমাধান ফাউণ্ডেশ্যন'ৰ উদ্যোগত আয়োজিত এক আলোচনা সভাত এই মতামত আগবঢ়াইছে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে । এই আলোচনাৰ পূৰ্বে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ইন্দ্ৰেশ কুমাৰে এক ফেচবুক লাইভযোগে ইয়াৰ সাৰগৰ্ভ বক্তব্য আগবঢ়ায় ।

JSF Indresh Kumar webner for Population Control in Guwahati
জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কঠোৰ আইনৰ পোষকতা
author img

By

Published : Oct 11, 2020, 5:28 PM IST

গুৱাহাটী,11 অক্টোবৰ : ভাৰতবৰ্ষৰ দৰে দেশৰ ক্ষেত্ৰত জনসংখ্যাৰ বিস্ফোৰণ এক ভয়ংকৰ সমস্যা । এই সমস্যা সমাধানৰ বাবে আমাৰ মনবোৰ ৰাষ্ট্ৰ-চিন্তাৰে সমৃদ্ধ হ’ব লাগিব। এই মন্তব্য ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ইন্দ্ৰেশ কুমাৰৰ । শনিবাৰে জনসংখ্যা সমাধান ফাউণ্ডেশ্যন নামৰ সংস্থাটোৰ দ্বাৰা আয়োজিত এক ৱেবনাৰত অংশগ্ৰহণ কৰি আৰএছএছৰ নেতা গৰাকীয়ে জনসংখ্যাৰ বৃদ্ধিৰ দৰে জটিল বিষয়সমূহৰ সমাধানৰ বাবে মানুহৰ মন-প্ৰাণ ৰাষ্ট্ৰ-চিন্তাৰ দ্বাৰা উৎভাসিত হোৱাতো প্ৰয়োজনীয় ।

জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কঠোৰ আইনৰ পোষকতা

আনহাতে,ৱেবনাৰৰ পাচত অনুষ্ঠিত এক আলোচনা সভাত ফাউণ্ডেশ্যনৰ অসম প্ৰান্তৰৰ অধ্যক্ষ শিৱ প্ৰসাদ শৰ্মাই জনসংখ্যাৰ বৃদ্ধি এটা বিশেষ জনগোষ্ঠীৰ মাজত কঠোৰ আইনৰ প্ৰয়োজন বুলি মন্তব্য আগবঢ়ায় । ফাউণ্ডেশ্যনৰ উত্তৰ-পূৰ্বাঞ্চলৰ অধ্যক্ষৰ দায়িত্বত থকা শৈলেন পাণ্ডেই আঁতধৰা অনুষ্ঠানটোত বিশিষ্ট সমাজ সেৱক ব্ৰহ্মজী ৰাও,ডাঃ শুভজিত চৌধুৰী,লেখক-সাংবাদিক ৰঞ্জীব কুমাৰ শৰ্মা,নয়নজোতি ভূঞা,অমল গোস্বামী,আৰ্যনীল কাশ্যপ,লাকী গগৈ প্ৰমুখ্যে কেইবাগৰাকীও বক্তাই জনসংখ্যাৰ নিয়ন্ত্ৰণৰ বাবে কঠোৰ আইনৰ পোষকতা কৰে । ইয়াৰ বাবে চৰকাৰৰ ওপৰত হেঁচা দিয়াৰ প্ৰসংগও উত্থাপিত হয় ।

উল্লেখ্য যে, জনসংখ্যা সমাধান ফাউণ্ডেশ্যন সংস্থাটোৱে দেশৰ প্ৰায় প্ৰতিটো প্ৰান্ততে জনসংখ্যা বিস্ফোৰণৰ বিপৰীতে জনতাক সজাগ কৰা আৰু যথোচিত আইন প্ৰণয়ন কৰাৰ বাবে অভিযান চলাই আহিছে ।

লগতে পঢ়ক: মৰিগাঁৱত খেল পথাৰ নিৰ্মাণৰ নামতো ব্যাপক দুৰ্নীতি !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.