গুৱাহাটী, 10 নৱেম্বৰ : অৱশেষত মৃত্যুৰ ওচৰত আত্মসমৰ্পণ কৰিলে যোছেফ মাৰাকে(Joseph Marak) ৷ বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱা(Rajkanya Baruah)ই সুৰাপান কৰি গাড়ীৰে দুয়োখন ভৰি ছিঙি পেলাইছিল যোছেফৰ ৷ এমাহৰো অধিক গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতাল(GMCH)ৰ বিচনাত মৃত্যুৰে যুঁজি অৱশেষত নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে শ্ৰমিক যোছেফে ।
বুধবাৰে পুৱা 10 বজাত যোছেফৰ মৃত্যু হয় বুলি সদৰী কৰে জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মা(Dr Abhijit Sarma)ই । এমাহৰো অধিক সময় হাস্পতালৰ বিচনাত পৰি থকা যোছেফৰ হাঁওফাঁওৰ ৰক্ত পৰিবাহী সিৰা বন্ধ হৈ পৰিছিল । ইয়াৰোপৰি, গোটেই শৰীৰটোত চেপ্তিক ফৰ্ম হোৱাৰ ফলতে দুৰ্ভগীয়া শ্ৰমিকজনৰ মৃত্যু হোৱা বুলি ডাঃ অভিজিৎ শৰ্মাই জানিবলৈ দিয়ে ৷
উল্লেখ্য যে, 1 অক্টোবৰৰ নিশা প্ৰায় 1.30 বজাত সুৰাৰ নিচাত মাতাল হৈ বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাই নিজৰ বাহনেৰে মহতিয়াই নিছিল আঠজনকৈ শ্ৰমিকক । এই দুৰ্ঘটনাত থিতাতে এখন ভৰি হেৰুৱাইছিল যোছেফ মাৰাকে । পৰৱৰ্তী সময়ত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত যোছেফৰ আনখন ভৰিও কাটি পেলাব লগা হৈছিল ।
ক’ভিড(Covid)ৰ বাবে ঘোষিত সান্ধ্য আইন ভংগ কৰি বিলাসী তাজ ভিভাণ্টা হোটেলত প্ৰভাৱশালী ব্যৱসায়ী পংকজ সাধনীদাৰে আয়োজন কৰা বাৰ্থডে পাৰ্টীত অংশগ্ৰহণ কৰি উভতি অহাৰ পথত মডেল ৰাজকন্যাই সংঘটিত কৰিছিল ভয়ংকৰ দুৰ্ঘটনাটো । প্ৰথম অৱস্থাত আৰক্ষীৰ সোপাঢিলা নীতিৰ বাবে দুৰ্ঘটনা সংঘটিত কৰা পিছদিনাই জামিন পাইছিল ৰাজকন্যাই ।
পৰৱৰ্তী সময়ত বিভিন্ন সামাজিক মাধ্যমত হোৱা প্ৰতিক্ৰিয়াৰ ফলতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত দ্বিতীয়বাৰ মডেল ৰাজকন্যা গ্ৰেপ্তাৰ হৈছিল দিছপুৰ আৰক্ষীৰ হাতত । বৰ্তমান গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে(Guwahati Central Jail) বন্দী হৈ আছে মডেলগৰাকী । তাপৰ্যপূৰ্ণ কথা যে, জি এম চি এইচৰ কৰ্তৃপক্ষই দুৰ্ভগীয়া শ্ৰমিকজনক সুস্থ কৰি তুলিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰিও বিফল হ’বলগীয়া হয় ৷
আনহাতে, দুৰ্ঘটনা সন্দৰ্ভত ইতিমধ্যে অভিযোগনামা দাখিল কৰিছে দিছপুৰ আৰক্ষী(Dishpur Police)য়ে । কিন্তু এই ডেৰ পৃষ্ঠাৰ অভিযোগনামাত নাই বিশেষ পাৰ্টী আয়োজন কৰা পংকজ সাধনীদাৰ নাম । একেদৰে নাম নাই নৈশ সান্ধ্য আইন ভংগ কৰি পাৰ্টী অনুষ্ঠিত কৰা হোটেল তাজ ভিভাণ্টাৰ নামো । আনহে নালাগে, দিছপুৰ আৰক্ষীয়ে তদন্তৰ বাবে সোধ-পোচ কৰিবলৈও সাহস নহ’ল হোটেল কর্তৃপক্ষ আৰু পাৰ্টী আয়োজক পংকজ সাধনীদাৰক ।
লগতে পঢ়ক : অবৈধ সম্পৰ্কৰ প্ৰস্তাৱ নাকচ; কামনাৰ বলি বিবাহিতা মহিলা !