গুৱাহাটী, 4 মাৰ্চ: গোপন সূত্ৰৰ ভিত্তিত যোৰাবাট আৰক্ষীয়ে চলোৱা অভিযানত বুধবাৰে আৰক্ষীৰ জালত পৰিল অবৈধভাৱে খাৰুৱা তেল কঢ়িয়াই নিয়া এখন টেংকাৰ ৷ আৰক্ষীয়ে জনোৱা অনুসৰি ছামচাদ আলমৰ নিৰ্দেশত অনিল ৰাম নামৰ এজন বিহাৰৰ চালকে 32 হাজাৰ লিটাৰতকৈ অধিক খাৰুৱা তেল ভৰ্তি NL-02 AC 2523 নম্বৰৰ টেংকাৰখন ঝাৰখণ্ড পৰা অবৈধভাৱে ডিমাপুৰলৈ লৈ গৈ থকাৰ তথ্য লাভ কৰিছিল ইণ্ডিয়ান অইলে ৷ এই খবৰ পোৱাৰ পাছতেই গুৱাহাটী মহানগৰ আৰক্ষীক সমগ্ৰ কথা অৱগত কৰিছিল ইণ্ডিয়ান অইলে ৷ ইয়াৰ পাছতেই যোৰবাট আৰক্ষীয়ে চলোৱা অভিযানত চালক সহ আৰক্ষীৰ জালত পৰে তেলভৰ্তি টেংকাৰখন ৷
উল্লেখ্য যে ঝাৰখণ্ড পৰা ডিমাপুৰলৈ গৈ থকা খাৰুৱা তেলভৰ্তি টেংকাৰখন ছামচাদ আলমৰ নিৰ্দেশত বাগোৰীৰ পৰা ডিমাপুৰলৈ নগৈ পুনৰ বগোৰীৰ পৰা গুৱাহাটীলৈ উভতি আহিছিল ৷ এই খবৰ লাভ কৰিছিল ইণ্ডিয়ান অইলে ৷ ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে বৰ্তমান টেংকাৰখনৰ চালকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি চালকজনক সোধ-পোচ অব্যাহত ৰাখিছে যোৰাবাট আৰক্ষীয়ে ৷
লগতে পঢ়কঃ তেলেংগানাত কৰ’ণাৰ আতংক