ETV Bharat / state

JEE পৰীক্ষা কেলেংকাৰীৰ 5 অভিযুক্তক আদালতত হাজিৰ

JEE বাছনি পৰীক্ষা কেলেংকাৰীত জড়িত 5 জনকৈ অভিযুক্তক বৃহস্পতিবাৰে আদালতত হাজিৰ কৰোৱা হয় ৷ কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছে আটাইকে ।

JEE পৰীক্ষা কেলেংকাৰীৰ 5 অভিযুক্তক আদালতত হাজিৰ
JEE পৰীক্ষা কেলেংকাৰীৰ 5 অভিযুক্তক আদালতত হাজিৰ
author img

By

Published : Oct 29, 2020, 7:12 PM IST

গুৱাহাটী, 29 অক্টোবৰ: ৰাজ্য কপোৱা SI পৰীক্ষা কেলেংকাৰীৰ পাচত এইবাৰ JEE বাছনি পৰীক্ষা কেলেংকাৰী । ২০ লাখ টকাৰ বিনিময়ত অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰি গ্ৰেপ্তাৰ এটা সভ্য পৰিয়ালৰ এগৰাকী ছাত্ৰ । নাম নীল নক্ষত্র দাস । চিকিৎসক জ্যোতিৰ্ময় দাস আৰু লক্ষ্মী দাসৰ পুত্ৰ নীল নক্ষত্র দাস। পুত্ৰক আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানত পঢ়োৱাৰ সপোন আছিল চিকিৎসক দম্পতীৰ । যাৰ বাবে লৈছিল নিকৃষ্ট পন্থা । যোৱা ২৫ অক্টোবৰত আজাৰা আৰক্ষী থানাত দাখিল হোৱা এজাহাৰ ভিত্তিত, এই কেলেংকাৰীৰ তদন্ত কৰিছিল মহানগৰ আৰক্ষীয়ে ।

বুধবাৰে নিশা কেইবা ঘণ্টা ধৰি শীৰ্ষ আৰক্ষী বিষয়াৰ এটা দলে জেৰা চলাই গ্ৰেপ্তাৰ কৰে ঘটনাৰ মূল অভিযুক্ত চিকিৎসক জ্যোতিৰ্ময় দাস আৰু পুত্ৰ নীল নক্ষত্র দাসক । লগতে ION ডিজিটেল জ'নৰ পৰীক্ষা নিৰীক্ষক হেমেন্দ্ৰ নাথ শৰ্মা, প্ৰাঞ্জল কলিতা আৰু হিৰু কমল পাঠককো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । বৃহস্পতিবাৰে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছে আটাইকে । ঘটনাৰ অধিক তদন্তৰ বাবে মূল অভিযুক্ত চিকিৎসক জ্যোতিৰ্ময় দাস আৰু পুত্ৰ নীল নক্ষত্র দাসক আৰক্ষীয়ে জিম্মাত বিচৰাৰ সম্ভাৱনা আছে। কিয়নো বৰ্তমানো জালত পৰা নাই ভাৰাতীয়া প্ৰশিক্ষাৰ্থীজন । উল্লেখ্য যে, বৰঝাৰস্থিত INO ডিজিটেলত পৰীক্ষা দিছিল চিকিৎসক দম্পতীৰ সন্তান নীল নক্ষত্র দাসে । কিন্তু পৰীক্ষা অবিহনে শীৰ্ষ স্থান দখল কৰিছিল ছাত্ৰজনে । নিজৰ বন্ধুৰে এক টেলিফোনিক বাৰ্তালাপত সমগ্ৰ কেলেংকাৰীৰ তথ্য দাঙি ধৰিছিল খোদ নীল নক্ষত্র দাসে । সেই বিস্ফোৰক ফোন ৰেকৰ্ডিং ভাইৰেল হৈ পৰাৰ পাচতে পোহৰলৈ আহিছিল ভয়ংকৰ তথ্য।

লগতে পঢ়ক: শিৱসাগৰ নগৰৰ মাজমজিয়াত দুই ফৈদৰ মাজত ভয়ংকৰ সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.