ETV Bharat / state

আই আই টি গুৱাহাটীত জাপানৰ শিক্ষাৰ্থীৰ আত্মহত্যা

author img

By

Published : Nov 22, 2019, 12:53 PM IST

দেশৰ আগশাৰীৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীত পুনৰ সংঘটিত আত্মহত্যাৰ ঘটনা ৷ আই আই টি গুৱাহাটীত চিপ লৈ আত্মহত্যা জাপানৰ শিক্ষাৰ্থীৰ ।

আই আই টি গুৱাহাটীত জাপানৰ শিক্ষাৰ্থীৰ আত্মহত্যা

গুৱাহাটী,22 নৱেম্বৰ: দেশৰ অন্যতম আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান চমুকৈ আই আই টি গুৱাহাটীৰ লোহিত হোষ্টেলত জাপানৰ এগৰাকী ছাত্ৰই আত্মহত্যা কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনা অনুসৰি যোৱা কালি দিনৰ প্ৰায় তিনি বজাত হোষ্টেলটোৰ E-143 নম্বৰ কোঠাৰ বাথৰূমত চিপ লোৱা অৱস্থাত সহপাঠীয়ে উদ্ধাৰ কৰে ক'তা অন'ডা নামৰ শিক্ষাৰ্থীজনৰ মৃতদেহ ।

উক্ত ঘটনাৰ পিছতেই সমগ্ৰ আই আই টি গুৱাহাটীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । শিক্ষাৰ্থীজন সূদুৰ জাপানৰ জিফু বিশ্ববিদ্যালয়ৰ পৰা আই আই টি গুৱাহাটীত তিনিমহীয়া ইন্টাৰ্ণশ্বিপ অধ্যয়নৰ বাবে আহিছিল । স্মৰ্তব্য আত্মহত্যা কৰা ক'তা অন'ডা আছিল আই আই গুৱাহাটীৰ বায়' ছায়েন্স আৰু বায়' ইঞ্জিনিয়াৰিং বিভাগৰ শিক্ষাৰ্থী । শনিবাৰে আই আই টি গুৱাহাটী বায়'চাইন্স আৰু বায়'ইঞ্জিনিয়াৰিং বিভাগত সম্পন্ন হৈছিল বিদায় সম্বৰ্দ্ধনা আৰু প্ৰীতি ভোজৰ । ৩০ নৱেম্বৰত জাপানলৈ উভতি যোৱাৰ যাৱতীয়া সুবিধা তথা উৰা জাহাজৰ টিকটও বুক কৰিছিল শিক্ষাৰ্থী গৰাকীয়ে ৷ উল্লেখ্য যে, আই আই টি গুৱাহাটীৰ ২৫ বছৰীয়া ইতিহাসত শিক্ষাৰ্থীৰ এনেধৰণৰ আত্মহত্যাৰ ঘটনা বহু সংঘটিত হৈছে ।

তাৰ মাজতে এজন বিদেশী ছাত্ৰৰ আত্মহত্যাৰ ঘটনাই কেৱল শিক্ষাৰ্থী সকলকে নহয় উচ্চ শিক্ষা প্ৰতিষ্ঠানখনৰ প্ৰতিজনকে জোঁকাৰি গৈছে । আই আই টি গুৱাহাটীত মানসিকভাৱে ভাগি পৰা শিক্ষাৰ্থীৰ বাবে কাউন্সিলিংৰ ব্যৱস্থা থকাৰ পিছতো আই আই টিত কিয় বাৰে-বাৰে এনেধৰণৰ আত্মহত্যাৰ ঘটনা সংঘটিত হয় এই লৈ সৰ্বত্ৰে এতিয়া সৰৱ চৰ্চা আৰম্ভ হৈছে । এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে আমিনগাঁও আৰক্ষী, সহ জিলা দণ্ডাধীশ প্ৰনৱ দত্ত গোস্বামী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । ইফালে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ।

আৰু পঢ়ক ওদালগুৰিত পুনৰ পথ দুৰ্ঘটনা : দুদিনত 11জন লোক নিহত

Intro:*SLUG= NORTH GHY- IIT GHY STUDENT SUCIDE*

SCRIPT= আই আই টি গুৱাহাটীত চিপ লৈ আত্মহত্যা জাপানৰ শিক্ষাৰ্থীৰ । দেশৰ আগশাৰীৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীত পুনৰ সংঘটিত হৈছে আত্মহত্যাৰ ঘটনা । এইবাৰ ঘটনাৰ স্থান আই আই টি গুৱাহাটীৰ লোহিত হোষ্টেল । । Body:যোৱা কালি দিনৰ প্ৰায় তিনি মান বজাত হোষ্টেলটোৰ E143 নম্বৰ কোঠাৰ বাথৰূমত চিপ লোৱা অৱস্থাত সহপাঠীয়ে উদ্ধাৰ কৰে Kota onoda (কোটা অনোদা) নামৰ শিক্ষাৰ্থী জনৰ মৃতদেহ । তাৰ পিছতেই সমগ্ৰ আই আই টি গুৱাহাটীত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ । শিক্ষাৰ্থীজন সূদুৰ জাপানৰ GIFU University ৰ পৰা আই আই টি গুৱাহাটীত তিনিমহীয়া ইন্টাৰ্নচিপত অধ্যয়নৰ বাবে আহিছিল । স্মৰ্তব্য আত্মহত্যা কৰা কোটা অনোদা আছিল আই আই গুৱাহাটীৰ বায়ো চাইন্স বায়ো ইঞ্জিনিয়াৰিং বিভাগৰ শিক্ষাৰ্থী । শনিবাৰে আই আই টি গুৱাহাটী বায়োচাইন্স আৰু বায়োইঞ্জিনিয়াৰিং বিভাগত সম্পন্ন হৈছিল বিদায় সম্বোধনা আৰু প্ৰীতি ভোজৰ । ৩০ নৱেম্বৰত জাপানলৈ উভতি যোৱাৰ যাৱতীয়া সুবিধা তথা উৰা জাহাজৰ টিকতো বুক কৰিছিল শিক্ষাৰ্থী গৰাকীয়ে Conclusion:উল্লেখ্য আই আই টি গুৱাহাটীৰ ২৫ বছৰীয়া ইতিহাসত শিক্ষাৰ্থীৰ এনেধৰনৰ আত্মহত্যাৰ ঘটনা বহু সংঘটিত হৈছে । তাৰ মাজতে এজন বিদেশী ছাত্ৰৰ আত্মহত্যাৰ ঘটনাই কেৱল শিক্ষাৰ্থী সকলকে নহয় উচ্চ শিক্ষা প্ৰতিষ্ঠান খনৰ প্ৰতিজনকে জোঁকাৰি গৈছে । আৰু আই আই টি গুৱাহাটীত মানসিকভাৱে ভাগি পৰা শিক্ষাৰ্থীৰ বাবে কাউন্সিলিংৰ ব্যৱস্থা থকাৰ পিছতো আই আই টিত কিয় বাৰে বাৰে এনেধৰনৰ আত্মহত্যাৰ ঘটনা সংঘটিত হয় এই লৈ সৰ্বত্ৰে এতিয়া সৰৱ চৰ্চা আৰম্ভ হৈছে । এই ঘটনাৰ খৱৰ বিয়পি পৰাৰ লগে লগে আমিনগাঁও আৰক্ষী সহ জিলা দণ্ডাধীশ প্ৰনৱ দত্ত গোস্বামী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । ইফালে মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰন কৰিছে আৰক্ষীয়ে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.