ETV Bharat / state

Japanese encephalitis in assam: ২০১৩ চনৰ পৰা ৰাজ্যত এনকেফেলাইটিছত সৰ্বাধিক ৮০০ তকৈ অধিক লোকৰ মৃত্যু

দেশৰ ভিতৰতে অসমত জাপানী এনকেফেলাইটিছ ৰোগত সৰ্বাধিক লোক আক্ৰান্ত হোৱাৰ লগতে সৰ্বাধিক লোকৰ মৃত্যু হয় (Japanese encephalitis increase in Assam) । তথ্য মতে, 2018 চনত ৰাজ্যত সৰ্বাধিক ৫০৯ গৰাকী লোক এই ৰোগত আক্ৰান্ত হৈছিল । আকৌ ৯৪ গৰাকী লোকে এই ৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছিল ।

japanese-encephalitis-cases-and-deaths-rise-in-assam
২০১৩ চনৰ পৰা ৰাজ্যত এনকেফেলাইটিছত সৰ্বাধিক ৮০০ তকৈ অধিক লোকৰ মৃত্যু
author img

By

Published : Jul 29, 2022, 2:05 PM IST

গুৱাহাটী, 29 জুলাই: ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নতি হোৱা বুলি স্বাস্থ্য বিভাগে সততে দাবী কৰি অহাৰ সময়তে ৰাজ্যত জাপানী এনকেফেলাইটিছ ৰোগ দ্ৰুতগতিত বৃদ্ধি পাই আছে (Japanese encephalitis increase in Assam)। ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কার্যসূচী চমুকৈ এন. ভি. বি ডি চি পি ৱেবছাইটৰপৰা পোৱা তথ্য মতে দেশৰ ভিতৰতে অসমত জাপানী এনকেফেলাইটিছ ৰোগত সৰ্বাধিক লোক আক্ৰান্ত হোৱাৰ লগতে সৰ্বাধিক লোকৰ মৃত্যু হয় । তথ্য মতে, 2018 চনত ৰাজ্যত সৰ্বাধিক ৫০৯ গৰাকী লোক এই ৰোগত আক্ৰান্ত হৈছিল । আকৌ ৯৪ গৰাকী লোকে এই ৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছিল ।

2018 চনত দেশত জাপানী এনকেফেলাইটিছ ৰোগত মুঠ ১৮২ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল । ইয়াৰে ৯৪ গৰাকী লোক আছিল অসমৰ । তথ্য অনুসৰি, ৰাজ্যত যোৱা ছবছৰত অর্থাৎ ২০১৩ চনৰপৰা ২০১৯ চনলৈ এই ৰোগত মুঠ ৩৮৪০ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মুঠ ৮০৯ গৰাকী লোকৰ মৃত্যু হৈছে । জাপানী এনকেফেলাইটিছত ২০১৩ চনত ৰাজ্যত ৪৯৫ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ১৩৪ গৰাকী লোকৰ মৃত্যু হৈছে । ঠিক সেইদৰে ২০১৪ চনত ৭৬১ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ১৬৫ গৰাকী লোকৰ মৃত্যু হৈছে । ২০১৫ চনত ৬১৪ গৰাকী লোক এই ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে ১৩৫ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে ।

আনহাতে ২০১৭ চনত ৬০৪ গৰাকী লোক এই ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে ৮৭ গৰাকী লোকৰ মৃত্যু হৈছে । আনহাতে, ২০১৮ চনত এই ৰোগত ৫০৯ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৯৪ গৰাকী লোকৰ মৃত্যু হৈছে । ২০১৯ চনত এই ৰোগত ৪৩০ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ১০২ গৰাকী লোকৰ মৃত্যু হৈছে । ইয়াৰ পৰা দেখা যায় যে, ৰাজ্যত ২০১৩ চনৰ পৰা জাপানী এনকেফেলাইটিছ ৰোগে সংহাৰী ৰূপ ধাৰণ কৰি আহিছে ।

এন ভি বি ডি ডি পিৰ ৱেবছাইটত প্ৰকাশ পোৱা তথ্য মতে, ২০১৩ চনৰপৰা ৰাজ্যত দেশৰ ভিতৰত প্ৰতি বছৰে সৰ্বাধিক জাপানী এনকেফেলাইটিছত আক্ৰান্ত ৰোগী চিনাক্ত হোৱাৰ লগতে সৰ্বাধিক ৰোগীৰ মৃত্যু হৈ আহিছে । এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হোৱা ৰোগী আৰু মৃত্যু হোৱা ৰোগীৰ ক্ষেত্ৰত দেশৰ ভিতৰত অসম দ্বিতীয় স্থানত আছে । তথ্য মতে, ৰাজ্যত ২০১০ চনৰপৰা ২০১৯ চনলৈ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত ১৫৫০ গৰাকী ৰোগীৰ মৃত্যু হৈছে ।

চলিত বছৰত এতিয়ালৈকে এনকেফেলাইটিছত আক্ৰান্ত হোৱা মুঠ ৰোগীৰ সংখ্যা হৈছে ৩০৩ জন আৰু মৃত্যুৰ সংখ্যা ৪৫ জন । গড় হিচাপত প্ৰতিদিনে ৩.২৪ আক্ৰান্ত ৰোগী চিনাক্ত কৰা হৈছে। বহুসংখ্যক লোক এতিয়াও হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে । নগাঁও জিলাত (৪৪) উদ্বেগজনকভাৱে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ যোৰহাট (৩৭) আৰু গোলাঘাট (৩৪) জিলাতো প্ৰাদুর্ভাব বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে ২০০৬ চনতে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে দেশৰ ভিতৰত অসম, অন্ধ্ৰ প্ৰদেশ, কর্ণাটক, উত্তৰ প্ৰদেশ, বিহাৰ, হাৰিয়ানা, গোৱা, কোলা, মহাৰাষ্ট, তামিলনাড়ু আৰু পশ্চিমবংগ জাপানী এনকেফেলাইটিছ প্ৰবণ ৰাজ্য হিচাপে চিহ্নিত কৰিছিল । তাৰ ভিতৰত গোৱা, কোলা, হাৰিয়ানা আৰু কৰ্ণাটক ৰাজ্যকেইখনত ৰাজ্য চৰকাৰসমূহৰ স্বাস্থ্য বিভাগৰ তৎপৰতাৰ বাবে জাপানী এনকেফেলাইটিছৰ প্ৰাদুর্ভাব আৰু মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস পাইছে ।

এন ভি বিডি চি পি ৱেবছাইটত প্ৰকাশ পোৱা মতে, ২০১০ চনলৈ অসমৰ ১১ খন জিলাতহে জাপানী এনকেফেলাইটিছৰ প্ৰাদুর্ভাব আছিল। কিন্তু প্ৰতি বছৰে এই সংখ্যা বৃদ্ধি হৈ আহিছে। চলিত বৰ্ষত কোকৰাঝাৰ জিলাৰ বাহিৰে ৰাজ্যৰ বাকী সকলো জিলাতে জাপানী এনকেফেলাইটিছে সংহাৰী ৰূপ ধাৰণ কৰিছে। লক্ষণীয় যে প্ৰতি বছৰে এই ৰোগত গড়ে ১০০ গৰাকী লোকে প্ৰাণ হেৰুৱায় স্বাস্থ্য বিভাগৰ উদাসীনতাৰ বাবে এই ৰোগে ভয়াৱহ ৰূপ লৈছে । ইপিনে স্বাস্থ্য বিভাগে সদৰি কৰা মতে এই ৰোগত আক্ৰান্তৰ সংখ্যা মে' মাহৰ পৰা জুলাইৰ প্ৰথম সপ্তাহলৈ বৃদ্ধি পাইছিল।

কিন্তু ৰোগবিধক নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ পিছত জুলাই মাহৰ দ্বিতীয় সপ্তাহৰ পৰা আক্ৰান্তৰ সংখ্যাৰ লগতে জাপানীজ এনকেফেলাইটিছত মৃত্যু হোৱাৰ সংখ্যা যথেষ্ট পৰিমাণে হ্ৰাস পাইছে বুলি স্বাস্থ্য বিভাগে দাবী কৰিছে। জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা বুলি দাবী কৰিছে ।

স্বাস্থ্য বিভাগে সদৰি কৰা মতে ৰাজ্যখনৰ ৯ খন আগশাৰীৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় ক্ৰমে ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, বৰপেটা; ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়; অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, ডিব্ৰুগড়; শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়; লখিমপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ লগতে ১০ খন জিলা চিকিৎসালয় বঙাইগাঁও, গোৱালপাৰা, নলবাৰী, শিৱসাগৰ, তিনিচুকীয়া, হাইলাকান্দি, কৰিমগঞ্জ, দৰং, গোলাঘাট আৰু ধেমাজি আই চি ইউ সুবিধাসহ পৰীক্ষাগাৰত পৰীক্ষা কৰাৰ ব্যৱস্থাপনাৰে জাপানীজ এনকেফেলাইটিছ ৰোগীৰ বাবে সাজু কৰি ৰখা হৈছে ।

এই উল্লেখিত সকলো নিৰ্বাচিত চিকিৎসালয়ত এই এছ/জে.ই.ৰ ঔষধ আৰু চিকিৎসা সেৱা উপলব্ধ । মালাথিয়ন ব্যৱহাৰ কৰি ১৪৭ টা যন্ত্ৰৰে দৈনিক ঔষধযুক্ত ধোঁৱা দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি স্বাস্থ্য বিভাগৰ পৰা ষ্পষ্ট কৰিছে ।

লগতে পঢ়ক: Japanese Encephalitis infection : ৰাজ্যত জাপানীজ এনকেফেলাইটিছত সংহাৰী ৰূপ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.