ETV Bharat / state

Project Sadbhavana : জনতা ভৱনত ব্যাপক তৎপৰতা

author img

By

Published : Nov 21, 2021, 3:00 PM IST

প্ৰশাসনিক সংস্কাৰৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মা(Dr Himanta Biswa Sarma) নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে শেহতীয়াকৈ জনতা ভৱন(Janata Bhawan)ত নিষ্পত্তি নোহোৱাকৈ পৰি ৰোৱা সকলো ফাইলৰ কাম সম্পূর্ণ কৰাৰ বাবে লোৱা সিদ্ধান্তৰ পিছতেই তৎপৰ হৈ পৰিছে জনতা ভৱন ৷ মুখ্যমন্ত্ৰীয়ে ২০২২ বর্ষৰ ১০ মে’ৰ পূৰ্বে সকলো ফাইল নিষ্পত্তি কৰাৰ বাবে সময়সীমা নির্ধাৰণ কৰি দিয়াৰ পিছত জনতা ভৱনত প্ৰতিটো ফাইলৰ পৰীক্ষা কৰাৰ বাবে আৰম্ভ হৈছে প্ৰক্ৰিয়া ৷

জনতা ভৱনত ব্যাপক তৎপৰতা
Project Sadbhavana

গুৱাহাটী, 21 নৱেম্বৰ : শেহতীয়াকৈ জনতা ভৱনত বৃদ্ধি পাইছে কামৰ হেঁচা ৷ সকলো বিষয়া-কৰ্মচাৰী ব্যস্ত হৈ পৰিছে লক্ষ্যত উপনীত হ'বলৈ ৷ নতুন চৰকাৰৰ নতুন সিদ্ধান্তক লৈ জনতা ভৱন(Janata Bhawan)ত বিশেষ ব্যস্ততা পৰিলক্ষিত হৈছে ৷ প্ৰশাসনিক সংস্কাৰৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মা(Dr Himanta Biswa Sarma) নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে শেহতীয়াকৈ জনতা ভৱনত নিষ্পত্তি নোহোৱাকৈ পৰি ৰোৱা সকলো ফাইলৰ কাম সম্পূর্ণ কৰাৰ বাবে লোৱা সিদ্ধান্তৰ পিছতেই তৎপৰ হৈ পৰিছে জনতা ভৱন ৷

লগতে চাওক : গুৱাহাটীৰ চেলুন-স্পা-বিউটী পাৰ্লাৰৰ বিৰুদ্ধে পৌৰ নিগমৰ পুনৰ অভিযান

মুখ্যমন্ত্ৰীয়ে ২০২২ বর্ষৰ ১০ মে’ৰ পূৰ্বে সকলো ফাইল নিষ্পত্তি কৰাৰ বাবে সময়সীমা নির্ধাৰণ কৰি দিয়াৰ পিছত জনতা ভৱনত প্ৰতিটো ফাইলৰ পৰীক্ষা কৰাৰ বাবে আৰম্ভ হৈছে প্ৰক্ৰিয়া ৷ জনতা ভৱনৰ প্ৰশাসনিক বিভাগৰ সূত্ৰই সদৰী কৰা মতে, পুৰণি ফাইলৰ কাম সম্পূর্ণ কৰাৰ বাবে ইতিমধ্যে ফাইলৰ প্ৰতিখন কাগজ স্কেন কৰা হৈছে ৷ সমান্তৰালভাৱে প্ৰতিটো ফাইলৰ জটিলতা আঁতৰ কৰাৰ বাবে দুজনকৈ বিষয়াক ন’ডেল বিষয়াৰ দায়িত্ব দিয়া হৈছে ৷

সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি প্ৰজেক্ট সদ্ভাৱনা অনুসৰি ইতিমধ্যে স্থাপন কৰা হৈছে ই-ফাইলিং ব্যৱস্থা ৷ উল্লেখ্য যে, প্ৰজেক্ট সদ্ভাৱনাৰ জৰিয়তে নিষ্পত্তি নোহোৱাকৈ থকা ফাইল নিষ্পত্তি কৰাৰ বাবে ইতিমধ্যে মুকলি কৰা হৈছে ৰাইট টু পাব্লিক ছাৰ্ভিচ প’ৰ্টেল ৷ ইয়াৰ দ্বাৰা জনতা ভৱনত পৰি ৰোৱা কোনো ফাইলৰ নম্বৰ আৰু নথি প’ৰ্টেলত আপলোড কৰে, তেন্তে এই ফাইলৰ কাম সম্পূর্ণ কৰাৰ বাবে সংশ্লিষ্ট বিষয়াই তৎপৰতা আৰম্ভ কৰিব ৷

প্ৰশাসন বিভাগৰ সূত্ৰটোৱে জানিবলৈ দিয়া মতে, ইতিমধ্যে প্ৰতি বিভাগৰ বহুসংখ্যক ফাইল নিষ্পত্তিৰ বাবে সাজু কৰি তোলা হৈছে ৷ প’ৰ্টেলত অহা ফাইলৰ নম্বৰ ট্ৰেক কৰি সংশ্লিষ্ট বিষয়াই যাৱতীয় কাম আগুৱাই নিব ৷ আনহাতে, প’ৰ্টেলত আবেদন কৰোঁতাই তেওঁৰ ফাইলৰ নিষ্পত্তিকৰণৰ কাম কিমান আগবাঢ়িছে, সেই সন্দর্ভত সকলো তথ্য লাভ কৰি থাকিব ৷ প্ৰজেক্ট সদ্ভাৱনা অনুসৰি বর্তমানলৈ জনতা ভৱনত পৰি ৰোৱা সকলো ফাইলৰ কাম ২০২২ চনৰ ১০ মে’ত নিষ্পত্তি কৰা হ’ব ৷

লগতে চাওক: New Appointments in Assam : নতুন নিযুক্তিৰ ক্ষেত্ৰত আয়োগ গঠনৰ সিদ্ধান্ত চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.