ETV Bharat / state

সোণৰ অলংকাৰ বন্ধকত থৈ আৰ্তজনক সহায় কৰা কোন এইগৰাকী মহিলা ?

author img

By

Published : Aug 17, 2021, 3:51 PM IST

মানৱতাৰ অন্য এক পৰিচয় দাঙি ধৰিছে গুৱাহাটী মহানগৰীৰ এগৰাকী মহিলাই । আপোন ঘৰখনৰ পৰাও আঁতৰি আহি অসহায় হৈ পৰা হোৱা বহু মহিলাক আশ্ৰয় দিছে দুই নং মঠঘৰীয়াৰ 'জয় মাতা ডি' আশ্ৰমত । এই আশ্ৰমখনত আছে ৫ গৰাকী শিশুও । জীৱনৰ সকলো কষ্টক একাষৰীয়া কৰি আশ্ৰমখনতে এক নতুন জীৱন আৰম্ভ কৰিছে এই লোকসকলে ।

JAI MATA DI Ashram in Guwahati
মানৱতাৰ অন্য এক পৰিচয় দাঙি ধৰিছে গুৱাহাটী মহানগৰীৰ এগৰাকী মহিলাই

গুৱাহাটী, ১৭ আগষ্ট: আজিৰ ভোগবাদী জীৱনত অধিকাংশ লোক আত্মকেন্দ্ৰিক হৈ থকাৰ বিপৰীতে আমাৰ সমাজত এনে মানৱদৰদী ব্যক্তিও আছে, যাৰ বাবে একাংশ আশ্ৰয়হীন লোকে বিচাৰি পাইছে জীৱনৰ নতুন ঠিকনা । ইয়াৰে উদাহৰণ হৈছে অসম আৰক্ষীত কৰ্মৰত প্ৰেমলতা শইকীয়া । সমাজৰ লগতে আপোনজনৰ দ্বাৰাও উপেক্ষিত হৈ নিজৰ ঠিকনা হেৰুওৱা একাংশ বৃদ্ধ তথা গৃহহীন লোকক আশ্ৰয় দি প্ৰেমলতা শইকীয়াই দাঙি ধৰিছে মানৱতাৰ অন্য এক নিদৰ্শন । সমাজৰ কল্যাণমূলক কামত ব্ৰতী হৈ থকা এইগৰাকী মহিলাই নিজৰ কষ্টোপাৰ্জিত ধনেৰে বিশেষভাৱে সক্ষম আৰু মানসিক ৰোগত আক্ৰান্ত লোকৰ বাবে মহানগৰীৰ ২ নং মঠঘৰীয়াৰ শান্তিনগৰত এখন বিশেষ আশ্ৰম স্থাপন কৰিছে ।

চাৰি বছৰ পূৰ্বে স্থাপন কৰা 'জয় মাতা ডি' নামৰ এই আশ্ৰমখনত প্ৰেমলতা শইকীয়াৰ পৰিচৰ্যাত সমাজে অৱজ্ঞা-অনাদৰ কৰা ব্যক্তিসকলে যেন এতিয়া বিচাৰি পাইছে জীয়াই থকাৰ প্ৰেৰণা । চৰকাৰৰ সহযোগিতা অবিহনে প্ৰায় ১০ বিঘা ভূমিত স্থাপন কৰা আশ্ৰমখনত বৰ্তমান গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৩৩ গৰাকী ব্যক্তিয়ে আশ্ৰয় লৈ আছে । ইয়াৰে ভিতৰত আছে ৫গৰাকী শিশু । এই লোকসকলক প্ৰতি দিনে পুৱা, দুপৰীয়া আৰু নিশা খাদ্যৰ যোগান ধৰাৰ লগতে চিকিৎসা সেৱা আগবঢ়োৱা হয় ।

লগতে শিশুসকলক পঢ়া-শুনাৰো ব্যৱস্থা কৰিছে আশ্ৰম কৰ্তৃপক্ষই । ২০১৭ চনৰ ২২ ডিচেম্বৰত প্ৰয়াত পিতৃ-মাতৃৰ স্মৃতিত স্থাপন কৰা 'জয় মাতা ডি' নামৰ লেৰেলা খুদৈ স্মাৰক আবাসটো বৰ্তমান চোৱা-চিতা কৰি আছে তেওঁৰ পুত্ৰ শিৱ শইকীয়াই । বিভিন্ন ঔষধী গছ-গছনি, ফল-মূল, শাক-পাচলি আদিৰে ভৰি থকা আশ্ৰমখনৰ নান্দনিক পৰিৱেশে স্বাভাৱিকতে আকৰ্ষিত কৰে সকলোকে ।

আশ্ৰমখনৰ এনে পৰিৱেশৰ মাজত এতিয়া আবাসীসকলে যেন বিচাৰি পাইছে জীৱনৰ ছন্দ । মন কৰিবলগীয়া যে, উত্তৰ লখিমপুৰত জন্মগ্ৰহণ কৰা অসম আৰক্ষীত কৰ্মৰত প্ৰেমলতা শইকীয়াই আশ্ৰয়হীন লোকসকলক চোৱা-চিতা কৰাৰ বাবে নিজৰ ৩ তোলা সোণৰ অলংকাৰ বন্ধকত থ'বলগীয়াও হৈছিল । আশ্ৰমখন স্থাপন হোৱাৰ দিন ধৰি এই পৰ্যন্ত প্ৰায় ১০০০ লোকক নিজৰ টকাৰে পোহ-পাল দিয়াৰ লগতে মানসিকভাৱে বিকাৰগ্রস্ত, নিচাসক্ত মহিলাক শুশ্ৰূষা কৰি নিজ গৃহলৈ পঠিয়াবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিছে প্ৰেমলতা শইকীয়াই । মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা মহিলাগৰাকীৰ এনে প্রচেষ্টাৰ শলাগ লৈছে বহু লোকে ।

লগতে পঢ়ক:আজি পহিলা ভাদ : হৰিনামৰ ধ্বনিৰে মুখৰিত হ’ব ৰাজ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.