ETV Bharat / state

সাংবাদিক মুনীন্দ্ৰ দাসলৈ জগধাত্ৰী হৰমোহন দাস সাহিত্য বঁটা - অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড৹ মালিনী গোস্বামী

বিশিষ্ট লেখক, সাংবাদিক মুনীন্দ্ৰ দাসলৈ আগবঢ়োৱা হৈছে জগধাত্ৰী হৰমোহন দাস সাহিত্য বঁটা ৷ অসমৰ নৃগোষ্ঠীয় উত্তৰণৰ ইতিহাস(Asomor Nrigosthiya Uttaranar Itihas) শীৰ্ষক তত্বগধুৰ গ্ৰন্থখনৰ বাবে দাসক প্ৰদান কৰা হয় এই বঁটা ।

Jagaddhatri Haramohan Das Literary Award To Munindra Das
সাংবাদিক মুনীন্দ্ৰ দাসলৈ জগধাত্ৰী হৰমোহন দাস সাহিত্য বঁটা
author img

By

Published : Feb 6, 2022, 10:27 AM IST

গুৱাহাটী, 6 ফেব্ৰুৱাৰী : অসমৰ নৃগোষ্ঠীয় উত্তৰণৰ ইতিহাস শীৰ্ষক তত্বগধুৰ গ্ৰন্থখনৰ বাবে বিশিষ্ট লেখক, সাংবাদিক মুনীন্দ্ৰ দাসক প্ৰদান কৰা হয় অষ্টাদশ জগধাত্ৰী হৰমোহন দাস সাহিত্য বঁটা(Jagaddhatri Haramohan Das Literary Award To Munindra Das) । জগধাত্ৰী হৰমোহন দাস ন্যাসৰ উদ্যোগত শনিবাৰে তীৰ্থনাথ শৰ্মা ভৱনত আয়োজিত এক অনুষ্ঠানত বিশিষ্ট লেখক তথা সাহিত্যিকগৰাকীক(Journalist Munindra Das) প্ৰদান কৰা হয় এই বঁটা ৷

অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড৹ মালিনী গোস্বামী আৰু সন্মানীয় অতিথি হিচাপে বিশিষ্ট নৃতত্ত্ববিদ ড৹ বাপুকণ চৌধুৰী উপস্থিত থাকে ৷ তেওঁলোকে বিশিষ্ট লেখকগৰাকীক বঁটা প্ৰদান কৰি দাসৰ গ্ৰন্থখনৰ প্ৰশংসা কৰে ।

ন্যাসৰ সভাপতি ড৹ প্ৰদীপজ্যোতি মহন্ত সভাপতিত্বত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানটোৰ আঁত ধৰে ন্যাসৰ সচিব মঞ্জুমালা দাসে । উল্লেখ্য যে, জগধাত্ৰী হৰমোহন দাস সাহিত্য বঁটা প্ৰতি দুবছৰ মূৰে মূৰে প্ৰদান কৰা হয় ।

লগতে পঢ়ক : Cargo Vessel Service to Ghy: আহি আছে এম ভি লাল বাহাদুৰ শাস্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.