ETV Bharat / state

Itihas theatre 2023 24 new romantic song:ইতিহাস থিয়েটাৰৰ "মৰম-মৰম" গীতটি মুকলি - নাট কেপ্টেইন অবিনাশৰ ৰোমাণ্টিক গীত মৰম মৰম

তিনিখন নাটকেৰে চলিত নাট্যবৰ্ষৰ বাবে সাজু ইতিহাস থিয়েটাৰ । সোমবাৰে মুকলি কৰা হয় ইতিহাস থিয়েটাৰ নাটক "কেপ্তেইন অবিনাশৰ" এটি গীত ।

itihas theatre 2023 24 new romantic song
সাজু ইতিহাস থিয়েটাৰ
author img

By

Published : Jul 31, 2023, 9:13 PM IST

সাজু ইতিহাস থিয়েটাৰ

গুৱাহাটী, 31 জুলাই : বিগত নাট্যবৰ্ষৰ দৰে চলিত ২০২৩ - ২৪ নাট্যবৰ্ষৰ বাবে সাজু হৈছে আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল ইতিহাস থিয়েটাৰ । দুগৰাকীকৈ বিশিষ্ট নাট্যকাৰৰ তিনিখন ভিন্ন ধৰ্মী নাটকেৰে সাজু হৈছে ইতিহাস থিয়েটাৰ । জনপ্ৰিয় অভিনেতা প্ৰসেনজিৎ বৰা আৰু জনপ্ৰিয় অভিনেত্ৰী নিৰ্মালী সোণোৱাল বৰাৰ লগতে কেইবাগৰাকীও ন পুৰণি অভিনেতা-অভিনেত্ৰী, শিল্পী তথা কলা-কুশলীক লৈ সাজু হৈছে ভ্ৰাম্যমাণ নাট্যদলটি ।

সোমবাৰে মহানগৰীস্থিত মা ষ্টুডিঅ’ত আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদলটিৰ এখন বিশেষ নাটৰ এটি ৰোমাণ্টিক গীত মুকলি কৰা হয় ৷ বিশিষ্ট নাট্যকাৰ তথা পৰিচালক অভিজিত ভট্টাচাৰ্যৰ ৰচিত এখন ব্যয়বহুল নাট "কেপ্টেইন অবিনাশ"ৰ ৰোমাণ্টিক গীত "মৰম মৰম" আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । গীতটিৰ মুকলি ক্ষণত উপস্থিত থাকে ইতিহাস থিয়েটাৰৰ প্ৰযোজক সুভাষ চন্দ্ৰ নাথ, সম্পাদক ৰনজিৎ দত্ত, অভিনেতা প্ৰসেনজিৎ বৰা আৰু অভিনেত্ৰী নিৰ্মালী সোণোৱাল বৰাৰ লগতে সংগীত শিল্পী অজয় ফুকনসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ।

উক্ত গীতটিত কণ্ঠদান কৰিছে অসমৰ হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গে । গীতিটিৰ দৃশ্যগ্ৰহণ শ্বিলং আৰু চেৰাপুঞ্জীত কৰা হৈছে বুলি জানিবলৈ দিয়ে নিৰ্মাতাই । ইতিহাস থিয়েটাৰৰ এইবৰ্ষৰ নাটসমূহ হ’ল নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ "খলনায়কৰ খং", অভিজিৎ ভট্টাচাৰ্যৰ "মুখা পিন্ধা দৰা" আৰু "কেপ্তেইন অবিনাশ"।

বিগত বছৰসমূহত নিজৰ অভিনয়েৰে নাটকৰ মাজেৰে প্ৰসেনজিৎ আৰু নিৰ্মালীৰ যুটিয়ে নাট্যপ্ৰেমী ৰাইজৰ মন মুহিবলৈ সক্ষম হৈছিল । চলিত নাট্যবৰ্ষতো ইতিহাস থিয়েটাৰ নাট্যমঞ্চত তিনিখন ভিন্ন ধৰ্মী নাটকত তিনিটাকৈ বিশেষ চৰিত্ৰত দৰ্শকে দেখিবলৈ পাব জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী প্ৰসেনজিৎ বৰা আৰু নিৰ্মালী সোণোৱাল বৰাক ।

লগতে পঢ়ক : Nalbari Bordoichila Theatre: মাংগলিক ৰীতি-নীতিৰে নলবাৰীৰ বনগাঁৱত মুকলি হ’ল বৰদৈচিলা থিয়েটাৰৰ আখৰা শিবিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.