ETV Bharat / state

পাম খেতিক আঁকোৱালি ল’বনে অসমৰ খেতিয়কে ? - পাম খেতি অভিযান

দেশৰ ভোজন যোগ্য তেলৰ উৎপাদনৰ ঘাটি পূৰাবলৈ কেন্দ্ৰীয় চৰকাৰে গুৰু দায়িত্ব দিছে আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু উত্তৰ-পূব ভাৰতৰ ৰাজ্য কেইখনৰ ওপৰত । যোৱা ১৮ আগষ্টত কেন্দ্ৰীয় চৰকাৰে এই উদ্দেশ্যৰে অনুমোদন দিছে ১১০৪০ কোটি টকাৰ এক বৃহৎ পুঁজিৰ । কিন্তু এই পুঁজিয়ে সুৰক্ষিত কৰিবনে কৃষি আৰু কৃষকৰ ভৱিষ্যৎ ! জৈৱ বৈচিত্ৰতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব নেকি এই খেতিয়ে ? এই সন্দৰ্ভত ইটিভি ভাৰতৰ বিশেষ প্ৰতিবেদন ৷

palm cultivation
পাম খেতিক আঁকোৱালি লবনে অসমৰ খেতিয়কে ?
author img

By

Published : Oct 8, 2021, 9:45 PM IST

গুৱাহাটী, ৮ ছেপ্টেম্বৰ : কৃষি আৰু কৃষি নিৰ্ভৰ উদ্যোগে বহুদূৰ আগবাঢ়িলেও আমাৰ দেশে তাৰ প্ৰয়োজনৰ ষাঠি শতাংশ ভোজন যোগ্য তেল আমদানি কৰে বিদেশৰ পৰা । আমি খোৱা সাধাৰণ তেলত বিশ শতাংশ পাম তেল সংযোজিত হয় । এতিয়া দেশত ঘাটি হৈ থকা এই পাম তেল সিংহ ভাগ উৎপাদন কৰাৰ কথা ভবা হৈছে উত্তৰ-পূৱ ভাৰতৰ ৰাজ্য কেইখন আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি ভূমিৰ পৰা ।

এই উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে নেচনেল মিছন ফৰ ইডিব'ল অইল-অইল পাম নামে এক অভিযান । এই অভিযান ৰূপায়িত কৰিবলৈ যোৱা ১৮ আগষ্টৰ দিনা কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে ১১০৪০ কোটি টকা অনুমোদন দিয়া হৈছে বুলি ঘোষণা কৰে । এই পুঁজিৰ ৫৮৫০ কোটি টকা বিনিয়োগ কৰা হ'ব উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত ।

আনহাতে, প্ৰকল্পৰ মুঠ বিনিয়োগৰ কেন্দ্ৰীয় চৰকাৰে ৮৮৪৪ কোটি আৰু ২১৯৬ কোটি টকা ৰাজ্য চৰকাৰে বিনিয়োগ কৰিব । এই পুঁজি ঘোষণা কৰাৰ পিছতে ৩০ আগষ্টৰ দিনা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ লগত এক ভিডিঅ কনফাৰেন্সত মিলিত হয় । এই আলোচনাত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, অসমে এই পাম অইল মিছন কাৰ্যকৰী কৰিবলৈ সিদ্ধান্ত লৈছে ।

লগতে পঢ়ক: পাম অইলৰ খেতিয়ে কৃষিভূমিৰ উৰ্বৰতা শেষ কৰিব : জাঙুৰ খাই উঠিছে এজেপি

তেওঁ জনাই যে, অসমৰ তিনিখন জিলা ক্ৰমে গোৱালপাৰা বঙাইগাঁও আৰু কামৰূপৰ বিভিন্ন প্ৰান্তৰৰ ৩৫০ হেক্টৰ কৃষি ভূমিত ইতিমধ্যে পাম খেতি কৰি থকা হৈছে । এতিয়া এই অভিযানত অধিক পৰিমানৰ কৃষি ভূমি আৰু কৃষকক জড়িত কৰোৱা হ'ব । পাম খেতিৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ চালে দেখা যায় যে এতিয়া সমগ্ৰ দেশত পাম অইলৰ খেতি কৰা হৈছে মাত্ৰ ৩.৭০ লাখ হেক্টৰ ভূমিতহে ।

এতিয়া কেন্দ্ৰীয় চৰকাৰে এই ভূমিৰ পৰিমান দহ লাখ হেক্টৰ লৈ বৃদ্ধি কৰা হৈছে । অৰ্থাৎ নতুন কৈ ৬.৫ লাখ হেক্টৰ ভূমিত এই পাম খেতি কৰা হ'ব আৰু সেই দায়িত্ব ল'ব লাগিব উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ লগতে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ খেতিয়কে ।

লগতে পঢ়ক: মোডীৰ বৈদেশিক নীতিৰ যুদ্ধক্ষেত্ৰত খেজুৰজাতীয় তেল হৈ পৰিছে নতুন অস্ত্ৰ

উল্লেখ্য যে, উত্তৰ-পূব ভাৰতৰ একমাত্ৰ মিজোৰামে বৰ্তমান ২৯০০০ হেক্টৰ ভূমিত পাম খেতি কৰি আছে । কিন্তু এই খেতিয়ে কৃষি ভূমিৰ মান বিনষ্ট কৰে আৰু জৈৱ বৈচিত্ৰতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে বুলি প্ৰকৃতি সংৰক্ষণ সংস্থা আৰু গৱেষকে আঙুলিয়াই দিয়াত খেতিয়ক সকলে এই খেতি আৰু বঢ়োৱা নাই ।

চৰকাৰে পাম খেতি অভিযান আৰম্ভ হোৱাৰ পিছতে কেইবাটাও গৱেষণা সংস্থাই ইয়াৰ বিৰুদ্ধে সজাগতা অভিযান আৰম্ভ কৰিছে । মিজোৰামৰ 'এছছিয়েছন ফৰ এনভাইৰণমেন্ট প্ৰিজাৰভেছন' নামৰ সংস্থাটোৱে আঙুলিয়াই দিছে যে ৰাজ্যখনত ইতিমধ্যে হোৱা পাম খেতিয়ে তাৰ কৃষি ভূমিৰ গুণাগুণ বিনষ্ট কৰিছে ।

এই সন্দৰ্ভত গৱেষণা কৰা ৱাইল্ড লাইফ ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ গৱেষিকা লালিয়ান পুইৰ মতে, পাম খেতিৰ লগত জড়িত অঞ্চল সমূহত ইতিমধ্যে জৈৱ বৈচিত্ৰতাৰ অৱনতি ঘটিছে আৰু তাৰ দ্বাৰা সমাজ জীৱন ক্ষতিগ্ৰস্ত হৈছে । মালয়েছিয়া, ইন্দোনেছিয়াৰ দৰে দেশত পাম খেতিৰ নেতিবাচক দিশৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে আৰু তেনে অভিযানৰ পৰা বিৰত আছে ।

লগতে পঢ়ক: মালয়েছিয়াৰ বৃহৎ খেজুৰ তেলৰ কোম্পানীক নিষিদ্ধ ঘোষণা আমেৰিকাৰ

গতিকে উত্তৰ পূৰ্বাঞ্চলৰ দৰে দেশৰ জৈৱ বৈচিত্ৰতাৰ ক্ষেত্ৰত চহকী অঞ্চলত পাম খেতিৰ সম্প্ৰসাৰণ অতি ভয়াৱহ হ'ব । উল্লেখ্য যে, মিজোৰামৰ কলাছিব আৰু মামিট জিলাত ইতিমধ্যে পাম তেল প্ৰছেছিং উদ্যোগ আৰম্ভ হৈছে । কিন্তু দাম বা অন্যান্য ক্ষেত্ৰত স্থানীয় কৃষক ইয়াৰ দ্বাৰা লাভান্বিত হোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে ।

নেচনেল মিছন ফৰ ইডিব'ল অইল- অইল পাম নামৰ অভিযানে ২০২৫-২৬ বৰ্ষৰ ভিতৰত পাম অইলৰ উৎপাদন ১১.২০ লাখ টন লৈ বৃদ্ধি কৰাৰ লক্ষ্য বান্ধি দিছে । ২০২৯-৩০ লৈ এই উৎপাদন হ'ব লাগিব ২৮ লাখ টন । অৰ্থাৎ এই বৃহৎ লক্ষ্যত উপনীত হোৱাৰ বাবে অসমে বিশেষ ভূমিকা ল'ব লাগিব ।

প্ৰকল্পৰ তথ্য অনুসৰি এই অভিযানত প্ৰতি হেক্টৰ পাম খেতিত ১২০০০ টকাৰ পৰা‌ ২৯০০০ টকা‌ পৰ্যন্ত ধন বিনিয়োগ কৰা হ'ব আৰু আপাতত আগ্ৰহী কৃষকৰ হাতলৈ পুঁজি হস্তান্তৰিত হ'ব । কিন্তু দীৰ্ঘ কালত আহিবলগীয়া ভাবুকিৰ সন্দৰ্ভত চৰকাৰ এই পৰ্যন্ত নিমাত ।

লগতে পঢ়ক: দেশৰ Palm Oil কেন্দ্ৰলৈ পৰিণত হ'ব উত্তৰ-পূৱৰ ৰাজ্যসমূহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.