ETV Bharat / state

খিলঞ্জীয়াৰ মাজত ভেটি উচন হ'ল নেকি কংগ্ৰেছৰ - নাজিৰা

বিধানসভা নিৰ্বাচনৰ সদ্যঘোষিত ফলাফলে খিলঞ্জীয়া লোকৰ আধিপত্য থকা প্ৰায় সকলো সমষ্টিতে ভোটদাতাই কংগ্ৰেছক প্ৰত্যাখ্যান কৰিলে নেকি এতিয়া সৰ্বত্ৰে এই প্ৰশ্নৰে অৱতাৰণা হৈছে ৷ কংগ্ৰেছে এককভাৱে এই নিৰ্বাচনত লাভ কৰিলে ২৯ খন আসন ৷ ইয়াৰে ১৮ গৰাকীয়েই হ'ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৷ বাকী যি ১১ গৰাকী জিকি আহিল, তেওঁলোকৰো বিজয় সম্ভৱ হ'ল একমাত্ৰ ধৰ্মীয় সংখ্যালঘু ভোটদাতাৰ অকুণ্ঠ সমৰ্থনৰ বাবেহে ।

is congress lose popularity among indigineous people?
খিলঞ্জীয়াৰ মাজত ভেটি উচন হ'ল নেকি কংগ্ৰেছৰ
author img

By

Published : May 5, 2021, 6:54 PM IST

গুৱাহাটী,৫ মে': ধৰ্মনিৰপেক্ষতাৰ দোহাই দি সততে ৰাজনীতি কৰি অহা কংগ্ৰেছ দলৰ ভেটি ৰাজ্যৰ খিলঞ্জীয়া অধ্যুষিত অঞ্চলত উচন হ'ল নেকি ? বিধানসভা নিৰ্বাচনৰ সদ্যঘোষিত ফলাফলে এতিয়া সৰ্বত্ৰে এই প্ৰশ্নৰে অৱতাৰণা কৰিছে । কিয়নো, কংগ্ৰেছে এককভাৱে এই নিৰ্বাচনত লাভ কৰিলে ২৯ খন আসন ৷ ইয়াৰে ১৮ গৰাকীয়েই হ'ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৷ মূলতঃ পূৰ্ববংগীয় মূলৰ মুছলমান ভোটাৰেই এই নিৰ্বাচনত কংগ্ৰেছৰ নাক বচালে । ইয়াৰ বিপৰীতে সম্পূৰ্ণ খিলঞ্জীয়া লোকৰ আধিপত্য থকা প্ৰায় সকলো সমষ্টিতে ভোটদাতাই কংগ্ৰেছক প্ৰত্যাখ্যান কৰিলে ।

উদাহৰণস্বৰূপে, পাহাৰীয়া জিলা দুখনৰ আটাইকেইটা সমষ্টিয়েই এইবাৰ বিজেপিৰ দখললৈ গ’ল । অথচ, সৌ সিদিনালৈকে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা আছিল কংগ্ৰেছৰ অভেদ্য দুৰ্গস্বৰূপ । খিলঞ্জীয়া ভোটদাতাই এই জিলা দুখনত নিৰ্ণয় কৰি আহিছে ৰাজনৈতিক নেতাৰ ভাগ্য ‌। এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছ আৰু এআইইউডিএফ উভয়ে মিলি লাভ কৰিলে ৪৫ খন আসন । ইয়াৰে ৩৩ গৰাকীয়েই হ'ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ । অতি তাৎপৰ্যপূৰ্ণভাৱে এই নিৰ্বাচনৰ ফলাফলে আৰু এটা দিশ খুৱ স্পষ্টভাৱে উদঙাই দেখুৱালে । ২০১৬ ৰ দৰে এই নিৰ্বাচনতো এটা কথা পানীৰ দৰে স্বচ্ছ হৈ পৰিল যে, কংগ্ৰেছৰ জনপ্ৰিয়তা এতিয়া খিলঞ্জীয়া লোকৰ মাজত নাই । আছে পূৰ্ববংগীয় মুছলমানৰ মাজতহে । নিৰ্বাচিত হৈ অহা কংগ্ৰেছৰ ২৯ গৰাকী বিধায়কৰ ১৮ গৰাকী ধৰ্মীয় সংখ্যালঘু হোৱাৰ বিপৰীতে বাকী যি ১১ গৰাকী জিকি আহিল তেওঁলোকৰো বিজয় সম্ভৱ হ'ল একমাত্ৰ ধৰ্মীয় সংখ্যালঘু ভোটদাতাৰ অকুণ্ঠ সমৰ্থনৰ বাবেহে ।

নৱ নিৰ্বাচিত কংগ্ৰেছৰ এই ১১ গৰাকী হিন্দু বিধায়কৰ কেইগৰাকীমানৰ সমষ্টিসমূহলৈ মন কৰিলেই সকলো স্পষ্ট হৈ পৰিব । কৰিমগঞ্জ (উত্তৰ) ৰ কমলাক্ষ্য দে' পুৰকায়স্থ, বটদ্ৰৱাৰ শিৱামণি বৰা, বৰক্ষেত্ৰীৰ দিগন্ত বৰ্মন, মঙলদৈৰ বসন্ত দাস, বকোৰ নন্দিতা দাস আৰু অভয়াপুৰী (দক্ষিণ) ৰ প্ৰদীপ সৰকাৰৰ বিজয় সম্ভৱ হৈছে একমাত্ৰ সংখ্যালঘু ভোটদাতাৰ সমৰ্থনৰ বাবেহে । এআইইউডিএফৰ সৈতে মিত্ৰতা নকৰিলে সংখ্যালঘু অধ্যুষিত এনেবিলাক সমষ্টিত কংগ্ৰেছৰ জয় কোনোমতেই সম্ভৱ নহ'লহেতেন । আনহাতে, উজনি অসমত খিলঞ্জীয়াৰ আধিপত্য থকা বহুকেইটা সমষ্টিতে কংগ্ৰেছৰ ভেটি উচন হ'ল । স্বয়ং দেৱব্ৰত শইকীয়াৰ দৰে নেতাও কাণত কাণ মাৰিহে নাজিৰাৰ দৰে সমষ্টিৰ পৰা জয়ী হৈ আহিল । আচলতে "কা" বিৰোধী স্থিতি লৈও কংগ্ৰেছে উজনি অসমত উদ্ধাৰ পাব নোৱাৰিলে । ইয়াৰ অন্যতম এক কাৰণ হ'ল কংগ্ৰেছৰ সংখ্যালঘু তুষ্টি । সংখ্যালঘু প্ৰীতিয়ে যে কংগ্ৰেছক লাহে লাহে খিলঞ্জীয়াৰ কাষৰ পৰা আঁতৰাবলৈ আৰম্ভ কৰিছে, সেই কথা এই নিৰ্বাচনী ফলাফলেই প্ৰমাণ কৰিলে ।

লগতে পঢ়ক : হিমাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.