ETV Bharat / state

বিদেশ ভ্ৰমণে বিপদত পেলালে কোন আই পি এছ বিষয়াক? - raunak ali hazarika suspend

চাকৰিৰ পৰা নিলম্বন অসম আৰক্ষী (Assam Police)ৰ উচ্চ পদস্থ বিষয়া ৰৌনক আলী হাজৰিকা (Raunak Ali Hazarika)ক ৷ অসম চৰকাৰৰ পশ্চিম সংমণ্ডল (Border-1)ৰ আৰক্ষীৰ উপ মহাপৰিদৰ্শক (DIGP) পদত অধিষ্ঠিত আছিল বিষয়াগৰাকী ৷

ips rounak ali hazarika has suspended
ৰৌনক আলী হাজৰিকাক নিলম্বন
author img

By

Published : Jul 20, 2021, 4:49 PM IST

Updated : Jul 20, 2021, 5:35 PM IST

নিউজ ডেস্ক,20 জুলাই : অসম আৰক্ষী (Assam Police)ৰ এগৰাকী উচ্চ পদস্থ বিষয়াক চাকৰিৰ পৰা নিলম্বন ৷ বিদেশ ভ্ৰমণৰ বাবেই নিলম্বিত হৈছে আই পি এছ (IPS) বিষয়া ৰৌনক আলী হাজৰিকা (Raunak Ali Hazarika) ৷ 2011 চনৰ পৰা কেইবাবাৰো বিদেশ ভ্ৰমণ কৰিছিল আই পি এছ বিষয়াগৰাকীয়ে ৷ অসম চৰকাৰৰ পশ্চিম সংমণ্ডল (Border-1)ৰ আৰক্ষীৰ উপ মহাপৰিদৰ্শক (DIGP) পদত অধিষ্ঠিত আছিল আই পি এছ বিষয়াগৰাকী ৷

অসম চৰকাৰৰ গৃহ বিভাগৰ নিৰ্দেশ অনুসৰি, অসম আৰক্ষীত যোগদান কৰাৰ পাচত কোনো বিষয়াই বিনা অনুমতিত বিদেশ ভ্ৰমণ কৰিব নোৱাৰে ৷ আৰক্ষীৰ এই নিৰ্দেশক অমান্য কৰিছিল এইগৰাকী আই পি এছ বিষয়াই ৷

শুকুৰবাৰে ৰাজ্যপাল জগদীশ মুখী (Jagadish Mukhi)য়ে ‘All India Sevices’ৰ নিয়ম, 1969ৰ অধীনত DIGP ৰৌনক আলী হাজৰিকাক নিলম্বন কৰা বুলি সদৰী কৰে ৷ অসম আৰক্ষীৰ বিবৃতিত উল্লেখিত অনুসৰি, DIGP ৰৌনক আলী হাজৰিকাৰ মুখ্য কাৰ্যালয়টো আৰক্ষী সঞ্চালক প্ৰধান(DGP)ৰ অধীনত থাকিব আৰু নিলম্বিত আই পি এছ বিষয়াগৰাকীয়ে বিনা অনুমতিত কাৰ্যালয় এৰিব নোৱাৰিব ৷

লগতে পঢ়ক : অমিত শ্বাহৰ পৰা ড্ৰাগছ নিৰ্মূলৰ দায়িত্ব লৈ সফল হ’ব নে মুখ্যমন্ত্ৰী ?

Last Updated : Jul 20, 2021, 5:35 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.