ETV Bharat / state

Loan interest of Assam govt: সুদৰ নামত ৰাজকোষৰ পৰা ওলাইছে বুজন পৰিমাণৰ ধন - Assams loan amount increased to Rs 113319 crore

ছয় বছৰত ৰাজ্য চৰকাৰে সুদৰ বাবে ভৰিব লগা হয় ২৭,১৫৭ কোটি টকা (Interest of Assam govt increased day by day)। বৰ্ত্তমান অসমৰ ঋণৰ পৰিমাণ ১ লাখ ১৩ হাজাৰ ৩১৯কোটি টকালৈ বৃদ্ধি পাইছে । ২০১৬-১৭ বৰ্ষত ২৯৬৩.৭৫ কোটি টকা,২০১৭-১৮ বৰ্ষত ৩২০৫.৩৩ কোটি টকা,২০১৮-১৯ বৰ্ষত ৩৮৪৪.৮৮ কোটি টকা,২০১৯-২০ বিত্তীয় বৰ্ষত ৪৮৪৩ কোটি টকা,২০২০-২১ বৰ্ষত ৫৮০২ কোটি টকা আৰু ২০২১-২২ বৰ্ষত ৬৪৯৮.০৮ কোটি টকা সুদৰ বাবদ ওলাই গৈছে ।

f
h
author img

By

Published : Aug 11, 2022, 7:58 PM IST

গুৱাহাটী,১১ আগষ্ট: ঋণৰ ওপৰত ঋণ লোৱা মুখ্যমন্ত্রী ড৹হিমন্ত বিশ্ব শৰ্মা(Chief Minister Dr Himanta Biswa Sarma)নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে সুদৰ বাবদ ভৰিবলগীয়া হৈছে বুজন পৰিমাণৰ ধন । ধাৰত পোত যোৱা চৰকাৰখনে এখনৰ পাছত আনখনকৈ হিতাধিকাৰী সৃষ্টিকাৰী আঁচনি ৰূপায়ণ কৰিবলৈ গৈ এতিয়া প্ৰতি মাহেই হাজাৰ হাজাৰ কোটি টকাৰ ঋণ ল'বলগীয়া হৈছে । ফলত আজিৰ তাৰিখত অসমৰ ঋণৰ পৰিমাণ ১ লাখ ১৩ হাজাৰ ৩১৯ কোটি টকালৈ বৃদ্ধি পাইছে(Assam loan amount increased to Rs 1,13,319 crore)।

Loan interest of Assam govt
সুদৰ নামত ৰাজকোষৰ পৰা ওলাইছে বুজন পৰিমাণৰ ধন

ইফালে,ঋণৰ পৰিমাণ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ সুদৰ বাবত ভৰিবলগীয়া ধনৰ পৰিমাণো প্ৰতিবছৰে বৃদ্ধি পাইছে । পৰিস্থিতি এনে পর্যায় পাইছেগৈ যে এতিয়া সুদৰ নামতে ৰাজকোষৰ পৰা প্ৰতি বছৰে হাজাৰ হাজাৰ কোটি টকা ওলাই গৈছে । কিন্তু এনেদৰে প্ৰতিবছৰে সুদৰ নামতে হাজাৰ হাজাৰ কোটি টকা ব্যয় হোৱাৰ পাছতো ৰাজ্য চৰকাৰখনে ঋণ লোৱাৰ ক্ষেত্ৰত অলপো কৃপনালি কৰা নাই । বৰং দুগুণ উৎসাহেৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ঋণ লোৱাহে পৰিলক্ষিত হৈছে। অৱশ্যে মুখ্যমন্ত্রী ড৹হিমন্ত বিশ্ব শৰ্মাই ঋণ-ধাৰ কৰি হলেও ঘিউ-মৌ খোৱাৰ পোষকতা কৰে।

প্ৰাপ্ত তথ্য অনুসৰি বিগত ছয় বছৰত সুদৰ নামতে ৰাজ্য চৰকাৰখনে ভৰিবলগীয়া হৈছে প্রায় ২৭,১৫৭ কোটি টকা(Unbearable debt burden on people of Assam)। উল্লেখ যে পোন্ধৰ বছৰ ধৰি ৰাজ্যত শাসন চলোৱা পূৰ্বৰ তৰুণ গগৈ চৰকাৰে ঋণৰ বোজা থৈ গৈছিল প্রায় ৩৫,৬৯০ কোটি টকা । কিন্তু গগৈ চৰকাৰৰ দিনত যিমান ঋণ লোৱা হৈছিল তাতকৈ বিজেপি চৰকাৰৰ দিনত বিগত ছয় বছৰত দুগুণৰো অধিক ঋণ লোৱা হৈছে । ইয়াৰ ফলত সুদৰ বোজাও অধিক বৃদ্ধি পাইছে । ২০১৬-১৭ বিত্তীয় বৰ্ষত ঋণৰ বাবত অসমে ভৰিবলগীয়া সুতৰ পৰিমাণ আছিল ২৯৬৩.৭৫ কোটি টকা । সেইদৰে ২০১৭-১৮ বিত্তীয় বৰ্ষত ৩২০৫.৩৩ কোটি টকা,২০১৮-১৯ বিত্তীয় বৰ্ষত ৩৮৪৪.৮৮ কোটি টকা,২০১৯-২০ বিত্তীয় বৰ্ষত ৪৮৪৩ কোটি টকা,২০২০-২১ বিত্তীয় বৰ্ষত ৫৮০২ কোটি টকা আৰু ২০২১-২২ বিত্তীয় বৰ্ষত প্রায় ৬৪৯৮.০৮ কোটি টকা সুদ ভৰিবলগীয়া হৈছে ।

f
h

ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে যে ৰাজ্যখনে প্ৰতিবছৰে ঋণৰ বাবদ ভৰি অহা সুদৰ পৰিমাণ ক্ৰমাৎ বৃদ্ধি পাই আহিছে । লক্ষণীয় বিষয় যে হাজাৰ হাজাৰ কোটি টকা ঋণ লোৱা ৰাজ্য চৰকাৰখনে এই ধন ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ বিপৰীতে হিতাধিকাৰী সৃষ্টি কৰা আঁচনি ৰূপায়ণতহে বেছিকৈ ব্যয় কৰা বুলি অভিযোগ উত্থাপন হৈছে । ভোটৰ বাবেই ৰাজ্য চৰকাৰখনে হিতাধিকাৰী সৃষ্টিকাৰী আঁচনিসমূহত গুৰুত্ব দিয়া বুলিও চৰ্চা চলিছে । ইফালে, ৰাজ্য চৰকাৰখনে লোৱা এই ঋণৰ বোজা বিভিন্ন ধৰণে কৰৰ জৰিয়তে সৰ্বসাধাৰণ নাগৰিকে বহন কৰিবলগীয়া হৈছে।

লগতে পঢ়ক:Unbearable debt burden on people of Assam: ৰাজ্যবাসীৰ ওপৰত সহিব নোৱাৰা ঋণৰ বোজা জাপি দিছে চৰকাৰে

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.