ETV Bharat / state

Indian style Gala night fashion show : গুৱাহাটী টাউন ক্লাৱত আয়োজন ইণ্ডিয়ান ষ্টাইল গালা নাইট - ইণ্ডিয়ান ষ্টাইল গালা নাইট

আজিৰে পৰা গুৱাহাটী টাউন ক্লাৱত অনুষ্ঠিত হ’ব ইণ্ডিয়ান ষ্টাইল গালা নাইট (Indian style Gala night fashion show held at Guwahati Town Club)৷ দীপাংকৰ কাশ্যপ আৰু মীৰা এন্টাৰপ্ৰাইজেছ ইণ্ডিয়াৰ উদ্যোগত আৰু চি টি এল ছাইনেজ এণ্ড গ্ৰাফিক্স, প্ৰিয়া এলিটৰ সহযোগত আয়োজিত এই অনুষ্ঠানত আঠজন প্ৰখ্যাত ডিজাইনাৰ উপস্থিত থাকিব ৷

Indian style Gala night fashion show
গুৱাহাটী টাউন ক্লাৱত আয়োজন ফেশ্বন শ্ব’
author img

By

Published : Mar 30, 2023, 11:10 AM IST

গুৱাহাটী টাউন ক্লাৱত আয়োজন ফেশ্বন শ্ব’

গুৱাহাটী, 30 মার্চ : আজি অৰ্থাৎ বৃহস্পতিবাৰে গুৱাহাটী টাউন ক্লাৱত অনুষ্ঠিত হ’ব দীপাংকৰ কাশ্যপ আৰু মীৰা এন্টাৰপ্ৰাইজেছ ইণ্ডিয়াৰ উদ্যোগত আৰু চি টি এল ছাইনেজ এণ্ড গ্ৰাফিক্স, প্ৰিয়া এলিটৰ সহযোগত ইণ্ডিয়ান ষ্টাইল গালা নাইট (Indian style Gala night fashion show held at Guwahati Town Club) ৷ এই অনুষ্ঠানটো আয়োজন কৰিছে ইণ্ডিয়ান ষ্টাইল গালা নাইট বিখ্যাত ফেশ্বন কৰিঅ’ গ্ৰাফাৰ তথা চলচ্চিত্ৰ আৰু টি ভি পৰিচালক তথা প্ৰযোজক দীপাংকৰ কাশ্যপ আৰু MEE RA Enterprises India ৰ স্বত্বাধিকাৰী ৰাকেশ শৰ্মাই ৷

এই অনুষ্ঠানত উপস্থিত থাকিব আঠজন প্ৰখ্যাত ডিজাইনাৰ ৷ অসম আৰু মুম্বাইৰ বহু চেলিব্ৰিটিয়ে শ্ব’ ষ্টপাৰ হিচাপে ডিজাইনাৰসকলৰ বাবে ৰেম্পত খোজ কাঢ়িব । জী টিভিৰ ভাগ্য লক্ষ্মী ছবিত বলৱিন্দৰৰ চৰিত্ৰত অভিনয় কৰা সুপৰিচিত অভিনেতা অংকিত ভাটিয়াই গ্ৰেণ্ড ফিনালে ৰাউণ্ডৰ বাবে ৰেম্পত খোজ কাঢ়িব । ড৹ বেজবৰুৱা 2 ৰ তাৰকা সিদ্ধাৰ্থ গোস্বামী আৰু অভিনেতা কিংকিনি ভট্টাচার্য গোস্বামীয়েও শ্ব’ষ্টপাৰ হিচাপে অনুষ্ঠানটোৰ শোভা বঢ়াব ।

উল্লেখ্য যে, এই শ্ব’টোক তিনিটা প্ৰাইম টাইম শ্ব’ আৰু এটা গ্ৰেণ্ড ফিনালে শ্ব’ত ভাগ কৰা হ’ব ৷ শ্ব’ ৱানত গুৱাহাটীৰ ডিজাইনাৰ কিৰণ বড়ো, শ্ব’ টুত গুৱাহাটীৰ ডিজাইনাৰ কংকনা চৌধুৰী আৰু শ্ব’থ্ৰীত ভূৱনেশ্বৰৰ ডিজাইনাৰ প্ৰীতম নায়কে অংশগ্ৰহণ কৰিব । প্ৰাইম টাইম শ্ব’ত কলকাতাৰ ডিজাইনাৰ অর্ণৱ সেনগুপ্ত, নতুন দিল্লীৰ ডিজাইনাৰ মুকেশ ডুবে আৰু কলকাতাৰ ডিজাইনাৰ সান্তনু গুহঠাকুৰতাই অংশগ্ৰহণ কৰিব ।

গ্ৰেণ্ড ফিনালে শ্ব’ত অংশগ্ৰহণ কৰিব কলকাতাৰ ডিজাইনাৰ তেজস গান্ধীয়ে । শ্ব’টোৰ নৃত্য পৰিচালক হিচাপে আছে দীপাংকৰ কাশ্যপ, কুন্তনীল দাস, সঞ্জু ৰায় আৰু অতিথি কৰিঅ’ গ্ৰাফাৰ মীনু পল । বুধবাৰে আয়োজিত এক সংবাদমেলত দীপাংকৰ কাশ্যপে কয়, ‘‘এই অনুষ্ঠানটোৰ পৰিকল্পনাত বহু সময় ব্যয় কৰিলো আৰু ইয়াক বাস্তৱত পৰিণত হোৱা দেখি মই ৰোমাঞ্চিত হৈছো । গুৱাহাটীৰ সকলো ফেশ্বনপ্ৰেমীৰ বাবে ই হ’ব এক ডাঙৰ উপহাৰ’’ ।

এই সংবাদমেলত ৰাকেশ শৰ্মাই কয়, ‘‘এই অনুষ্ঠান আৰু আমাৰ প্ৰতিষ্ঠানে সৃষ্টি কৰা অন্যান্য প্ৰকল্পৰ উদ্দেশ্য হৈছে উত্তৰ-পূৱ ভাৰতৰ জনসাধাৰণৰ বাবে এক গুণগত ফেশ্বন আৰু জীৱনশৈলীৰ ইভেন্ট ছেগমেন্ট গঢ়ি তোলা’’ ।

লগতে পঢ়ক : Trans Day of Vengeance Controversy: টুইটাৰে আঁতৰালে তৃতীয় লিংগ প্ৰতিশোধ দিৱসৰ পোষ্ট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.