গুৱাহাটী, 26 জুন : সমগ্ৰ দেশৰ লগতে ৰাজ্যত বৰ্তমানেও অব্যাহত আছে ক'ভিডৰ সংহাৰ ৷ চিকিৎসক, চিকিৎসা কৰ্মী তথা চৰকাৰৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ অন্ততো নিয়ন্ত্ৰণলৈ অহা ক'ভিড পৰিৱেশ ৷ ইয়াৰ মাজতে ভাৰতীয় ৰেডক্ৰছ ছ'চাইটি, গুৱাহাটী জিলা শাখাৰ জৰিয়তে ক'ভিডত আক্ৰান্তসকললৈ প্ৰয়োজনীয় সাহায্য সামগ্ৰী আগবঢ়াইছে আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰতিষ্ঠিত ভাৰতীয় মূলৰ চিকিৎসকসমূহৰ সংগঠন ভাৰতীয় চিকিৎসক সংস্থা, টেক্সাছ আৰু হাউচটনে ৷ সংস্থাকেইটাই পোনপটীয়াকৈ অসম চৰকাৰৰ স্বাস্থ্য বিভাগলৈ প্ৰেৰণ কৰিছে এইসমূহ সামগ্ৰী ৷
উল্লেখ্য যে, শনিবাৰে এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ভাৰতীয় ৰেডক্ৰছ ছ'চাইটি, গুৱাহাটী জিলা শাখাৰ অধ্যক্ষ তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া এ কে আবচাৰ হাজৰিকাই উক্ত সামগ্ৰীখিনি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ কনচালটেণ্ট ডাঃ জামানৰ হাতত অৰ্পণ কৰে ৷ আদৰণি ভাষণত এই সাহায্য সামগ্ৰী প্ৰদান কৰাৰ বাবে ডাঃ হাজৰিকাই ভাৰতীয় চিকিৎসক সংস্থা, টেক্সাছ, হাউচটনৰ ডাঃ জিগ্নেশ শ্বাহ আৰু ডাঃ সংগীতা শইকীয়াক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ লগতে দুৰ্যোগৰ সময়ত নিৰন্তৰভাৱে কাম কৰি যোৱা ৰেডক্ৰছ গুৱাহাটী জিলা শাখাৰো শলাগ লয় হাজৰিকাই ৷
ইফালে অনুষ্ঠানৰ আঁত ধৰি ভাৰতীয় ৰেডক্ৰছ ছ’চাইটি, গুৱাহাটী জিলা শাখাৰ অধ্যক্ষ এ কে হাজৰিকাই বর্ণনা কৰে যে "ৰেডক্ৰছ ছ'চাইটিয়ে সদায় নিস্বার্থভাৱে মানৱ জাতিৰ সংকটৰ সময়ত সেৱা আগবঢ়াই আহিছে ৷ মানৱ সেৱাৰ ক্ষেত্ৰত ৰেডক্ৰছ ছ'চাইটিয়ে নিস্বার্থভাৱে সদায়ে কাম কৰি যাব ৷ জনসাধাৰণৰ বিপদৰ সময়ত তেওঁলোকৰ ওচৰত থিয় হোৱাতো আমাৰ কর্তব্য ৷
এনে সময়ত আমি সকলোৱে একগোট হৈ থিয় দিব লাগে" ৷ অনাগত সময়ত ক'ভিড মহামাৰীৰ বিৰুদ্ধে এই যুঁজখনত অসম চৰকাৰৰ স্বাস্থ্য বিভাগত যথাসম্ভৱ সকলোৱে সহায়-সহযোগিতা কৰি যাব বুলিও মত প্ৰকাশ কৰে এ কে হাজৰিকাই ৷ তদুপৰি এই দুৰ্যোগৰ সময়ত এনে বৃহৎ সাহাৰ্যৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ বিষয়াই আমেৰিকাস্থিত ভাৰতীয় চিকিৎসক সংস্থাৰ লগতে ভাৰতীয় ৰেডক্ৰছ ছ'চাইটিৰ গুৱাহাটী মহানগৰ জিলা শাখাৰ ভূয়সী প্ৰশংসা কৰে ৷
লগতে পঢ়কঃ কাৰ ৰেচন কাৰ্ড ঘূৰাই লোৱাৰ নিৰ্দেশ দিলে মুখ্যমন্ত্রীয়ে ?