পুষ্প বৃষ্টিৰে কৰ'ণা যোদ্ধালৈ কৃতজ্ঞতা ভাৰতীয় বায়ু সেনাৰ - বায়ু সেনাৰ হেলিকপ্টাৰৰ সহায়ত পুষ্প বৃষ্টিৰে সম্বৰ্ধনা
দেওবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ চিকিৎসকসকলৰ লগতে স্বাস্থ্য কৰ্মীসকলক বায়ু সেনাৰ হেলিকপ্টাৰৰ সহায়ত পুষ্প বৃষ্টিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷
গুৱাহাটী, 3 মে : নিজৰ জীৱনক তুচ্ছ কৰি কৰ'ণা ভাইৰাছক প্ৰতিহত কৰিবলৈ প্ৰতিদিনে সেৱা আগবঢ়াই অহা স্বাস্থ্যকৰ্মীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে ভাৰতীয় বায়ু সেনাই ৷ দেওবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ চিকিৎসকসকলৰ লগতে স্বাস্থ্য কৰ্মীসকলক বায়ু সেনাৰ হেলিকপ্টাৰৰ সহায়ত পুষ্প বৃষ্টিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷
ভাৰতীয় বায়ু সেনাৰ জনসম্পর্কৰক্ষী বিষয়াগৰাকীয়ে চিকিৎসকসকলৰ শলাগ লোৱাৰ লগতে দিনে নিশাই সেৱা আগবঢ়াই যোৱাৰ বাবে বায়ু সেনাৰ ফালৰ পৰা এক সামান্য কৃতজ্ঞতা জ্ঞাপন কৰা বুলি প্ৰকাশ কৰে ।
আনহাতে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ৰমেন তালুকদাৰে এই কাৰ্যসূচীৰ বাবে ভাৰতীয় বায়ু সেনাক ধন্যবাদ জ্ঞাপন জনায় ৷