ETV Bharat / state

ভাৰতে ৰেলেৰে সংযোগ কৰিব ভুটানক: বাস্তৱায়িত হ'ব বহু প্ৰতিক্ষিত প্ৰকল্প - India to connect Bhutan by rail

ভাৰতৰ চুবুৰীয়া তথা হিমালয়ান ৰাষ্ট্ৰ হিচাবে পৰিচিত ভূটানলৈ ৰে'ল পথ নিৰ্মাণৰ বাবে পদক্ষেপ লৈছে ভাৰতীয় ৰেল বিভাগে(Indian Railways takes steps to construct rail route to Bhutan) । ইয়াৰ সম্ভাৱনীয়তাৰ অধ্যয়নৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিছে পুঁজিৰ ।

ভাৰতে ৰেলেৰে সংযোগ কৰিব ভুটানক: বাস্তৱায়িত হ'ব বহু প্ৰতিক্ষিত প্ৰকল্প

author img

By

Published : Jun 7, 2022, 6:48 PM IST

গুৱাহাটী,৭ জুন: হিমালয় আৰু ভাৰতৰ সমভুমিৰ মাজৰ এক বিশাল অঞ্চল সামৰি থকা ভুটানলৈ ৰে'ল যোগাযোগ ব্যৱস্থা গঢ় দিয়াৰ বাবে তৎপৰ হৈ উঠিছে ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰালয় । বিগত দীৰ্ঘকাল ধৰি কেৱল চৰ্চাৰ মাজত থকা ভাৰত-ভুটান ৰে'লপথৰ পৰিকল্পনা এইবাৰ বাস্তৱায়িত হোৱাৰ পথত((Indian Railways takes steps to construct rail route to Bhutan)) ।

উল্লেখ্য যে ২০০৫ চনতে ৰে'ল সংযোগ প্ৰকল্পৰ ৰূপায়নৰ বাবে ভাৰত আৰু ভুটান চৰকাৰৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল । এই চুক্তি অনুসৰি ভাৰতীয় ৰে'ল বিভাগে ভুটান-গেলেংফু (৫৭.৭ কিঃমিঃ), ৰঙিয়া-ছামদ্ৰুপ জংখাৰ (৪৮ কিঃমিঃ), বনৰহাট-ছামষ্টে (২৩.১৫ কি‌ঃমিঃ) হাছিমাৰা-ফুলছিলিং (১৭.৫২ কিঃমিঃ) আৰু পাঠশালা -নাংগলাম (৫১.১৫ কিঃমিঃ) ৰে'ল সংযোগৰ বাবে অধ্যয়ন চলাইছিল ।

কিন্তু সেই অধ্যয়নে অসমৰ পৰা ভুটান সংযোগী তিনি ৰে'লপথ আৰু পশ্চিম বংগৰ দুই ঠাইৰ পৰা ভুটান সংযোগী দুই প্ৰস্তাৱিত ৰে'ল পথ বাস্তৱায়িত নহ'ল । আজিৰে পৰা সোতৰ বছৰৰ আগতে লোৱা‌ সেই পদক্ষেপে কিয় বাস্তৱ ৰূপ নললে সেয়া আজিও এক ডাঙৰ প্ৰশ্ন । এতিয়া এনে জঠৰতা ভাঙি কেন্দ্ৰীয় চৰকাৰে কৌশলগত কাৰণতে ৰে'ল সংযোগেৰে চুবুৰীয়া দেশ ভুটানক সামৰি ল'ব বিচাৰিছে ভাৰত চৰকাৰে ।

ৰে'ল বিভাগৰ এক শীৰ্ষ সূত্ৰই ই টিভি ভাৰতক জনোৱা মতে, এই ৰে'লপথ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ে(Foreign Ministry of Central Government) ৰে'ল বিভাগৰ ওপৰত হেঁচা প্ৰদান কৰিছে ।‌‌ এই কথা উল্লেখ কৰি ৰে'ল পৰিষদে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধকলৈ চিঠি প্ৰেৰণ কৰিছে বুলি সূত্ৰটোৱে জানিবলৈ দিছে ।

সূত্ৰটোৰ মতে,তৎপৰতাৰ অংশ হিচাপে অতি শীঘ্ৰে কোকৰাঝাৰৰ‌ পৰা ভুটানৰ গেলেংফু সংযোগী পথাংশত কিদৰে ৰে'ল লাইন বহুৱাব পৰা যায় তথা সামাজিক পৰিস্থিতিৰ অধ্যয়নৰ বাবে বিভাগে পুজিৰ অনুমোদন দিছে । এই অধ্যয়ন অহা জুলাই মাহৰ পৰা আৰম্ভ হৈ তিনিমাহৰ ভিতৰতে ৰে'ল বিভাগে প্ৰতিবেদন প্ৰস্তুত কৰিব লাগিব ।

কেন্দ্ৰীয় চৰকাৰে ভাবে যে এক ৰে'ল সংযোগ প্ৰকল্পই ভাৰত আৰু ভুটানৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিব । দ্বিপাক্ষিক সম্পৰ্কই আন আন কেতবোৰ সুৰক্ষা সম্পৰ্কীয় বিষয়টো বিশেষ মাত্ৰা প্ৰদান কৰিব । অৱশ্যে, ডিমা হাছাওত সৃষ্টি হোৱা প্ৰাকৃতিক দুৰ্যোগৰ পাছত কোকৰাঝাৰ-গেলেংফু ব্ৰডগ'জ ৰেল লাইন নিৰ্মাণৰ সিদ্ধান্ত যে যথেষ্ট গুৰুত্বপুৰ্ণ হ'ব সেই কথাও বিশেষ ভাবে চৰ্চিত হৈছে ।

লগতে পঢ়ক: ৫৮৯ নম্বৰেৰে নৱম স্থান দখল কৰিলে ডিব্ৰুগড়ৰ ছল্টব্ৰুক স্কুলৰ ছাত্ৰ ধৃতীস্মান দত্তই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.