ETV Bharat / state

বাৰিষাৰ দ্বিতীয়টো বানৰ কবলত ৰাজ্য - Corona Virus

ৰাজ্যত হোৱা বাৰিষাৰ দ্বিতীয়টো বানৰ কবলত যথেষ্ঠ ক্ষতিৰ সন্মুখীন হৈছে সৰ্বসাধাৰণ ৷ সম্প্ৰতি বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ,দিখৌ,দিচাং,ধনশিৰি আৰু জীয়াভৰলী নৈৰ জলপৃষ্ঠ ৷ বানৰ ফলত অসমৰ পাঁচখন জিলা ক্ৰমে যোৰহাট,ধেমাজি,মাজুলী,শিৱসাগৰ আৰু ডিব্ৰুগড়ৰ বহুকেইটা অঞ্চল প্ৰভাৱিত হৈছে ৷

Increase Water level at state assam etv bharat news
বাৰিষাৰ দ্বিতীয়টো বানৰ কবলত ৰাজ্য
author img

By

Published : Jun 25, 2020, 7:33 PM IST

নিউজ ডেস্ক,25 জুন: কৰ’ণা মহামাৰীয়ে ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সমান্তৰালকৈ সংহাৰী ৰূপ ধাৰণ কৰিছে বানে ৷ ৰাজ্যত হোৱা বাৰিষাৰ দ্বিতীয়টো বানৰ কবলত যথেষ্ঠ ক্ষতিৰ সন্মুখীন হৈছে সৰ্বসাধাৰণ ৷ সম্প্ৰতি বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ,দিখৌ,দিচাং,ধনশিৰি আৰু জীয়াভৰলী নৈৰ জলপৃষ্ঠ ৷ বানৰ ফলত অসমৰ পাঁচখন জিলা ক্ৰমে যোৰহাট,ধেমাজি,মাজুলী,শিৱসাগৰ আৰু ডিব্ৰুগড়ৰ বহুকেইটা অঞ্চল প্ৰভাৱিত হৈছে ৷ লগতে বুৰ গৈছে কৃষি ভূমিৰ লগতে বহুলোকৰ ঘৰ-বাৰীকে ধৰি বাট-পথসমূহ ৷ অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে সদৰী কৰা এক তথ্য অনুসৰি এই পাঁচখন জিলাৰ 8টা ৰাজহ চক্ৰত বানে সৰ্বাধিক ক্ষতি কৰিছে ৷

তদুপৰি যোৰহাটৰ নিমাতীঘাট আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ,শিৱসাগৰৰ দিখৌ আৰু নাঙলামূৰাঘাটত দিচাঙৰ জলপৃষ্ঠ,গোলাঘাটৰ নুমলীগড়ৰ ধনশিৰি আৰু শোণিতপুৰৰ এন টি পথ ক্ৰচিঙত জীয়াভৰলীৰ জলপৃষ্ঠ সম্প্ৰতি বিপদসীমাৰ ওপৰেৰে বৈছে ৷ ইতিমধ্যে বানে প্ৰভাৱিত কৰা জিলাকেইখনৰ প্ৰায় 102 খন গাঁও বানৰ কবলত পৰিছে ৷ এই বানত বুৰ গৈছে উক্ত অঞ্চলৰ মুঠ 5,031 হেক্টৰ কৃষি ভূমি ৷ শিৱসাগৰত এই বানৰ ফলত এগৰাকী লোকৰ লগতে ডিব্ৰুগড়তো প্ৰাণ হেৰুৱাইছে এগৰাকী মহিলাই ৷

উল্লেখ্য যে,লক ডাউনৰ মাজতে কিছুদিন পূৰ্বে ৰাজ্যত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত পাহাৰ খহি হোৱা ভূমিস্খলনৰ ফলত বিশ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল ৷ উক্ত ভূমিস্খলনৰ ফলতে প্ৰায় ওঠৰ দিনলৈকে ব্যাহত হৈ পৰিছিল শিলচৰ-লামডিং ৰে’লসেৱা ৷

লগতে চাওকঃ ডিব্ৰুগড়ত কৃত্ৰিম বানৰ ভয়াৱহ ৰূপ: বৃদ্ধি পাইছে জলস্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.