ETV Bharat / state

World anti child labour day 2022 : অভিজাত মহানগৰীত বৃদ্ধি শিশু শ্ৰমিকৰ সংখ্যা

author img

By

Published : Jun 12, 2022, 9:22 PM IST

দেশ তথা ৰাজ্যৰ পৰা হ্ৰাস হোৱা নাই শিশু শ্ৰমিকৰ সংখ্যা ৷ গুৱাহাটী মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে শিশু শ্ৰমিকৰ সংখ্যা (Increases in child labours in Guwahati) ৷ চলিত বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা চাইল্ড লাইন গুৱাহাটীয়ে আজিলৈকে মুঠ ৪৬ শিশু শ্ৰমিক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । এই তথ্য সদৰি কৰিছে চাইল্ড লাইন গুৱাহাটীৰ দলীয় সদস্য গুমুৰ ব্ৰহ্মই ৷

Increases in child laborers in Guwahati
অভিজাত্য মহানগৰীত বৃদ্ধি শিশু শ্ৰমিকৰ সংখ্যা

গুৱাহাটী, ১২ জুন : আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস (World anti child labour day 2022) । বিশ্বব্যাপী শিশুৰ অধিকাৰ ৰক্ষা কৰিবলৈ আৰু শিশু শ্ৰমিক নিৰ্মূল কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ১২ জুনত পালন কৰা হয় শিশু শ্ৰমিক বিৰোধী দিৱস । কিন্তু অতি পৰিতাপৰ কথা যে, শিশু শ্ৰমিক হ্ৰাসৰ বিপৰীতে গুৱাহাটী মহানগৰীত দিনে দিনে বৃদ্ধি পাইছে শিশু শ্ৰমিকৰ সংখ্যা ।

শিক্ষিত মানুহৰ বসতিস্থলী হিচাপে পৰিগণিত গুৱাহাটী মহানগৰীত দৈনিক বৃদ্ধি হৈছে শিশু শ্ৰমিকৰ সংখ্যা (Increases in child labours in Guwahati) । চাইল্ড লাইন গুৱাহাটীৰ তথ্যত পোহৰলৈ আহিছে এই তথ্য । চাইল্ড লাইন গুৱাহাটীৰ পৰা পোৱা তথ্য অনুসৰি, গুৱাহাটী মহানগৰীত ২০২০ ৰ এপ্ৰিলৰ পৰা ২০২১ ৰ ৩১ মাৰ্চলৈ ১১৬ টা শিশু শ্ৰমিক উদ্ধাৰ কৰিছে ।

অভিজাত মহানগৰীত বৃদ্ধি শিশু শ্ৰমিকৰ সংখ্যা

আনকি ১৪০ টা শিশু শ্ৰমিক ২০২১ এপ্ৰিলৰ পৰা ২০২২ ৰ মাৰ্চৰ ভিতৰত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে চাইল্ড লাইনে । লগতে চলিত বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা আজিলৈ মুঠ ৪৬ শিশু শ্ৰমিক উদ্ধাৰ কৰিছে চাইল্ড লাইন গুৱাহাটীয়ে ।

লগতে পঢ়ক : ৰাষ্ট্ৰীয় পাঞ্জা খেলত দুটাকৈ সোণৰ পদক আজুৰিলে অসমৰ কৃতিকাই

আনহাতে, শিশু শ্ৰমিকসকলক তিনিটা ভাগত ভাগ কৰিব পাৰি । সেই কেইটা হৈছে পদপথৰ পৰা উদ্ধাৰ হোৱা, ভিক্ষাবৃত্তিৰ লগত জড়িত আৰু কমাৰ্চিয়েল তথা ঘৰুৱা শিশু শ্ৰমিক । এই বিষয় সম্পৰ্কে চাইল্ড লাইন গুৱাহাটীৰ দলীয় সদস্য গুমুৰ ব্ৰহ্মই কয় যে, লকডাউনৰ পিছৰে পৰা মহানগৰীত শিশু শ্ৰমিকৰ সংখ্যা বৃদ্ধি পাইছে । ইয়াৰ ভিতৰত ১৪-১৬ বছৰৰ শিশুৱে অধিক ৷

আৰ্থিক সমস্যাত পৰি অধিকাংশ পৰিয়ালে নিজৰ শিশুটিক শ্ৰমিক হিচাবে দেখা যায় । বিশেষকৈ চাহ বাগিচা অঞ্চল আৰু বিহাৰৰ পৰা অনা দেখা যায় এই শিশু শ্ৰমিকসকলক । তদুপৰি একাংশ দুষ্ট চক্ৰই বিহাৰৰ পৰা ১৮ বছৰ বয়সৰ তলৰ শিশুসকলক লৈ বহিঃৰাজ্যত চুৰি বৃত্তিত লগোৱাও দেখা যায় ।

তথ্য অনুসৰি, প্ৰতি বছৰে জুলাইত বহু শিশু শ্ৰমিক উদ্ধাৰ কৰা হয় (Child Labour rescue) । কিয়নো গৰমৰ বন্ধৰ সুযোগ লৈ একাংশ চক্ৰই এই শিশুসকলক কামত লগায় । চাইল্ড লাইন গুৱাহাটীৰ দলীয় সদস্য গুমুৰ ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত এই তথ্য সদৰি কৰে ৷
লগতে পঢ়ক : গাভৰুৰ বুকুত এজাক কিশোৰৰ ধেমালি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.